বিধ্বস্ত ৱায়নাড পৰিদৰ্শন কৰি কি দেখিলে প্ৰধানমন্ত্ৰী মোদীয়ে ? | PM Narendra Modi Visits Landslide Hit Wayanad, read more in Assamese Assam news - Assam Tv9

PM Modi Visits Wayanad : বিধ্বস্ত ৱায়নাড পৰিদৰ্শন কৰি কি দেখিলে প্ৰধানমন্ত্ৰী মোদীয়ে ? ফটোৱে কথা কয় !

Published: 

10 Aug 2024 20:23 PM

আজি ১০ আগষ্ট তাৰিখে বিধ্বস্ত ৱায়নাড পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই পৰিদৰ্শন কালত তেওঁৰ লগত থাকে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন। বিমান আৰু খোজেৰে ৱায়নাড পৰিদৰ্শন কালত কি দেখিলে প্ৰধানমন্ত্ৰী মোদীয়ে । ফটো চাওক...

1 / 10বিমানৰ পৰাই বিপৰ্য্যস্ত ৱায়নাড পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

বিমানৰ পৰাই বিপৰ্য্যস্ত ৱায়নাড পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

2 / 10

খোজ কাঢ়িও ভূমিস্খলন সংঘটিত এলেকা পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

3 / 10

ৱায়নাড পৰিদৰ্শন কালত প্ৰধানমন্ত্ৰী মোদীৰ লগত আছিল কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন।

4 / 10

বিমানৰ পৰা কেৱল ভূমিস্খলনৰ ধ্বংসাৱশেষ দেখা পাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে । জিকিল থকা সেই ৰঙা মাটিতেই নিঃশেষ হৈ গৈছিল মুণ্ডাক্কি, চুৰালমালা, ভেল্লাৰীমালা আদি তিনিখন গাঁও ।

5 / 10

সকলো ফালে এতিয়া ৰঙা মাটি আৰু শিল । ইয়াতেই হেৰাই গ'ল হাজাৰ জনৰ সপোন ।

6 / 10

ভাৰতীয় সেনাই বিধ্বস্ত ৱায়ানাদত দ্ৰুত উদ্ধাৰ অভিযানৰ বাবে মাত্ৰ ৭১ ঘণ্টাত নিৰ্মাণ কৰিছিল ১৯০ ফুট উচ্চতাৰ বেইলী দলং। বিমানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে পৰিদৰ্শন কৰিলে সেই দলংখন ।

7 / 10

এন ডি আৰ এফ, এছ ডি আৰ এফ, ভাৰতীয় সেনা, বায়ুসেনা, নৌসেনা, অসামৰিক প্ৰতিৰক্ষাৰ ১২০০ৰো অধিক জোৱানে দিনে নিশাই এতিয়াও উদ্ধাৰ কাৰ্য চলাই আছে ।

8 / 10

পৰিদৰ্শন কালতেই সামগ্ৰিক পৰিস্থিতি বুজ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে ।

9 / 10

ক্ষতিগ্ৰস্ত লোকৰ সৈতে কথা পাতিলে প্ৰধানমন্ত্ৰী মোদীয়ে । আশ্বাস দিলে কাষত থকাৰ ।

10 / 10

ইয়াতে এখন গাঁও আছিল ! এই ভূমিস্খলনত কমেও ৩০০ৰো অধিক লোকৰ মৃত্যু হয়। শ শ লোক আহত। ২০০ৰো অধিক বাসিন্দা এতিয়াও সন্ধান নাই ।

ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
২৬ত সলনি হ’ব বিশ্ব! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণীক লৈ চাঞ্চল্য...
Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...