Union Budget Session: ৰাষ্ট্ৰপতিৰ ভাষণেৰে আজিৰ পৰা আৰম্ভ হ’ব বাজেট অধিৱেশন…বিৰোধীৰ দাবী নাকচ চৰকাৰৰ
আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হ’ব অধিৱেশন। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে কালি চৰকাৰে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি বিৰোধী পক্ষক সহযোগিতা কৰিবৰ বাবে আবেদন জনায় যদিও VB-G RAM G আইন আৰু SIR প্ৰক্ৰিয়া সন্দৰ্ভত নতুন আলোচনাৰ দাবী নাকচ কৰে চৰকাৰে।

আজি অৰ্থাৎ বুধবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন। এই অধিৱেশনত ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটো দাখিল কৰা হ’ব। আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হ’ব অধিৱেশন। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে কালি চৰকাৰে সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি বিৰোধী পক্ষক সহযোগিতা কৰিবৰ বাবে আবেদন জনায় যদিও VB-G RAM G আইন আৰু SIR প্ৰক্ৰিয়া সন্দৰ্ভত নতুন আলোচনাৰ দাবী নাকচ কৰে চৰকাৰে। চৰকাৰে কয় যে “আমি উলটিব নোৱাৰো।”
মঙলবাৰে সংসদৰ বাজেট অধিৱেশনৰ প্ৰাকক্ষণত ৩৯টা ৰাজনৈতিক দলৰ মন্ত্ৰীকে ধৰি ৫১ গৰাকী নেতাই সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সভাপতিত্ব কৰে সভাত। আজিৰ পৰা আৰম্ভ হ’ব বাজেট অধিৱেশন আৰু ৰাষ্ট্ৰপতি মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে সংসদত অৰ্থনৈতিক জৰীপ আৰু ১ ফেব্ৰুৱাৰী দেওবাৰে কেন্দ্ৰীয় বাজেট দাখিল কৰিব।
সৰ্বদলীয় বৈঠকত বিৰোধীয়ে অসন্তুষ্টি প্ৰকাশ কৰে
ইয়াৰ পূৰ্বে সৰ্বদলীয় বৈঠকৰ সময়ত কংগ্ৰেছৰ জয়ৰাম ৰমেশ আৰু চি পি আই (এম)ৰ জন ব্ৰিটাছকে ধৰি কেইবাজনো বিৰোধী সদস্যই অসন্তুষ্টি প্ৰকাশ কৰে। বৈঠকৰ সৈতে পৰিচিত সূত্ৰই জনোৱা মতে, বিৰোধী দলৰ সাংসদসকলে ভোটাৰ তালিকাৰ SIR, MGNREGA আঁচনিৰ ঠাই ল’ব পৰা নতুন নিয়োগ নিশ্চয়তাৰ ওপৰত VB-G RAM G আইন, ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰা গধুৰ শুল্ক, বৈদেশিক নীতিৰ বিষয়, বায়ু প্ৰদূষণক লৈ উদ্বেগ, অৰ্থনীতিৰ বৰ্তমানৰ অৱস্থা আদি বিষয়সমূহৰ ওপৰত আলোচনা কৰিব বিচাৰিছে। কিন্তু MGNREGA আৰু SIR ৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত বিতৰ্কৰ দাবী নাকচ কৰে চৰকাৰে।
আমি গিয়াৰ ৰিভাৰ্ছ কৰিব নোৱাৰো: ৰিজিজু
কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে ভিবি-জি ৰেম জিৰ ওপৰত বিৰোধীৰ দাবী নাকচ কৰি কয় যে, “এবাৰ দেশৰ সন্মুখত আইন দাখিল হ’লে আমি সেই আইন মানি চলিব লাগিব। আমি গিয়াৰ ৰিভাৰ্ছ কৰি অতীতলৈ উভতি যাব নোৱাৰো।” বিৰোধীৰ প্ৰতিবাদৰ মাজতো সংসদৰ শীতকালীন অধিৱেশনত এই আইনখন গৃহীত হয়। ৰিজিজুৱে কয় যে, সৰ্বদলীয় বৈঠকত বিৰোধী সাংসদসকলে অসংখ্য বিষয় উত্থাপন কৰিছিল, যিবোৰ ৰাষ্ট্ৰপতিৰ ভাষণ আৰু বাজেটৰ বিতৰ্কৰ সময়ত উত্থাপন হ’ব পাৰে।
ইফালে গুৰুত্বপূৰ্ণ বাজেট অধিৱেশনৰ পূৰ্বে শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ নেতাসকলে পৃথক পৃথক বৈঠক অনুষ্ঠিত কৰে। চৰকাৰে পুনৰ বিতৰ্ক আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতো কংগ্ৰেছৰ শীৰ্ষ নেতাসকলে অধিৱেশনৰ সময়ত এম জি এনৰেগা আৰু এছ আই আৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰাৰ সিদ্ধান্ত লয়। বিশ্বৰ উত্তেজনাৰ মাজতে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু বৈদেশিক নীতিৰ বিষয়সমূহৰ ওপৰত আলোচনাৰ দাবী জনাব বুলি দলটোৱে উল্লেখ কৰে।
দুটা ভাগত অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিৱেশন
বাজেট অধিৱেশনৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে উল্লেখ কৰে যে, বাজেট অধিৱেশন দুটা ভাগত অনুষ্ঠিত হ’ব। প্ৰথম খণ্ডত চৰকাৰে ৰাষ্ট্ৰপতিৰ ধন্যবাদ প্ৰস্তাৱৰ আলোচনা আৰু বাজেট সম্পৰ্কীয় বিতৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ১৩ ফেব্ৰুৱাৰীত অধিৱেশনৰ প্ৰথম অংশ সমাপ্ত হ’ব।তিনি সপ্তাহৰ বিৰতিৰ পিছত ৯ মাৰ্চত সংসদত পুনৰ বৈঠক হ’ব। ২৮ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিবেশন আৰম্ভ হ’ব আৰু চৰকাৰী কামৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি ২ এপ্ৰিলত সমাপ্ত হ’ব পাৰে।