সলনি হৈ পৰিব ইতিহাস-ভূগোল! ছাৰ ক্ৰিকৰ পৰা পাকিস্তানক কঠোৰ সকীয়নি ৰাজনাথ সিঙৰ

ৰাজনাথ সিঙে দাবী কৰা মতে অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তানী সেনাই লেহৰ পৰা ছাৰ ক্ৰিকলৈকে আক্ৰমণৰ চেষ্টা কৰিছিল। কিন্তু ভাৰতীয় সেনাই পাকিস্তানৰ এই চেষ্টা বিফল কৰা বুলি তেওঁ লগতে কয়।

সলনি হৈ পৰিব ইতিহাস-ভূগোল! ছাৰ ক্ৰিকৰ পৰা পাকিস্তানক কঠোৰ সকীয়নি ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Published: 

04 Oct 2025 | 11:35 AM

অপাৰেচন সেন্দূৰৰ জৰিয়তে চুবুৰীয়া পাকিস্তানক উচিত শিক্ষা প্ৰদান কৰিছিল ভাৰতে। ইয়াৰ পিছতো পাকিস্তানক ভাৰতে কঠোৰ ভাষাৰে সকীয়নি প্ৰদান কৰি আহিছে। এইবাৰ বিজয়া দশমীৰ দিনটোতে পাকিস্তানক সকীয়ালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। আনকি পাকিস্তানৰ ইতিহাস আৰু ভূগোল সলনি কৰাৰো সতৰ্কবাণী নিক্ষেপ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। বিজয়া দশমীৰ দিনা ভূজ সামৰিক ঘাটিত উপস্থিত হয় ৰাজনাথ সিং। এই ভ্ৰমণত তেওঁ সেনাৰ অস্ত্ৰ-শস্ত্ৰত পূজা কৰা দেখা যায়।

অপাৰেচন সেন্দূৰৰ সময়ত ব্যৱহাৰ কৰা এল-৭০ এয়াৰ ডিফেন্স গানটোৰো পূজা কৰে প্ৰতিৰক্ষা মন্ত্ৰী সিঙে। ইয়াৰ পিছত তেওঁ ৰান অৱ কচৰ ছাৰ ক্ৰিক লাইন পৰিদৰ্শন কৰে। পাকিস্তানৰ ভাবুকিৰ বিৰুদ্ধে সাহস আৰু বীৰত্বৰে যুঁজ দিয়াৰ বাবে সৈন্যসকলক উচ্চ প্ৰশংসা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

ৰাজনাথ সিঙে কয়, “স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো ছাৰ ক্ৰিক অঞ্চলত সীমান্ত সমস্যাক তীব্ৰতৰ কৰি তোলাৰ চেষ্টা চলি আছে। ভাৰত কেইবাবাৰো আলোচনাৰ জৰিয়তে এই সমস্যা সমাধানৰ চেষ্টা কৰিছে যদিও পাকিস্তানৰ উদ্দেশ্য স্পষ্ট নহয়।” ছাৰ ক্ৰিক অঞ্চলত পাকিস্তানে যিদৰে সামৰিক আন্তঃগাঁথনি বৃদ্ধি কৰিছে সেয়া সম্পূৰ্ণৰূপে উদ্দেশ্যপ্ৰণোদিত বুলিও ৰাজনাথ সিঙে দোহাৰে।

তেওঁ লগতে কয়, “ভাৰতীয় সেনা আৰু বি এছ এফে আমাৰ সীমান্ত সদায় সুৰক্ষিত কৰি আছে। যদি পাকিস্তানে ছাৰ ক্ৰিক অঞ্চলত কোনো দুঃসাহস দেখুৱায়, তেতিয়া এনে সঁহাৰি দিয়া হ’ব যে পাকিস্তানৰ ইতিহাস আৰু ভূগোল সলনি হৈ পৰিব।” ভাৰতীয় সেনাই ১৯৬৫ চনৰ যুদ্ধত লাহোৰ পৰ্যন্ত আগবঢ়াৰ ক্ষমতা দেখুৱাইছিল বুলি তেওঁ আঙুলিয়াই দিয়ে।

এতিয়া ২০২৫ চনত কৰাচীলৈ যোৱা এটা পথ যে ছাৰ ক্ৰিকৰ মাজেৰে আছে সেয়া পাকিস্তানে মনত ৰখা উচিত বুলি স্পষ্ট সকীয়নি দিয়ে ৰাজনাথ সিঙে। উল্লেখ্য যে গুজৰাটৰ কুচ্চ আৰু পাকিস্তানৰ সিন্ধ প্ৰদেশৰ মাজত অৱস্থিত ৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথ ছাৰ ক্ৰিক।

ৰাজনাথ সিঙে দাবী কৰা মতে অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তানী সেনাই লেহৰ পৰা ছাৰ ক্ৰিকলৈকে আক্ৰমণৰ চেষ্টা কৰিছিল। কিন্তু ভাৰতীয় সেনাই পাকিস্তানৰ এই চেষ্টা বিফল কৰা বুলি তেওঁ লগতে কয়। ভাৰতীয় সেনাই পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়া বুলিও সিঙে লগতে কয়।

এতিয়া ভাৰতীয় সেনাই ইচ্ছা কৰিলেই যে পাকিস্তানক অপৰিসীম ক্ষতি কৰিব পাৰে, সেই বিষয়ে সমগ্ৰ বিশ্বলৈ বাৰ্তা প্ৰেৰণ কৰি দিছে বুলিও হুংকাৰ দিয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...