আজি দিল্লীত নিটি আয়োগৰ বৈঠকঃ বৰ্জন INDIAৰ, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত আজি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত নিটি আয়োগৰ নৱম গভৰ্নিং কাউঞ্চিলৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব যদিও বিৰোধী INDIAই এই বৈঠক বৰ্জন কৰিছে। বৈঠকৰ বিষয়বস্তু হৈছে ‘উন্নত ভাৰত @২০৪৭’।

আজি দিল্লীত নিটি আয়োগৰ বৈঠকঃ বৰ্জন INDIAৰ, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব নিটি আয়োগৰ বৈঠক

Published: 

27 Jul 2024 09:42 AM

দিল্লীত আজি অনুষ্ঠিত হ’ব নিটি আয়োগৰ নৱম গভৰ্নিং কাউঞ্চিলৰ বৈঠক। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব নিটি আয়োগৰ এই বৈঠকত। ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত এই বৈঠক অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে অংশ ল’ব। আনহাতে বিৰোধীৰ INDIA মিত্ৰজোঁটে বৰ্জন কৰিছে নিটি আয়োগৰ এই বৈঠক। বাজেটত বৈষম্যৰ অভিযোগ উত্থাপন কৰি অবিজেপি শাসিত অধিকাংশ ৰাজ্যৰ মুখ্যমন্ত্রীয়ে এই বৈঠক বৰ্জন কৰিছে। অৱশ্যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিব।

লক্ষণীয়ভাৱে বৈঠকত অংশগ্ৰহণ কৰিলেও মমতা বেনাৰ্জীয়ে গ্ৰহণ কৰিছে কিছু আক্ৰমণাত্মক স্থিতি। নিটি আয়োগ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তেওঁ নিটি আয়োগ বন্ধ কৰি পৰিকল্পনা আয়োগ ঘূৰাই আনিব লাগে বুলি দাবী কৰিছে। তেওঁৰ লগতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনেও এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে।

নিটি আয়োগৰ এই বৈঠকত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত ৰাজ্যসমূহৰ ভূমিকা সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হ’ব। বৈঠকৰ বিষয়বস্তু হৈছে ‘উন্নত ভাৰত @২০৪৭’। নিটি আয়োগৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। নিটি আয়োগৰ এই বৈঠকত ৰাজ্য চৰকাৰে নিটি আয়োগক প্ৰতিবেদন দাখিল কৰিব।

এই প্ৰতিবেদনৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত পৰিচালিত আঁচনিসমূহৰ বিষয়ে আলোচনা কৰা হ’ব। বৈঠকত ২০৪৭ চনৰ ভিতৰত ৩০ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি, উন্নত ৰাষ্ট্ৰত ৰাজ্যৰ ভূমিকা, খোৱাপানী, বিদ্যুৎ, স্বাস্থ্য, শিক্ষা, দেশ-ৰাজ্যৰ উন্নয়নৰ বাবে ৰোডমেপ, কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ মাজত সহযোগিতা আৰু ডিজিটেলাইজেশ্যন আদি বিষয়সমূহ আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে।

আয়োগৰ এই বৈঠকত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাই, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আদি উপস্থিত থাকিব।

আনহাতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, হিমাচলৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখু, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন, পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰঙ্গাসামীয়ে নিটি আয়োগৰ এই বৈঠকত অংশগ্ৰহণৰ পৰা বিৰত থাকিব।

বিৰোধীয়ে এইদৰে নিটি আয়োগৰ বৈঠক বৰ্জন কৰাৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে বিজেপি বিৰোধী হৈ থকাৰ সময়ত ফেডাৰেল গাঁথনিৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ বৈঠক বৰ্জন কৰা নাছিল। বিজেপিয়ে দেশ প্ৰথম হিচাপে জ্ঞান কৰে আৰু সেয়ে এনে বৈঠক বৰ্জন কৰা নাছিল বুলি উলেখ কৰি তেওঁ লগতে বিৰোধীয়ে নিটি আয়োগৰ বৈঠক বৰ্জন কৰি জাতিটোক দুৰ্বল কৰিব বিচাৰিছে বুলি অভিযোগ কৰে।

একেদৰে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে একাংশ মুখ্যমন্ত্ৰীয়ে নিটি আয়োগৰ বৈঠক বৰ্জন কৰি ব্যক্তিগত স্বাৰ্থক আগস্থানত ৰাখি ৰাষ্ট্ৰৰ স্বাৰ্থক পিছফালে ৰাখিছে বুলি অভিযোগ কৰে। ভিত্তিহীন বিষয়ৰ উদ্ধৃতি দি এই মুখ্যমন্ত্ৰীসকলে বৈঠক বৰ্জন কৰিছে বুলি দাবী কৰি তেওঁ লগতে INDIA মিত্ৰজোঁটৰ নেতাই বাজেট পঢ়িব নাজানে বুলিও কটাক্ষ কৰে আৰু নিজে বুজি নোপোৱাৰ বাবে মানুহক বিপথে পৰিচালিত নকৰিব বুলি তীব্ৰ কটাক্ষ কৰে।

ইফালে নিটি আয়োগৰ বৈঠক বৰ্জন সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটখন বিজেপিক বৰ্জন কৰা ৰাজ্য আৰু জনসাধাৰণৰ বিৰুদ্ধে প্ৰতিশোধৰ কাম যেন অনুভৱ হয় বুলি মন্তব্য কৰিছে। INDIA মিত্ৰজোঁটক ভোট দিয়াসকলৰ প্ৰতিশোধ ল’বলৈ বিজেপিয়ে বাজেট প্ৰস্তুত কৰিছে বুলিও তেওঁ শাসকীয় বিজেপি নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰে।

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension