মহাৰাষ্ট্ৰৰ বাৰামতীত দুৰ্ঘটনাগ্ৰস্ত অজিত পাৱাৰৰ বিমান…৬ জন লোকৰ মৃত্যু

বাৰামাটিৰ এখন ৰাজহুৱা সভালৈ গৈ অৱস্থা বিমানখন দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে। বিমানখন বাৰামতীত অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

মহাৰাষ্ট্ৰৰ বাৰামতীত দুৰ্ঘটনাগ্ৰস্ত অজিত পাৱাৰৰ বিমান...৬ জন লোকৰ মৃত্যু
Updated On: 

28 Jan 2026 | 10:17 AM

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ মুৰব্বী অজিত পাৱাৰে যাত্ৰা কৰা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। বুধবাৰে পুৱা ৮:৪৫ বজাত মহাৰাষ্ট্ৰৰ বাৰামাটিত সংঘটিত হয় এই দুৰ্ঘটনা। বিমানখনত অজিত পাৱাৰো আছিল। তেওঁ বাৰামতীৰ এখন ৰাজহুৱা সভালৈ গৈ অৱস্থা বিমানখন দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে। বিমানখন বাৰামতীত অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাত অজিত পাৱাৰ গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। বিমানখন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈ পৰে। খবৰ অনুসৰি, এইখন আছিল অজিত পাৱাৰৰ ব্যক্তিগত বিমান। সূত্ৰৰ পৰা জানিব পৰা মতে, বিমানখনত থকা একাংশ যাত্ৰী আহত হৈছে। অৱশ্যে অজিত পাৱাৰৰ অৱস্থা সন্দৰ্ভত আনুষ্ঠানিক নিশ্চিতকৰণৰ বাবে এতিয়াও অপেক্ষা কৰি থকা হৈছে। প্ৰশাসন আৰু নিৰাপত্তা সংস্থাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।

বিমানখনত মুঠ ৬ জন লোক আছিল। বতৰৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। খবৰ অনুসৰি, দুৰ্ঘটনাটো আছিল ভয়ংকৰ। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ধোঁৱাই আগুৰি ধৰে অঞ্চলটো। আজি পুৱা বিশেষ বিমানেৰে মুম্বাইৰ পৰা বৰামাটি অভিমুখে গৈছিল অজিত পাৱাৰ। বৰামাটিত জিলা পৰিষদ নিৰ্বাচনৰ বাবে প্ৰচাৰ সভাৰ আয়োজন কৰা হৈছিল।

ইফালে, বিমানত থকা ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজহুৱা সভাত ভাষণ দিবলৈ বাৰামতীলৈ গৈ আছিল অজিত পাৱাৰ। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়তে বিমানখন বাৰামতীত অৱতৰণ কৰিছিল। সেই সময়তে সংঘটিত হয় দুৰ্ঘটনা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...