উত্তৰ-পূবত বান-ভূমিস্খলনত ৪৪ জন লোকৰ মৃত্যু, সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে অসম

শুকুৰবাৰৰ পৰা সমগ্ৰ উত্তৰ-পূবত বান আৰু ভূমিস্খলনত ৪৪ জন লোকে প্ৰাণ হেৰুৱাইছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে অসম। ইফালে অসম, অৰুণাচল, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাত অধিক বৰষুণৰ সকীয়নি আইএমডিৰ।

উত্তৰ-পূবত বান-ভূমিস্খলনত ৪৪ জন লোকৰ মৃত্যু, সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে অসম

উদ্ধাৰ অভিযানত নিয়োজিত সেনা

Updated On: 

04 Jun 2025 11:46 AM

উত্তৰ-পূবৰ বান আৰু ভূমিস্খলনৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ থকাৰ সময়তে বিগত ২৪ ঘন্টাত আৰু ৮ জন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে। দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি শুকুৰবাৰৰ পৰা এতিয়ালৈকে উত্তৰ-পূবত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৪জনলৈ বৃদ্ধি পাইছে। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অসমত ২১খন জিলাত ৬.৩৩ লাখৰো অধিক লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে।  কালিৰ দিনটোত এই সংখ্যা আছিল ৫.১৫ লাখ।

তথ্য অনুসৰি, চলিত বৰ্ষৰ অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে। অসমৰ হাইলাকান্দি, শ্ৰীভূমি, মৰিগাঁও, কাছাৰ, শোণিতপুৰ, আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মণিপুৰত বানপানীৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ আঞ্জাৱ জিলাত দেৱাল ভাঙি এজন শ্ৰমিকে প্ৰাণ হেৰুৱাইছে। কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি যোৰহাটৰ নিয়ামতীঘাট আৰু তেজপুৰত বিপদ সীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰ নদীয়ে। মঙলবাৰে পুৱা বিপদ সীমাৰ ওপৰলৈ উঠিছিল বুঢ়িদিহিং আৰু কপিলী নৈৰ পানী।

অসমত শ্ৰীভূমি জিলাত ২.৩১ লাখ লোক, নগাঁও ১ লাখ, আৰু কাছাৰত ৮৯ হাজাৰ লোক বানত প্ৰভাৱিত হৈ থকাৰ তথ্য প্ৰকাশ কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা (ASDMA) কৰ্তৃপক্ষই। ১৫০০ৰো অধিক গাঁও বানপানীত বুৰ গৈছে আৰু ১৪ হাজাৰ হেক্টৰতকৈও অধিক শস্যৰ ভূমি এতিয়া পানীৰ তলত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি প্ৰায় ৪০ হাজাৰ লোকে সাহায্য শিবিৰত আশ্ৰয় লৈছে। বৰাক উপত্যকাত বৰাক নদী আৰু ইয়াৰ উপনৈ ৰুকনি, ধলেশ্বৰী, কুচিয়াৰাৰ জলপৃষ্ঠ বিপদজনকভাৱে বৃদ্ধি পাইছে। মঙলবাৰে মুখ্যমন্ত্ৰী শৰ্মাই বানপীড়িত কাছাৰ জিলা পৰিদৰ্শন কৰি সংকুচিত হোৱা জলাশয়ক লৈ উদ্বেগ প্ৰকাশ কৰে। যিবোৰে বানৰ প্ৰভাৱ অধিক ভয়াৱহ কৰি তুলিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে মণিপুৰত ২৪ ঘণ্টাত বানপীড়িতৰ সংখ্যা দুগুণ বৃদ্ধি হৈ মঙলবাৰে সন্ধিয়ালৈকে প্ৰায় ৫৬ হাজাৰৰ পৰা ১.০৮ লাখৰো অধিক হৈছে। ৯টা স্থানত হৈছে ভূমিস্খলন। উল্লেখ্য যে বিগত দিনত প্ৰায় ১০০০ লোকে ঘৰ খালী কৰিবলগীয়া হৈছিল। অৰুণাচল প্ৰদেশত মঙলবাৰে দেৱাল ভাঙি এজন শ্ৰমিক নিহত হোৱাত পাছত মৃত্যুৰ সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে বুলি দ্য হিন্দুৰ বাতৰি প্ৰকাশ পাইছে। ২৩ খন জিলাৰ ১৫৬ খন গাঁৱত এতিয়া মুঠ ৯৩৮ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

মঙলবাৰে ছিকিম চৰকাৰে বানপানী আৰু ভূমিস্খলনৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে, “উত্তৰ ছিকিমত চলি থকা দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাই এনডিআৰএফৰ দল নিয়োগ কৰি পাকয়ং গ্ৰীণফিল্ড বিমানবন্দৰত দুখন ভি-৫ হেলিকপ্টাৰ অৱতৰণ কৰে। এনডিআৰএফ ইউনিটসমূহত চেটেলাইট ফোন আৰু অত্যাৱশ্যকীয় জৰুৰীকালীন সঁজুলিৰে সজ্জিত।”

ইয়াৰ মাজতে  বুধবাৰৰ দিনটোত অসমৰ কিছু অংশত প্ৰবল বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে। দ্য টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাতো প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।

মাছৰ মূৰ খাই ভাল পায় নে? পিছে জানেনে এয়া দেহৰ বাবে ভাল নে বেয়া!
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ? তৎক্ষণাত এই ঘৰৱা উপায় গ্ৰহণ কৰক...
কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...