অতিৰিক্ত সময় বিচৰা নাছিল বংগৰ মমতাই ! মমতা বেনাৰ্জীৰ অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ নীতি আয়োগৰ

বংগৰ মমতাৰ এই অভিযোগকলৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে নীতি আয়োগে । নীতি আয়োগৰ চিইঅ’ বিভিআৰ সুব্ৰমণিয়ামে কয় যে, বংগৰ মুখ্যমন্ত্ৰীক কথা ক'বলৈ দিয়া হৈছিল । তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে কথা ক’বলৈ সময় বিচাৰিছিল। তেওঁৰ অনুৰোধৰ পিছত তেওঁক দুপৰীয়াৰ আহাৰ খোৱাৰ আগতে সময় আবণ্টন দিয়া হৈছিল আৰু তেওঁ নিৰ্দিষ্ট সময়লৈকে নিজৰ মতামত দাঙি ধৰিছিল বুলি স্পষ্টীকৰণ দিয়ে সুব্ৰমণিয়ামে ।

অতিৰিক্ত সময় বিচৰা নাছিল বংগৰ মমতাই ! মমতা বেনাৰ্জীৰ অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ নীতি আয়োগৰ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অভিযোগক লৈ নীতি আয়োগৰ স্পষ্টীকৰণ

Published: 

27 Jul 2024 | 07:49 PM

নীতি আয়োগৰ বৈঠকত কথা ক’বলৈ সুযোগ নিদিয়াৰ অভিযোগ উত্থাপন কৰি বৈঠক ত্যাগ কৰিছিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । শেহতীয়াকৈ বংগৰ মমতাৰ এই অভিযোগকলৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে নীতি আয়োগে । নীতি আয়োগৰ চিইঅ’ বিভিআৰ সুব্ৰমণিয়ামে কয় যে, বংগৰ মুখ্যমন্ত্ৰীক কথা ক’বলৈ দিয়া হৈছিল । তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে কথা ক’বলৈ সময় বিচাৰিছিল। তেওঁৰ অনুৰোধৰ পিছত তেওঁক দুপৰীয়াৰ আহাৰ খোৱাৰ আগতে সময় আবণ্টন দিয়া হৈছিল আৰু তেওঁ নিৰ্দিষ্ট সময়লৈকে নিজৰ মতামত দাঙি ধৰিছিল বুলি স্পষ্টীকৰণ দিয়ে সুব্ৰমণিয়ামে ।

সুব্ৰমণিয়ামে আৰু কয় যে,মমতা বেনাৰ্জীয়ে তেওঁৰ বাবে নিৰ্ধাৰিত সময়লৈকে কথা কৈছিল আৰু যেতিয়া ঘড়ীত সময় শূন্য প্ৰতিফলিত হৈছিল তেতিয়া প্ৰতিৰক্ষা মন্ত্ৰীয়ে টেপ কৰি ইংগিত দিছিল। ইয়াৰ পাছত মুখ্যমন্ত্রীগৰাকীয়ে কথা ক’বলৈ অতিৰিক্ত সময় নিবিচাৰি তেওঁ কথা ক’ব নিবিচাৰে বুলি কৈ বৈঠকৰ পৰা ওলাই গ’ল ৷ ইয়াৰ বাহিৰে সভাত একো হোৱা নাছিল বুলি স্পষ্টীকৰণ দিছে নীতি আয়োগে ।

লগতে পঢ়কঃ ‘৫ মিনিটত মাইক বন্ধ হৈ গ’ল !’ ক্ষুব্ধ হৈ নীতি আয়োগৰ সভা বৰ্জন কৰিলে বংগৰ মমতাই

ইয়াৰ লগতে ৮ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্রীসকল এই বৈঠকত উপস্থিত নথকাৰ কথাও উল্লেখ কৰে সুব্ৰমণিয়ামে । তেওঁ কয় যে, বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে শূন্য শতাংশ দৰিদ্ৰতা থকা গাঁৱৰ ধাৰণা দিয়ে । ৰাইজে মৌলিক সা-সুবিধা পাইছে যদিও এতিয়া দৰিদ্ৰতা সম্পূৰ্ণৰূপে নাইকিয়া কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে  । ইয়াক গাঁও পৰ্যায়ত আৰম্ভ কৰাৰ গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ উপৰিও এই বৈঠকত উন্নত ভাৰত সম্পৰ্কীয় দৃষ্টিভংগীৰ নথিও দাখিল কৰা হয় বুলিও উল্লেখ কৰিছে সুব্ৰমণিয়ামে।

লগতে পঢ়কঃ আজিৰে পৰা দিল্লীত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ বৈঠক, কি কি আলোচনা হোৱাৰ সম্ভাৱনা এই বৈঠকত ?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...