হোটেলৰ নিৰাপত্তাৰক্ষীৰ ৰূপত পাকিস্তানৰ চোৰাংচোৱা! পৰিল নিয়াৰ জালত, চলিছে তদন্ত

পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত কলকাতাৰ এখন হোটেলৰ নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ কৰে কেন্দ্ৰীয় তদন্ত সংস্থা NIA ই। আজি পুৱাৰে পৰা কলকাতাকে ধৰি সমগ্ৰ দেশৰ পোন্ধৰটা স্থানত তালাচী চলাইছিল NIAৰ বিষয়াসকলে। নিউটাউনস্থিত NIA ৰ কাৰ্যালয়ত ধৃত লোকজনক সোধা-পোছা কৰা হৈছে।

হোটেলৰ নিৰাপত্তাৰক্ষীৰ ৰূপত পাকিস্তানৰ চোৰাংচোৱা! পৰিল নিয়াৰ জালত, চলিছে তদন্ত

প্ৰতিনিধিত্বমূলক ছবি

Published: 

31 May 2025 | 09:59 PM

পহলগাম আক্ৰমণৰ পিছতে দেশত নিৰাপত্তা বাহিনী তথা চোৰাংচোৱা সংস্থাৰ অভিযান যথেষ্ট বৃদ্ধি পাইছে। দেশবিৰোধী চক্ৰৰ বিপক্ষে ধাৰাবাহিকভাৱে চলিছে অভিযান। শেহতীয়া কিছুদিনত দেশৰ ভিন্নস্থানৰ পৰা চোৰাংচোৱা সংস্থাই পাকিস্তানৰ হৈ দেশৰ ভিতৰত চোৰাংচোৱা কৰি থকাৰ অভিযোগত বহু কেইজন লোকক গ্ৰেপ্তাৰ কৰিছে। এইবাৰ পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত কলকাতাৰ এখন হোটেলৰ নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ কৰে কেন্দ্ৰীয় তদন্ত সংস্থা NIA ই।

আজি পুৱাৰে পৰা কলকাতাকে ধৰি সমগ্ৰ দেশৰ পোন্ধৰটা স্থানত তালাচী চলাইছিল NIAৰ বিষয়াসকলে। তালাচীৰ সময়ত সংস্থাটোৱে কলকাতাৰ তাপছিয়াৰ পৰা এজন সন্দেহযুক্ত পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰে। এখন হোটেল নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত হৈ আছিল এই লোকজন। নিউটাউনস্থিত NIA ৰ কাৰ্যালয়ত ধৃত লোকজনক সোধা-পোছা কৰা হৈছে।

শেহতীয়াকৈ পাকিস্তানৰ হৈ চোৰাংচোৱাৰ অভিযোগত মতিৰাম জাট নামৰ চি আৰ পি এফৰ এজন জোৱানক গ্ৰেপ্তাৰ কৰা হৈছিল। ধৃত জোৱানজনক জেৰা অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়াসকলে। তেওঁৰ পৰা পোৱা তথ্যৰ ভিত্তিত কেন্দ্ৰীয় সংস্থাটোৱে দেশৰ বিভিন্ন প্ৰান্তত তালাচী চলায়। আজি কেন্দ্ৰীয় সংস্থাটোৱে কলকাতাৰ পাৰ্ক চাৰ্কাছ, মমিনপুৰ আৰু ইকবালপুৰত অভিযান চলায়।

পাৰ্ক চাৰ্কাছৰ পৰা NIAৰ বিষয়াই আজি গ্ৰেপ্তাৰ কৰা নিৰাপত্তাৰক্ষীজনে এমাহৰো অধিক সময় তাপচিয়া হোটেলত চকীদাৰ হিচাপে কাম কৰি আছিল বুলি জানিব পৰা গৈছে। হোটেলখনৰ আন এজন নিৰাপত্তাৰক্ষীয়ে উল্লেখ কৰা মতে তেওঁলোকে হোটেলখনত ঠিকাভিত্তিত নিয়োজিত হয়। ধৃত চকীদাৰজন প্ৰায় এমাহ ন দিন হোটেলখনত কৰ্মৰত আছিল বুলি তেওঁ জানিবলৈ দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...