লোকসেৱা আয়োগৰ প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ বিপক্ষে সৰৱ বিৰোধীঃ অসাংবিধানিক আখ্যা

ইউ পি এছ চিৰ লেটাৰেল এণ্ট্ৰি নিযুক্তি প্ৰক্ৰিয়াৰ বিপক্ষে তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰিছে বিৰোধীয়ে। দেশৰ বিৰোধী নেতাসকলে এই নিযুক্তি প্ৰক্ৰিয়াক অসাংবিধানিক আখ্যা দি ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ সংবিধান উলংঘা কৰাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

লোকসেৱা আয়োগৰ প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ বিপক্ষে সৰৱ বিৰোধীঃ অসাংবিধানিক আখ্যা

UPSCৰ লিটাৰেল এণ্ট্ৰিৰ বিৰুদ্ধে সৰৱ বিৰোধী

Published: 

19 Aug 2024 08:51 AM

কেন্দ্ৰীয় লোকসেৱা আয়োগে শেহতীয়াকৈ বিভিন্ন মন্ত্ৰালয়ৰ যুটীয়া সচিব, উপ-সচিব আৰু সঞ্চালকৰ পদত প্ৰত্যক্ষ নিযুক্তি সন্দৰ্ভত এক বিজ্ঞাপন জাৰি কৰিছে। এই পদসমূহত ‘লেটাৰেল এণ্ট্ৰি’ৰ জৰিয়তে প্ৰত্যক্ষ নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰিছে আয়োগে। এই প্ৰক্ৰিয়াৰ অধীনত কেৱল সাক্ষাৎকাৰৰ ভিত্তিত পদসমূহৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। লোকসেৱা আয়োগে এই বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতে আয়োগৰ এই পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দেশৰ বিৰোধী দলসমূহ। এই ‘লেটাৰেল এণ্ট্ৰি’ প্ৰক্ৰিয়াক অসাংবিধানিক আখ্যা দি বিৰোধীয়ে এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰিছে।

লক্ষণীয়ভাৱে দেশৰ আটাইতকৈ কঠিন পৰীক্ষা হিচাপে গণ্য কৰা UPSC পৰীক্ষা সাধাৰণতে তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। প্ৰিলিমছ পৰীক্ষা, মেইনছ আৰু ইণ্টাৰভিউ- এই তিনিটা পৰ্যায়ৰ পৰীক্ষাৰ অন্তত যোগ্য প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰা হয়। কিন্তু এই ‘লেটাৰেল এণ্ট্ৰি’ প্ৰক্ৰিয়াৰ দ্বাৰা কেৱল ইণ্টাৰভিউৰ জৰিয়তেই প্ৰাৰ্থীসকলক প্ৰত্যক্ষভাৱে নিযুক্তি প্ৰদান কৰা হ’ব।

বিগত ২০১৮ চনত ইউ পি এছ চিত কেন্দ্ৰীয় চৰকাৰে এই লিটাৰেল এণ্ট্ৰি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ইয়াৰ জৰিয়তে চৰকাৰে ব্যক্তিগত খণ্ডৰ উচ্চ পদবীত থকা অভিজ্ঞ বিষয়াসকলকো বিভিন্ন চৰকাৰী বিভাগৰ যুটীয়া সচিব, সঞ্চালক, উপ-সচিব আদি উচ্চ-পদত নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। এইবাৰ ইউ পি এছ চিয়ে এই লিটাৰেল এণ্ট্ৰিৰ জৰিয়তে ৪৫ টা পদত নিযুক্তিৰ বাবে সাজু হৈছে।

ইউ পি এছ চিৰ এই নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত বিৰোধীয়ে তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে বিজেপিয়ে ইউ পি এছ চিৰ উচ্চ চৰকাৰী পদত নিজৰ মতাদৰ্শৰ লোকক অন্যায়ভাৱে নিযুক্তি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে।

উত্তৰ প্ৰদেশৰে প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীয়ে এই প্ৰত্যক্ষ নিযুক্তিৰ বাবে নিম্নবৰ্গৰ পদত কৰ্মৰত কৰ্মচাৰীসকল পদোন্নতিৰ পৰা বঞ্চিত হ’ব বুলি অভিযোগ কৰিছে। তেওঁ লগতে এই চৰকাৰী নিযুক্তিসমূহত যদি অনুসূচিত জাতি, অনুসূচিত জাতি আৰু অবিচিৰ লোকসকলক সংৰক্ষণ ব্যৱস্থা অনুসৰি নিযুক্তি দিয়া নহয়, তেন্তে সেয়া সংবিধান উলংঘন হ’ব বুলি দাবী কৰে।

ইফালে বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে কেন্দ্ৰীয় চৰকাৰে বাবা চাহেব আম্বেদকাৰৰ সংবিধান আৰু সংবিধানৰ সংৰক্ষণ ব্যৱস্থা উলংঘা কৰিছে বুলি দাবী কৰিছে। তেজস্বী যাদৱে ইউ পি এছ চিৰ লিটাৰেল এণ্ট্ৰিৰ জৰিয়তে কৰা প্ৰত্যক্ষ নিযুক্তিত সংৰক্ষণৰ কোনো ব্যৱস্থা নাই বুলি আঙুলিয়াই দিয়ে।

লোকসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়েও এই বিষয়ত বিজেপি তথা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। এই লিটাৰেল এণ্ট্ৰিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তি দি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ সংৰক্ষণ মুকলিকৈ কাঢ়ি নিয়া বুলি অভিযোগ কৰিছে ৰাহুল গান্ধীয়ে। চিপিআই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীয়েও কেন্দ্ৰৰ বিপক্ষে অনুৰূপ অভিযোগ উত্থাপন কৰিছে।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...