PM Modi Five-Nation Tour : আজিৰে পৰা ৫ দেশৰ ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে, উদ্দেশ্য কি? তালিকাত কোন কোন দেশ?

আজিৰে পৰা পাঁচ দেশৰ ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি বুধবাৰে প্ৰথমে ঘানালৈ ৰাওনা হ’ব। অহা ৬ আৰু ৭ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

PM Modi Five-Nation Tour : আজিৰে পৰা ৫ দেশৰ ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে, উদ্দেশ্য কি? তালিকাত কোন কোন দেশ?

প্ৰধানমন্ত্ৰী মোদী

Published: 

02 Jul 2025 09:33 AM

আজিৰে পৰা পাঁচ দেশৰ ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি বুধবাৰে প্ৰথমে ঘানালৈ ৰাওনা হ’ব। ইয়াৰ পিছত ক্ৰমে ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণ কৰিব। অহা ৬ আৰু ৭ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। যদিও প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সম্পূৰ্ণ সময়সূচী এতিয়াও ৰাজহুৱা কৰা হোৱা নাই, তথাপিও প্ৰকাশিত খবৰ অনুসৰি, মোদীয়ে দুটা উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি এই পাঁচখন দেশৰ ভ্ৰমণ কৰিব।

কোৱা হৈছে যে, প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ প্ৰধান উদ্দেশ্য হৈছে,সন্ত্ৰাসবাদৰ সন্দৰ্ভত আন দেশসমূহক এক ঐক্যবদ্ধ বাৰ্তা প্ৰদান কৰা। অন্যহাতে আৰ্জেণ্টিনা, ব্ৰাজিল বা নামিবিয়াৰ দৰে দেশৰ পৰা গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ যোগান নিশ্চিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব পাৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত কয়, “অহা কেইদিনমানৰ ভিতৰত ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল, নামিবিয়াত বিভিন্ন দ্বিপাক্ষিক, বহুপক্ষীয় আৰু অন্যান্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। বিশ্বৰ নেতাসকলৰ সৈতে মত বিনিময় কৰিবলৈ আৰু আমাৰ সম্পৰ্ক উন্নত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ আগ্ৰহী।”

পহলগামৰ ঘটনাৰ পাছত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিছিল। এইবাৰ নতুন দিল্লীয়ে ব্ৰিকছ সন্মিলনতো এই বিষয়টো উত্থাপন কৰিব বিচাৰিছে বুলি খবৰ প্ৰকাশ পাইছে ।

শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব (Economic Relations) দম্মু ৰবিয়ে কয় যে, ব্ৰাজিলৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনত সন্ত্ৰাসবাদৰ সৈতে মোকাবিলাৰ বাবে ভাৰতে গুৰুত্ব আৰোপ কৰি অহা সন্মিলিত পদক্ষেপৰ বিষয়টোক গুৰুত্ব দিয়া হ’ব বুলি নতুন দিল্লী আশাবাদী।

ইফালে, ধাৰণা কৰা হৈছে যে, নামিবিয়া, আৰ্জেণ্টিনা আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতিসকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে খনিজ পদাৰ্থৰ যোগান নিশ্চিত কৰাৰ কথা আলোচনা কৰিব পাৰে। ইয়াৰ উপৰিও প্ৰতিৰক্ষা গৱেষণাৰ ক্ষেত্ৰতো ভাৰতে ব্ৰাজিলৰ সৈতে থকা বুজাবুজি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিব পাৰে প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য যে, ৩০ বছৰৰ পাছত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিব। প্ৰায় তিনিটা দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে আফ্ৰিকা মহাদেশৰ এখন দেশ ঘানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। মন কৰিবলগীয়া যে, বৃহৎ পৰিমাণৰ সোণ আমদানিৰ বাবে ঘানাৰ ওপৰত নিৰ্ভৰশীল ভাৰত।

ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...
নেমুৰ ৰসে আঁতৰাব মুখৰ ক’লা দাগ! কিন্তু কেনেকৈ?
আঁতৰি থাকক এনে বন্ধুৰ পৰা! কৰিব পাৰে বিশ্বাসঘাটকতা...
মনত বেয়া চিন্তা আহিলে কি কৰিব? উপায় দিলে প্ৰেমানন্দ মহাৰাজে...