বিধ্বস্ত ৱায়নাড পৰিদৰ্শন কৰি কি দেখিলে প্ৰধানমন্ত্ৰী মোদীয়ে ? | PM Narendra Modi Visits Landslide Hit Wayanad, read more in Assamese Assam news - Assam Tv9

PM Modi Visits Wayanad : বিধ্বস্ত ৱায়নাড পৰিদৰ্শন কৰি কি দেখিলে প্ৰধানমন্ত্ৰী মোদীয়ে ? ফটোৱে কথা কয় !

Published: 

10 Aug 2024 | 08:23 PM

আজি ১০ আগষ্ট তাৰিখে বিধ্বস্ত ৱায়নাড পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই পৰিদৰ্শন কালত তেওঁৰ লগত থাকে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন। বিমান আৰু খোজেৰে ৱায়নাড পৰিদৰ্শন কালত কি দেখিলে প্ৰধানমন্ত্ৰী মোদীয়ে । ফটো চাওক...

1 / 10বিমানৰ পৰাই বিপৰ্য্যস্ত ৱায়নাড পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

বিমানৰ পৰাই বিপৰ্য্যস্ত ৱায়নাড পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

2 / 10

খোজ কাঢ়িও ভূমিস্খলন সংঘটিত এলেকা পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

3 / 10

ৱায়নাড পৰিদৰ্শন কালত প্ৰধানমন্ত্ৰী মোদীৰ লগত আছিল কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন।

4 / 10

বিমানৰ পৰা কেৱল ভূমিস্খলনৰ ধ্বংসাৱশেষ দেখা পাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে । জিকিল থকা সেই ৰঙা মাটিতেই নিঃশেষ হৈ গৈছিল মুণ্ডাক্কি, চুৰালমালা, ভেল্লাৰীমালা আদি তিনিখন গাঁও ।

5 / 10

সকলো ফালে এতিয়া ৰঙা মাটি আৰু শিল । ইয়াতেই হেৰাই গ'ল হাজাৰ জনৰ সপোন ।

6 / 10

ভাৰতীয় সেনাই বিধ্বস্ত ৱায়ানাদত দ্ৰুত উদ্ধাৰ অভিযানৰ বাবে মাত্ৰ ৭১ ঘণ্টাত নিৰ্মাণ কৰিছিল ১৯০ ফুট উচ্চতাৰ বেইলী দলং। বিমানৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে পৰিদৰ্শন কৰিলে সেই দলংখন ।

7 / 10

এন ডি আৰ এফ, এছ ডি আৰ এফ, ভাৰতীয় সেনা, বায়ুসেনা, নৌসেনা, অসামৰিক প্ৰতিৰক্ষাৰ ১২০০ৰো অধিক জোৱানে দিনে নিশাই এতিয়াও উদ্ধাৰ কাৰ্য চলাই আছে ।

8 / 10

পৰিদৰ্শন কালতেই সামগ্ৰিক পৰিস্থিতি বুজ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে ।

9 / 10

ক্ষতিগ্ৰস্ত লোকৰ সৈতে কথা পাতিলে প্ৰধানমন্ত্ৰী মোদীয়ে । আশ্বাস দিলে কাষত থকাৰ ।

10 / 10

ইয়াতে এখন গাঁও আছিল ! এই ভূমিস্খলনত কমেও ৩০০ৰো অধিক লোকৰ মৃত্যু হয়। শ শ লোক আহত। ২০০ৰো অধিক বাসিন্দা এতিয়াও সন্ধান নাই ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...