সকলো চৰকাৰী আৱাসত গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী ৰং ব্যৱহাৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ…

গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী ৰং ব্যৱহাৰ কৰিব লাগে চৰকাৰী বাসভৱনত। দেওবাৰে অনুষ্ঠিত হোৱা এক বৈঠকত এই নিৰ্দেশনা প্ৰদান কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

সকলো চৰকাৰী আৱাসত গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী ৰং ব্যৱহাৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ...

যোগী আদিত্যনাথ

Published: 

05 May 2025 10:26 AM

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গৃহহীন গৰু সুৰক্ষা কেন্দ্ৰসমূহক স্বাৱলম্বী কৰি তোলাৰ বাবে উচিত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰিছে। দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰী অট্টালিকাত গৰুৰ গোবৰৰ দ্বাৰা তৈয়াৰী প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব লাগে। পশুপালন আৰু দুগ্ধ উন্নয়ন বিভাগৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক এই নিৰ্দেশনা প্ৰদান কৰে। চৰকাৰী ঘৰত গৰুৰ গোবৰৰ ৰং ব্যৱহাৰ কৰিব লাগে বুলি কোৱাৰ লগতে এই ৰং নিৰ্মাণ কৰা প্ৰতিষ্ঠানৰ সংখ্যাও বৃদ্ধি কৰিব লাগে বুলি কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, পশুপালন আৰু দুগ্ধ উন্নয়ন ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ শক্তিশালী ভিত্তি। এই খণ্ডটোৱে কেৱল গাখীৰ উৎপাদনৰ ক্ষেত্ৰতে নহয়, জীৱিকা, পুষ্টি সুৰক্ষা আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰতো অপৰিসীম সম্ভাৱনা প্ৰদান কৰে। তেওঁ লগতে কয় যে, প্ৰযুক্তি, বিনিয়োগ আৰু উদ্ভাৱনক প্ৰসাৰিত কৰি এই খণ্ডক আৰু অধিক শক্তিশালী কৰিব লাগিব।

এই বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰোৱা হয় যে, বৰ্তমান ৰাজ্যৰ ৭,৬৯৩টা গো আশ্ৰয় শিবিৰ আছে য’ত প্ৰায় ১১.৪৯ লাখ গৰু সুৰক্ষিত হৈ আছে। এই গৰুবোৰ চিচিটিভিৰ জৰিয়তে নিৰীক্ষণ কৰা হয় আৰু সময়ে সময়ে ইয়াক পৰিদৰ্শন কৰা হয়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে এই গো আশ্ৰয় শিবিৰসমূহত গৰুৰ যত্নৰ বাবে কৰ্মচাৰী নিয়োগ কৰিব লাগে, ইয়াৰোপৰি তেওঁলোকক দৰমহা সময়মতে দিয়া, ষ্ট্ৰ’ বেংক স্থাপন কৰা, পানী, সেউজীয়া পশুখাদ্য আৰু কুঁহিয়াৰৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিব লাগে বুলি নিৰ্দেশ দিয়ে।

পশু চিকিৎসকেও মাজে সময়ে আশ্ৰয় শিবিৰসমূহলৈ গৈ গৰুসমূহৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। পশুধন নথকা দৰিদ্ৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ গৃহহীন গৰু আশ্ৰয় আঁচনিৰ অধীনত গৰু যোগান ধৰিব লাগে বুলিও কয়। তেওঁ কয় যে, ইয়াৰ দ্বাৰা পৰিয়ালসমূহে গো সেৱাৰ সুবিধা লাভ কৰিব আৰু গাখীৰৰ উপলব্ধতাই পৰিয়ালত পুষ্টিৰ স্তৰ উন্নত কৰিব।

এই বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে সংমণ্ডল পৰ্যায়ত থলুৱা জাতৰ গৰুৰ প্ৰতিযোগিতা আয়োজন কৰিব লাগে আৰু ভাল গৰুৰ আশ্ৰয় স্থল চিহ্নিত কৰি সন্মানিত কৰিব লাগে। সমান্তৰালকৈ গৰু ভিত্তিক সামগ্ৰী প্ৰস্তুত কৰা সংস্থাসমূহৰ মাজতো বিশেষ প্ৰতিযোগিতা আয়োজন কৰিব লাগে। বৈঠকত উপস্থিত থকা বিষয়াসকলে মুখ্যমন্ত্ৰীক জনাই যে, ৪০,৯৬৮.২৯ হেক্টৰ চৰণীয়া ভূমিৰ পৰা বেদখল আঁতৰোৱা হৈছে, ইয়াৰে ১২,১৬৮.৭৮ হেক্টৰ মাটি সেউজ পশুখাদ্য উৎপাদনৰ বাবে উৎসৰ্গা কৰা হৈছে।

 

অন্য খবৰ পঢ়কঃ প্ৰতিটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে!ভাৰতে বগলীহাৰ বান্ধৰ পৰা বন্ধ কৰিলে চেনাব নদীৰ পানী

কেইখিলামান পদূনা পাত গ্ৰীষ্মকালত আপোনাৰ দেহৰ বাবে হ’ব সঞ্জীৱনি সদৃশ, এনে উপকাৰিতাৰ বিষয়ে জানেনে?
লিভাৰৰ সমস্যা হ'লে আপোনাৰ ছালত কেনেধৰণৰ লক্ষণে দেখা দিব ? জানক
মানি প্লাণ্টৰ বাবে পানী নে মাটি বেছি ভাল ? ক'ত ৰখা উচিত ?
শাৰীৰিক সম্পৰ্ক স্থাপনৰ সময়ত হ'ব পাৰে বিশেষ সংক্ৰমণ! জানক ইয়াৰ লক্ষণসমূহ...