ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে দেশৰ সেনা প্ৰধানসকলে…

আজি সেনাৰ মুৰব্বীসকলে ‘অপাৰেচন সেন্দূৰ’ৰ সকলো তথ্য ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে । ৰাষ্ট্ৰপতিক সাক্ষাতৰ সময়ত উপস্থিত আছিল প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান । তেওঁৰ লগতে উপস্থিত আছিল সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, এয়াৰ চিফ মাৰ্শ্বাল এ পি সিং আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী।

ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে দেশৰ সেনা প্ৰধানসকলে...

ৰাষ্ট্ৰপতিক সাক্ষাত দেশ সেনা প্ৰধানৰ

Published: 

14 May 2025 | 05:31 PM

বুধবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে দেশৰ সেনা বাহিনীৰ তিনিওটা সেৱাৰ মুৰব্বীসকলে । এই সাক্ষাৎ কালত সেনাৰ মুৰব্বীসকলে ‘অপাৰেচন সেন্দূৰ’ৰ সকলো তথ্য ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে । এই সাক্ষাতৰ সময়ত উপস্থিত আছিল প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান । তেওঁৰ লগতে উপস্থিত আছিল সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, এয়াৰ চিফ মাৰ্শ্বাল এ পি সিং আৰু নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী।

তেওঁলোকে ৰাষ্ট্ৰপতিৰ বাসগৃহত দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি “অপাৰেচন সেন্দূৰ” সম্পৰ্কে বিতং তথ্য দিয়ে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও তিনিওটা সেৱাক বীৰত্বৰ বাবে প্ৰশংসা কৰে। লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে চলোৱা শক্তিশালী অপাৰেচনক প্ৰশংসা কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

দেশৰ তিনিটা সশস্ত্ৰ বাহিনীৰ যৌথ অভিযান হিচাপে অপাৰেচন সেন্দূৰ চলোৱা হৈছিল। এই অভিযানৰ অধীনত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতে পাকিস্তানৰ দখলত থকা কাশ্মীৰ আৰু পাকিস্তানত প্ৰৱেশ কৰি ৯ টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। ইয়াৰ উপৰিও এই অভিযানৰ টাৰ্গেটত আছিল জয়ছ-ই-মহম্মদৰ ঘাটি আৰু লস্কৰ-ই-তৈবাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ।

ভাৰতৰ সফল অভিযানৰ পাছত পাকিস্তানে ভাৰতৰ সীমান্তত কেনেদৰে আক্ৰমণ চলাইছিল আৰু সেনাই কেনেদৰে প্ৰতিশোধ ল’লে সেই বিষয়েও তিনিওজন সেৱা প্ৰধানে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। ইফালে, তিনিওজন সেৱা প্ৰধানে প্ৰতিদিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি “অপাৰেচন সেন্দূৰ”ৰ আপডেট প্ৰদান কৰি আহিছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব