চুৰি ধনেৰে উদযাপন পাৰে বিলাসী জীৱন ! ২৬ বাৰকৈ গ্ৰেপ্তাৰ হোৱাৰ পাছতো সলনি নহ’ল এইটো চোৰৰ চৰিত্ৰ

সহজতে ধন উপাৰ্জন কৰিবলৈ ২৬ বাৰকৈ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে এজন লোক। লোকজনৰ অপৰাধ বেলেগ নহয়, কেৱল মাত্ৰ চুৰি। চুৰি কৰাৰ অপৰাধৰ বাবে ২৬ বাৰকৈ এই লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

চুৰি ধনেৰে উদযাপন পাৰে বিলাসী জীৱন ! ২৬ বাৰকৈ গ্ৰেপ্তাৰ হোৱাৰ পাছতো সলনি নহল এইটো চোৰৰ চৰিত্ৰ

প্ৰতীকী ফটো

Updated On: 

27 Jun 2025 23:03 PM

বিলাসী জীৱন-যাপন কৰিবলৈ সকলোৱে বিচাৰে। এনে এটা জীৱনৰ বাবেই বহুতে কঠোৰ পৰিশ্ৰম কৰে। বহুতে বিলাসিতা বাবে বহু সময়ত ভুল সিদ্ধান্তও লয়। যেনেকৈ একাংশ লোকে নিজৰ আকাংক্ষিত জীৱন যাপনৰ আশাত ঋণত ডুব যায়, কিছুমানে ভুল পথ বাছি লৈ নিজৰ জীৱনটোক ধ্বংস কৰে।

সহজতে ধন উপাৰ্জন কৰিবলৈ ২৬ বাৰকৈ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে এজন লোক। লোকজনৰ অপৰাধ বেলেগ নহয়, কেৱল মাত্ৰ চুৰি। চুৰি কৰাৰ অপৰাধৰ বাবে ২৬ বাৰকৈ এই লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ মতে, অভিযুক্তই সৰুৰে পৰা চুৰি কৰি আহিছে। এটা সময়ত গেলামালৰ দোকানৰ পৰা চুৰি কৰিছিল আৰু ধৰা পৰাৰ ভয়ত ঘৰৰ পৰা পলাই গৈছিল।

চন্দ্ৰযান গুটা সংমণ্ডলৰ এ চি পি এ সুধাকাৰে দিয়া তথ্য অনুসৰি, ফতেহদাৰৱাজা অঞ্চলৰ মহম্মদ চেলিম ওৰফে সুনীল শ্বেট্টীয়ে সৰুৰে পৰা চুৰি কৰি আহিছে। সৰুৰে পৰা গেলামালৰ দোকানত কাম কৰি আহিছে। প্ৰেমিকাৰ লগত ঘূৰি ফুৰাৰ ইচ্ছা পূৰণৰ বাবে একেখন দোকানৰ পৰাই চুৰি কৰিছিল। মাক-দেউতাকে এই কথা গম পোৱাত সি ঘৰৰ পৰা পলাই গৈছিল। তেতিয়াৰ পৰাই তেওঁ মহানগৰীৰ বহু ঠাইত চুৰি কৰি, উপাৰ্জন কৰা ধনেৰে বিলাসী জীৱন উদযাপন কৰিছিল।

কিন্তু ১৮ বছৰ বয়সত প্ৰথমবাৰৰ বাবে পিতলৰ বাচন চুৰি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা চেলিমে জেলৰ পৰা ওলাই আহি পুনৰ চুৰি কৰিবলৈ আৰম্ভ কৰে। এই পৰ্যন্ত তেওঁ হায়দৰাবাদৰ বিভিন্ন ঠাইত ১৫০টাতকৈও অধিক চুৰি কাণ্ড সংঘটিত কৰিছে। ইয়াৰে ২৫ বাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চুৰিৰ পৰা উপাৰ্জন কৰা ধনেৰে তেওঁ হেলিকপ্টাৰেৰে মুম্বাই, আজমেৰৰ দৰে পৰ্যটনস্থলীলৈ গৈ সেই ধন খৰচ কৰিছিল।

বান্দলাগুডা থানাৰ সীমাৰ অন্তৰ্গত দুটা ঘৰৰ পৰা চুৰি কৰাৰ অভিযোগত যোৱা ১১ এপ্ৰিলত গ্ৰেপ্তাৰ কৰি মে’ মাহত জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল চেলিমক। কিন্তু লক্ষ্য সলনি নকৰাত শেহতীয়াকৈ ২৬ বাৰৰ বাবে পুনৰ তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে তেওঁৰ পৰা নগদ ৭০ হাজাৰ টকা আৰু ৩৫ গ্ৰাম সোণ জব্দ কৰে।

খাদ্য খোৱাৰ সময়ত পানী খালে শৰীৰত কি প্ৰভাৱ পৰে? উপকাৰিতা আৰু অপকাৰিতা জানক...
পুৰুষৰ স্তন বৃদ্ধিৰ আঁৰত থাকিব পাৰে বিপদ! বিশেষজ্ঞ চিকিৎসকে দিছে চিন্তাৰ সম্ভেদ
২০২৫ চনত বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশৰ তালিকাৰ শীৰ্ষ দহত কোন কোন? কিমানসংখ্যক স্থানত আছে ভাৰত?
ধূমপান ত্যাগ কৰাৰ সৰ্বোত্তম উপায়, হঠাতে এই অভ্যাস ত্যাগ কৰিলে পৰিব পাৰে বিপদত