ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ এতিয়াৰ পৰা মহিলা কৰ্মচাৰীয়ে ঋতুস্ৰাৱৰ সময়ত লাভ কৰিব ছুটী

দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোৱে উৰিষ্যা চৰকাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনত চৰকাৰী আৰু ব্যক্তিগত খণ্ড উভয়তে কাম কৰা সকলো মহিলা কৰ্মচাৰীৰ বাবে এদিনীয়া ঋতুস্ৰাৱৰ ছুটী কথা ঘোষণা কৰিছে উৰিষ্যা চৰকাৰে। শীঘ্ৰেই এই নীতি প্ৰণয়ন কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ এতিয়াৰ পৰা মহিলা কৰ্মচাৰীয়ে ঋতুস্ৰাৱৰ সময়ত লাভ কৰিব ছুটী

প্ৰতিনিধিত্বমূলক ছবি

Published: 

15 Aug 2024 18:20 PM

আজি দেশে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস। দেশৰ স্বাধীনতা দিৱস উপলক্ষে উৰিষ্যা চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যখনত চৰকাৰী আৰু ব্যক্তিগত খণ্ড উভয়তে কাম কৰা সকলো মহিলা কৰ্মচাৰীৰ বাবে এদিনীয়া ঋতুস্ৰাৱৰ ছুটী কথা ঘোষণা কৰিছে উৰিষ্যা চৰকাৰে। উৰিষ্যাৰ উপ-মুখ্যমন্ত্ৰী প্ৰভাতি পৰিদাই স্বাধীনতা দিৱস উদযাপনৰ সময়তে ৰাজ্য চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। এই নতুন নীতিৰ অধীনত প্ৰতিগৰাকী মহিলা কৰ্মচাৰীয়ে ঋতুস্ৰাৱৰ প্ৰথম বা দ্বিতীয় দিনা এদিনৰ ছুটী ল’ব পাৰিব।

মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত সন্মুখীন হোৱা শাৰীৰিক আৰু মানসিক প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰিছে উৰিষ্যা চৰকাৰে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি উপ-মুখ্যমন্ত্ৰী পৰিদাই কয় যে আজি স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়ত মহিলাসকলৰ বাবে এনে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই পদক্ষেপে কৰ্মক্ষেত্ৰত মহিলাসকলৰ সহানুভূতি আৰু সমৰ্থন নিশ্চিত কৰিব বুলি তেওঁ লগতে কয়। মহিলাৰ স্বাস্থ্য আৰু সুস্থতাক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত এই ঋতুস্ৰাৱ ছুটীৰ নীতি এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে তেওঁ অভিহিত কৰে। এই নীতি তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হ’ব আৰু ভাৰতত এই নীতিক এক অগ্ৰণী প্ৰচেষ্টা হিচাপে গণ্য কৰা হ’ব বুলি উপ-মুখ্যমন্ত্ৰী পৰিদাই লগতে মন্তব্য কৰে।

উপ-মুখ্যমন্ত্ৰী প্ৰভাতি পৰিদাই লগতে এই নীতিয়ে উৰিষ্যাক ঋতুস্ৰাৱৰ সমতাৰ ক্ষেত্ৰত অগ্ৰণী স্থানত প্ৰতিষ্ঠা কৰিব বুলি মন্তব্য কৰে। উৰিষ্যা চৰকাৰৰ এই সিদ্ধান্তক নাৰী অধিকাৰ কৰ্মী তথা সমৰ্থক আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ দ্বাৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছে।

নাৰী অধিকাৰ কৰ্মী অনুৰাধা বিশ্বালে উৰিষ্যা চৰকাৰে এই ঐতিহাসিক ঘোষণা কৰাৰ পিছতে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে আৰু এই পদক্ষেপে লিংগ সংবেদনশীল কৰ্মক্ষেত্ৰৰ নীতিৰ গুৰুত্বক উজ্জ্বল কৰি তুলিছে বুলি মন্তব্য কৰে। এই পদক্ষেপে কঠিন সময়ত মহিলাসকলক প্ৰয়োজনীয় সহায় আৰু সন্মান প্ৰদান কৰিব বুলি তেওঁ লগতে কয়।

ভ্ৰমণৰ ফলত কি কি লাভ হয়? জানি আচৰিত হ'ব আপুনি
এই লক্ষণবোৰে দেখা দিলে সাৱধান হওক, হঠাতে বন্ধ হৈ যাব পাৰে হৃদযন্ত্ৰ...
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি কি খাব লাগে? ডায়েটিচিয়ানে ক'লে...
দুপৰীয়া খাদ্য খোৱাৰ পিছত টোপনি যায় নেকি? ভাল নে বেয়া জানক...