অগ্নিগৰ্ভা বাংলাদেশ এৰি ভাৰতলৈ উভতিল ৩০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী

Bangladesh Quota Protests : শিক্ষা গ্ৰহণৰ উদ্দেশ্যে বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী এতিয়াও বাংলাদেশত আছে আৰু এই ছাত্ৰ-ছাত্ৰী সকলে এই সময়ছোৱাত নিৰাপত্তাহীনতাত ভুগিছে বুলি খবৰ প্ৰকাশ পাইছে । দেশখনৰ এই বিশৃংখল পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ যিকোনো প্ৰকাৰে দেশলৈ উভতি আহিবলৈ বাধ্য হৈছে ছাত্ৰ-ছাত্ৰী সকল । প্ৰকাশিত খবৰৰ অনুসৰি, যোৱা শুকুৰবাৰে ৩০০ৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ-পূব সীমান্ত পাৰ হৈ ভাৰতত উপস্থিত হৈছে ।

অগ্নিগৰ্ভা বাংলাদেশ এৰি ভাৰতলৈ উভতিল ৩০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী

বাংলাদেশৰ পৰা ভাৰতলৈ উভতি আহিছে ছাত্ৰ-ছাত্ৰী

Published: 

20 Jul 2024 15:00 PM

বাংলাদেশৰ সংৰক্ষণ বিৰোধী আন্দোলনে অতি হিংসাত্মক ৰূপ ধাৰণ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিত জাৰি কৰা হৈছে কাৰ্ফিউ, বন্ধ হৈ পৰিছে ইণ্টাৰনেট সেৱা । প্ৰকাশিত খবৰ অনুসৰি, এতিয়ালৈকে এই আন্দোলনত প্ৰায় ১০৫ জন লোকে প্ৰাণ হেৰুৱাইছে । এই আন্দোলনৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকৰ মাজত আতংকই বিৰাজ কৰিছে ।

উল্লেখ্য যে, শিক্ষা গ্ৰহণৰ উদ্দেশ্যে বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী এতিয়াও বাংলাদেশত আছে আৰু এই ছাত্ৰ-ছাত্ৰী সকলে এই সময়ছোৱাত নিৰাপত্তাহীনতাত ভুগিছে বুলি খবৰ প্ৰকাশ পাইছে । দেশখনৰ এই বিশৃংখল পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ যিকোনো প্ৰকাৰে দেশলৈ উভতি আহিবলৈ বাধ্য হৈছে ছাত্ৰ-ছাত্ৰী সকল । প্ৰকাশিত খবৰৰ অনুসৰি, যোৱা শুকুৰবাৰে ৩০০ৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ-পূব সীমান্ত পাৰ হৈ ভাৰতত উপস্থিত হৈছে ।

বাংলাদেশত অব্যাহত থকা সংৰক্ষণ বিৰোধী আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ মানুহে যোগদান কৰিছে । ইফালে এই আন্দোলনৰ সময়ত সৃষ্টি হোৱা বিশৃংখলতা ৰোধ কৰিবলৈ বাংলাদেশ চৰকাৰে সেনাবাহিনী মোতায়েন কৰিবলৈ বাধ্য হৈছে । সমান্তৰালভাৱে নিৰাপত্তাৰক্ষীৰ লগত প্ৰতিবাদকাৰীৰ সংঘৰ্ষত নিহত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ।

প্ৰকাশিত খবৰ অনুসৰি, সংৰক্ষণ ব্যৱস্থা বিৰোধ কৰি ঢাকা বিশ্ববিদ্যালয়ত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল । ইয়াৰ পাছতে আৰক্ষীৰ গুলীত ৬ জন লোক নিহত হয় । এই ঘটনা কেন্দ্ৰ কৰি চৰকাৰে দেশখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। শুকুৰবাৰে হাছিনাৰ চৰকাৰে সমগ্ৰ দেশতে সান্ধ্য আইন জাৰি কৰে আৰু বন্ধ কৰে ইণ্টাৰনেট সেৱা । ইয়াৰ সমান্তৰালভাৱে মোতায়েন কৰা হৈছে সেনা বাহিনী ।

উল্লেখ্য যে, শিক্ষাগ্ৰহণৰ বাবে বাংলাদেশলৈ যোৱা ভাৰতৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা বিজ্ঞানৰ বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, বাংলাদেশৰ পৰা ত্ৰিপুৰাৰ সীমান্ত আৰু মেঘালয়ৰ সীমান্তৰে ভাৰতলৈ উভতি আহিছে ছাত্ৰ-ছাত্ৰীসকল। বাংলাদেশত চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণৰ বাবে যোৱা এই ছাত্ৰ-ছাত্ৰী সকল মূলতঃ উত্তৰ প্ৰদেশ, হাৰিয়ানা, মেঘালয়, জম্মু-কাশ্মীৰৰ ।

 

দৈনিক কেইকাপ চাহ খায় আপুনি? এই পৰিমাণতকৈ অধিক খালে হ’ব পাৰে এনে চিন্তনীয় সমস্যা…
আওকাণ নকৰিব, ইউৰিক এচিডৰ বৃদ্ধিৰ লক্ষণসমূহ জানক...
খাদ্য খোৱাৰ পিছত কিয় আমাৰ টোপনি আহে! জানেনে ইয়াৰ আঁৰৰ কাৰণ?
কপাল ফুলিব আপোনাৰ, যদি সপোনত দেখে এইকেইটা বস্তু !