Big Boss OTT winner Elvish Yadav: পুনৰ ইউটিউবাৰ এলভিছ যাদৱৰ বিৰুদ্ধে ৰুজু এজাহাৰ; এইবাৰ কি জগৰ লগালে বিগ বছ বিজয়ীয়ে ?

ইউটিউবাৰ এলভিছ যাদৱক বিগ বছ উপভোগ কৰা সকলে নিশ্চয় চিনি পায় । প্ৰায়েই বিতৰ্কত থকা এলভিছৰ বিৰুদ্ধে পুনৰ এক নতুন গোচৰ তৰিছে এজন যুৱকে ।

Big Boss OTT winner Elvish Yadav: পুনৰ ইউটিউবাৰ এলভিছ যাদৱৰ বিৰুদ্ধে ৰুজু এজাহাৰ; এইবাৰ কি জগৰ লগালে বিগ বছ বিজয়ীয়ে ?

এলভিছ যাদৱ

Published: 

29 Jan 2025 11:10 AM

ইউটিউবাৰ তথা বিগ বছ অ’টিটি বিজয়ী এলভিছ যাদৱৰ নাম প্ৰায়েই বিতৰ্কৰ আৱৰ্তত থাকে । শেহতীয়াকৈ বিগ বছ ১৮ৰ ভিতৰত তেওঁ মিডিয়াক পেইড বুলি মন্তব্য কৰিছিল, তাৰ পিছতে তেওঁ ব্যাপক সমালোচনাৰ সন্মুখীন হয় । সাপৰ বিহ সম্পৰ্কীয় এক গোচৰতো তেওঁৰ নাম সাঙোৰ খাই আছে ।

ইফালে, এলভিছ যাদৱৰ বিৰুদ্ধে পিএফএ (পিপল ফৰ এনিমেলছ)ৰ কৰ্মী তথা ৰেভ পাৰ্টিৰ গোচৰৰ সাক্ষী সৌৰভ গুপ্তাই এজাহাৰ দাখিল কৰিছে । এলভিছৰ বিৰুদ্ধে সাক্ষীক ভাবুকি দিয়াৰ অভিযোগ ।

পিটিআইৰ বাতৰি অনুসৰি গাজিয়াবাদৰ নন্দগ্ৰাম আৰক্ষী থানাত এলভিছ যাদৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । ইউটিউবাৰ এলভিছ যাদৱৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি সৌৰভে দাবী কৰিছে যে এলভিছ যাদৱে তেওঁক গাড়ীৰে পিছা কৰি সৌৰভে বাস কৰা ছ’চাইটিলৈ আহি ভাবুকি দিবলৈ আৰম্ভ কৰিছিল । সৌৰভৰ মতে, এলভিছে ভুৱা পৰিচয় দি ছ’চাইটিত প্ৰৱেশ কৰিছিল ।

তেওঁৰ অভিযোগত কৰ্মীজনে কয় যে এলভিছ যাদৱে তেওঁক আৰু তেওঁৰ ভাতৃক পৰিকল্পিতভাৱে পথ দুৰ্ঘটনাত ঘটাই হত্যা কৰিব পাৰে । ইয়াৰ উপৰিও সৌৰভে এলভিছ আৰু তেওঁৰ সমৰ্থকসকলে তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ বিষয়ে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগো উত্থাপন কৰিছে ।

এলভিছৰ বিৰুদ্ধে সাক্ষীক ভাবুকি দিয়াৰ অভিযোগ

সৌৰভৰ মতে, কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁ, তেওঁৰ ভাতৃ গৌৰৱ গুপ্তা আৰু নয়ডা আৰক্ষীয়ে এলভিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা দেখা গৈছে । ইয়াৰ পিছত সৌৰভ বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে । কেৱল এয়াই নহয়, তেওঁৰ ফেচবুক একাউণ্টটোও নিষ্ক্ৰিয় কৰিব লগা হ’ল । উল্লেখ্য যে, সৌৰভ গুপ্তাৰ ভাতৃ গৌৰৱ গুপ্তাই ২০২৩ চনৰ নৱেম্বৰ মাহত নয়ডাৰ ৰেভ পাৰ্টিত সাপৰ বিহৰ গোচৰত ইউটিউবাৰ এলভিছ যাদৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । এই গোচৰৰ সাক্ষী সৌৰভ গুপ্তা ।

তেওঁৰ অভিযোগত সৌৰভে এলভিছ যাদৱে শ্বেয়াৰ কৰা এটা ভিডিঅ’ও উল্লেখ কৰিছে, য’ত তেওঁ পিএফএৰ কৰ্মী সৌৰভ গুপ্তাক অপহৰণ কৰি হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক: Bigg Boss: ‘বিগ বছ’ৰ ১৮টা ছিজনৰ ইতিহাসত যিটো নহ’ল, সেয়া ‘বিগ বছ কানাড়া’ত হৈ গ’ল!

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!