অপৰিষ্কাৰ শৌচাগাৰৰ ফটো তোলক আৰু লাভ কৰক ১০০০ টকাৰ পুৰস্কাৰ, এইদৰে উঠাওক লাভ…

ৰাজহুৱা শৌচাগাৰৰ দুৰৱস্থাৰ বাবে অত্যন্ত শৌচ-প্ৰস্ৰাৱ লাগিলেও ব্যৱহাৰৰ পূৰ্বে দুবাৰকৈ চিন্তা কৰিবলগা হয়। কিন্তু এতিয়া এনে অপৰিষ্কাৰ শৌচাগাৰৰ ফটো তুলিয়েই আপুনি লাভ কৰিব ১০০০ টকাৰ পুৰস্কাৰ। চাওক কিদৰে পাব এই সুবিধা।

অপৰিষ্কাৰ শৌচাগাৰৰ ফটো তোলক আৰু লাভ কৰক ১০০০ টকাৰ পুৰস্কাৰ, এইদৰে উঠাওক লাভ...

লেতেৰা শৌচাগাৰৰ ফটো তুলি পাব পুৰস্কাৰ

Published: 

14 Oct 2025 13:18 PM

যাত্ৰাৰ সময়ত শৌচ বা প্ৰস্ৰাৱ কৰিব লাগিলেও বহু লোকে ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে ৰাজহুৱা শৌচাগাৰৰ দুৰৱস্থাৰ বাবে অত্যন্ত শৌচপ্ৰস্ৰাৱ লাগিলেও ব্যৱহাৰৰ পূৰ্বে দুবাৰকৈ চিন্তা কৰিবলগা হয় এনে কাৰণতে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, চমুকৈ NHAI অধীনত স্বচ্ছ ভাৰত অভিযানৰ প্ৰচাৰৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। এই নতুন পদক্ষেপ আৰম্ভ হোৱাৰ পিছতে ঘাইপথেৰে যাত্ৰা কৰাৰ সময়ত যাত্ৰীসকলে লেতেৰা ৰাজহুৱা শৌচাগাৰৰ বিষয়ে NHAIক জনালেই ১০০০ টকাৰ পুৰস্কাৰ লাভ কৰিব।

এই ১০০০ টকাৰ পুৰস্কাৰ ফাছটেগ ৰিচাৰ্জ হিচাপে দিয়া হ’ব। দেশব্যাপী কাৰ্যকৰী বলগা এই আঁচনিখন ২০২৫ চনৰ ৩১ অক্টোবৰলৈকে চলি থাকিব। এই পদক্ষেপ আৰম্ভ কৰাৰ ক্ষেত্ৰত NHAIৰ লক্ষ্য হৈছে যাত্ৰীসকলক উন্নত অনাময় ব্যৱস্থা প্ৰদান কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা। প্ৰতিটো প্ৰতিবেদন AI আৰু মেনুৱেল পৰীক্ষণৰ জৰিয়তে পৰীক্ষা কৰা হ’ব।

অভিযোগ কেনেকৈ দাখিল কৰিব

লেতেৰা ৰাজহুৱা শৌচাগাৰৰ বিষয়ে অভিযোগ দাখিল কৰিবলৈ আপুনি ফোনত ৰাজমাৰ্গযাত্ৰা এপৰ (RajmargYatra App) শেহতীয়া সংস্কৰণ ডাউনলোড কৰিব লাগিব।

ইয়াৰ পিছত আপুনি এপটোত লেতেৰা শৌচাগাৰটোৰ এটা স্পষ্ট, geo-tagged আৰু time-stamped ফটো আপলোড কৰিব লাগিব।

ফটোখন আপলোড কৰাৰ পিছত আপোনাৰ নাম, বাহনৰ পঞ্জীয়ন নম্বৰ, সঠিক স্থান আৰু মোবাইল নম্বৰ দিব লাগিব। যদি আপোনাৰ তথ্য পৰীক্ষণৰ সময়ত সঠিক প্ৰমাণিত হয়, তেতিয়া NHAI- এ আপোনাৰ Fastag ১০০০ টকাৰ চাৰ্জ কৰিব।

জানি লওক এইসমূহ দিশৰ বিষয়ে

এই আঁচনি কেৱল NHAIৰ দ্বাৰা নিৰ্মিত আৰু পৰিচালিত শৌচাগাৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য। পেট্ৰল পাম্প, ধাবা, বা অন্যান্য ৰাজহুৱা সুবিধাত থকা শৌচাগাৰসমূহ সামৰি লোৱা নহয়।

আঁচনিৰ সময়ছোৱাত প্ৰতিটো ভি আৰ এন (পঞ্জীয়ন নম্বৰ) মাত্ৰ এটাকৈ পুৰস্কাৰৰ বাবে যোগ্য বিবেচিত ব।

যদি একাধিক লোকে একেটা শৌচাগাৰক লৈ অভিযোগ কৰি আছে, তেন্তে শুদ্ধ প্ৰতিবেদন দিয়া প্ৰথমজন ব্যক্তিকহে পুৰস্কৃত কৰা হ’ব।

ফটোখন অৰিজিনেল হ’ব লাগিব আৰু এপৰ জৰিয়তে ক্লিক কৰিব লাগিব। যিকোনো টেম্পাৰ কৰা, ডুপ্লিকেট কৰা বা পূৰ্বতে অভিযোগ দাখিল কৰা ফটো নাকচ কৰা হ’ব।

লিভাৰ দুৰ্বল হ’লে ছালত এই ধৰণৰ লক্ষণে দেখা দিয়ে
নহৰুৰ স্বাস্থ্য উপকাৰিতা : দৈনিক নহৰু খালে কি হয় ? জানক
সাৱধান, দীপাৱলীৰ সময়ত এই কাম কৰাটো অত্যন্ত অশুভ, হেৰুৱাব সুখ!
জীৱনত হ'ব সমস্যা! ভুলতো এনে লোকক নকৰিব সহায়, জানক...