মেঘালয় হনিমুন হত্যাকাণ্ডৰ নতুন টুইষ্ট ! ৰাজা ৰঘুবংশীৰ ঘৰত সোমাল ‘ভুৱা’ আৰক্ষী, কি আছিল উদ্দেশ্য?

এইবাৰ ৰাজা ৰঘুবংশীৰ ঘৰত হাজিৰ হ’ল ভুৱা আৰক্ষী। কি কৰিবলৈ আহিছিল সেই ভুৱা আৰক্ষীজন? চলিত বৰ্ষৰ অন্যতম চৰ্চিত ঘটনা হৈছে মেঘালয়ৰ হনিমুন হত্যাকাণ্ড তথা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড।

মেঘালয় হনিমুন হত্যাকাণ্ডৰ নতুন টুইষ্ট ! ৰাজা ৰঘুবংশীৰ ঘৰত সোমাল ‘ভুৱা’ আৰক্ষী, কি আছিল উদ্দেশ্য?

ৰাজা আৰু সোণম ৰঘুবংশী

Updated On: 

17 Aug 2025 | 06:03 PM

মেঘালয়ত সংঘটিত হোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ নতুন টুইষ্ট। এইবাৰ ৰাজা ৰঘুবংশীৰ ঘৰত হাজিৰ হ’ল ভুৱা আৰক্ষী। কি কৰিবলৈ আহিছিল সেই ভুৱা আৰক্ষীজন? চলিত বৰ্ষৰ অন্যতম চৰ্চিত ঘটনা হৈছে মেঘালয়ৰ হনিমুন হত্যাকাণ্ড তথা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড। পৰিয়ালৰ তত্ত্বাৱধানত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত সোনম ৰঘুবংশী যোৱা মে’ মাহত স্বামী ৰাজা ৰঘুবংশীৰ সৈতে হনিমুনৰ বাবে মেঘালয়লৈ গৈছিল। অৱশ্যে তেওঁৰ আছিল আন এক ভয়ংকৰ পৰিকল্পনা।

প্ৰেমিক ৰাজ কুশৱাহাৰ সহায়ত সোনম ৰঘুবংশীয়ে তেওঁৰ স্বামী ৰাজাক চুপাৰি কিলাৰ দ্বাৰা হত্যা কৰিছিল। ইয়াৰ পাছতে তেওঁ নিজেই উত্তৰ প্ৰদেশলৈ পলায়ন কৰে। এই হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিবলৈ আৰক্ষীয়ে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। কিন্তু এইবাৰ হঠাতে মৃত ৰাজা ৰঘুবংশীৰ ঘৰত উপস্থিত হয় এজন ভুৱা আৰক্ষী।

খবৰ অনুসৰি, ইন্দোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন ব্যক্তিক। ব্যক্তিজনে নিজকে ৰে’লৱে আৰক্ষী বিষয়া বুলি পৰিচয় দি ৰাজা ৰঘুবংশীৰ ঘৰত হাজিৰ হয়। ধৃত ব্যক্তিজনে নিজকে ৰাজাৰ বন্ধু বুলি পৰিচয় দিয়ে। তেওঁ নিজকে দিল্লীৰ এখন থানাৰ ষ্টেচন হাউচ অফিচাৰ বুলি দাবী কৰিছিল।

লোকজনে ৰজাৰ পৰিয়ালৰ আগত দাবী কৰিছিল যে, ২০২১ চনত উজ্জয়িনৰ মহাকাল মন্দিৰত ৰজাক লগ পাইছিল। ইয়াৰ পাছতে ৰজাৰ মাতৃ সন্দেহ হৈছিল, কাৰণ ২০২১ চনত কৰ’নাৰ প্ৰভাৱ সৰ্বাধিক আছিল, সেই সময়ত ৰজা উজ্জয়িন বা ক’তো যোৱা নাছিল।

যেতিয়া ৰাজা ৰঘুবংশীৰ মাতৃয়ে ডাঙৰ পুত্ৰ শচীনক সতৰ্ক কৰি দিলে, তেতিয়া মানুহজনেও নিজৰ কাহিনী সলনি কৰিবলৈ ধৰিলে। আনকি পলাবলৈও চেষ্টা কৰিছিল। অৱশ্যে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজনৰ নাম বজৰং লাল। তেওঁ ৰাজস্থানৰ বাসিন্দা।

আৰক্ষীয়ে তেওঁৰ পৰা এটা আৰ পি এফ বেজ, ষ্টাৰযুক্ত ইউনিফৰ্ম আৰু ৰঙা জোতা উদ্ধাৰ কৰিছে। ধৃত ব্যক্তিজনে দাবী কৰা মতে, ছ’চিয়েল মিডিয়াত ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড দেখি তেওঁ ৰাজা ৰঘুবংশীৰ ঘৰলৈ তদন্ত কৰিবলৈ আহিছিল। অৱশ্যে আৰক্ষীয়ে সন্দেহ কৰিছে যে, ৰাজা ৰঘুবংশীৰ পৰিয়ালক প্ৰতাৰণা কৰি ধন দাবী কৰাৰ উদ্দেশ্য আছিল লোকজনৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব