ন্যায়ৰ দিশত এখোজ! মণিপুৰৰ নৃশংস জিৰিবাম কাণ্ড সন্দৰ্ভত নিয়াই দাখিল কৰিলে চাৰ্জশ্বীট
এই মহিলা তথা শিশু হত্যাকাণ্ডই সমগ্ৰ দেশ কঁপাই গৈছিল। উচ্চ ন্যায়ালয়ৰ তীব্ৰ নিৰীক্ষণৰ মাজত অৱশেষত এই হত্যাকাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হৈ পৰিছে।

মণিপুৰৰ ডকাইতি কাণ্ডৰ ফুটেজ
মণিপুৰৰ জিৰিবামৰ হত্যাকাণ্ড আৰু পঞ্জাৱ নেচনেল বেংকৰ বৃহৎ ডকাইতি কাণ্ডৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)-ই এখন বিশেষ আদালতত দুখন পৃথক চাৰ্জশ্বীট দাখিল কৰিছে। যোৱা ২৩ জানুৱাৰীত ইম্ফলৰ বিশেষ এন আই এ আদালত-১ত এই অভিযোগনামা দাখিল কৰা হয়। ২০২৪ চনৰ ১১ নৱেম্বৰত জিৰিবাম জিলাৰ বৰবেক্ৰা অঞ্চলৰ এটা সাহায্য শিবিৰৰ পৰা তিনিগৰাকী মহিলা আৰু তিনিটি শিশুক (এজন ১০ মহীয়া কেঁচুৱাসহ) কুকি-মাৰ উগ্ৰপন্থীয়ে অপহৰণ কৰি হত্যা কৰিছিল।
বিগত ২০২৩ চনৰ পৰা অশান্ত হৈ থকা মণিপুৰত শান্তি আৰু ন্যায় প্ৰতিষ্ঠাৰ দিশত এন আই এৰ এই পদক্ষেপক অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে। বিশেষকৈ এই মহিলা তথা শিশু হত্যাকাণ্ডই সমগ্ৰ দেশ কঁপাই গৈছিল। উচ্চ ন্যায়ালয়ৰ তীব্ৰ নিৰীক্ষণৰ মাজত অৱশেষত এই হত্যাকাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হৈ পৰিছে।
NIA-ই দাখিল কৰিলে চাৰ্জশ্বীট
এই নৃশংস হত্যাকাণ্ডৰ গোচৰত NIA-ই তিনিজন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে। গোচৰৰ অভিযুক্তসকল হ’ল ক্ৰমে থাংলিয়েনলাল মাৰ ওৰফে বয়া (৪০), লালৰোছাং মাৰ ওৰফে ৰোছাং (২৪), খোপুইমই মাৰ ওৰফে পুইয়া (৩৩)। উল্লেখ্য যে, যোৱা বছৰ মণিপুৰ উচ্চ ন্যায়ালয়ে এই হত্যাকাণ্ডৰ তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰাত বিলম্ব হোৱাৰ বাবে NIA-ক সমালোচনা কৰিছিল।
পঞ্জাৱ নেচনেল বেংকৰ ডকাইতি
২০২৩ চনৰ ৩০ নৱেম্বৰত উখ্ৰুলৰ পঞ্জাৱ নেচনেল বেংকৰ শাখা এটাত এটা অস্ত্ৰধাৰী দলে সোমাই মেনেজাৰ আৰু নিৰাপত্তাৰক্ষীক পণবন্দী কৰি ১৮.৮৫ কোটি টকা লুটি নিছিল। NIA-ৰ মতে, এই ডকাইতি কাণ্ডত এন চি এন-আই এম (NSCN-IM)-ৰ সশস্ত্ৰ কেডাৰ জড়িত আছিল। এই গোচৰত গোটটোৰ এজন লেফটেনেণ্ট কৰ্ণেল পদবীৰ সদস্য জেকচন ফিনাউৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে।
মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি
উল্লেখ্য যে ২০২৩ চনৰ ৩ মে’ৰ পৰা মণিপুৰত আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষত এতিয়ালৈকে ২৬০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু ৬০ হাজাৰৰো অধিক লোক গৃহহাৰা হৈছে। অৱশ্যে, ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ পিছত পুনৰ সংস্থাপনৰ কাম ক্ষিপ্ৰতৰ হৈ পৰিছে। চৰকাৰে ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সকলো আশ্ৰয়হীন লোকক পুনৰ সংস্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।