Big Boss OTT winner Elvish Yadav: পুনৰ ইউটিউবাৰ এলভিছ যাদৱৰ বিৰুদ্ধে ৰুজু এজাহাৰ; এইবাৰ কি জগৰ লগালে বিগ বছ বিজয়ীয়ে ?

ইউটিউবাৰ এলভিছ যাদৱক বিগ বছ উপভোগ কৰা সকলে নিশ্চয় চিনি পায় । প্ৰায়েই বিতৰ্কত থকা এলভিছৰ বিৰুদ্ধে পুনৰ এক নতুন গোচৰ তৰিছে এজন যুৱকে ।

Big Boss OTT winner Elvish Yadav: পুনৰ ইউটিউবাৰ এলভিছ যাদৱৰ বিৰুদ্ধে ৰুজু এজাহাৰ; এইবাৰ কি জগৰ লগালে বিগ বছ বিজয়ীয়ে ?

এলভিছ যাদৱ

Published: 

29 Jan 2025 | 11:10 AM

ইউটিউবাৰ তথা বিগ বছ অ’টিটি বিজয়ী এলভিছ যাদৱৰ নাম প্ৰায়েই বিতৰ্কৰ আৱৰ্তত থাকে । শেহতীয়াকৈ বিগ বছ ১৮ৰ ভিতৰত তেওঁ মিডিয়াক পেইড বুলি মন্তব্য কৰিছিল, তাৰ পিছতে তেওঁ ব্যাপক সমালোচনাৰ সন্মুখীন হয় । সাপৰ বিহ সম্পৰ্কীয় এক গোচৰতো তেওঁৰ নাম সাঙোৰ খাই আছে ।

ইফালে, এলভিছ যাদৱৰ বিৰুদ্ধে পিএফএ (পিপল ফৰ এনিমেলছ)ৰ কৰ্মী তথা ৰেভ পাৰ্টিৰ গোচৰৰ সাক্ষী সৌৰভ গুপ্তাই এজাহাৰ দাখিল কৰিছে । এলভিছৰ বিৰুদ্ধে সাক্ষীক ভাবুকি দিয়াৰ অভিযোগ ।

পিটিআইৰ বাতৰি অনুসৰি গাজিয়াবাদৰ নন্দগ্ৰাম আৰক্ষী থানাত এলভিছ যাদৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । ইউটিউবাৰ এলভিছ যাদৱৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি সৌৰভে দাবী কৰিছে যে এলভিছ যাদৱে তেওঁক গাড়ীৰে পিছা কৰি সৌৰভে বাস কৰা ছ’চাইটিলৈ আহি ভাবুকি দিবলৈ আৰম্ভ কৰিছিল । সৌৰভৰ মতে, এলভিছে ভুৱা পৰিচয় দি ছ’চাইটিত প্ৰৱেশ কৰিছিল ।

তেওঁৰ অভিযোগত কৰ্মীজনে কয় যে এলভিছ যাদৱে তেওঁক আৰু তেওঁৰ ভাতৃক পৰিকল্পিতভাৱে পথ দুৰ্ঘটনাত ঘটাই হত্যা কৰিব পাৰে । ইয়াৰ উপৰিও সৌৰভে এলভিছ আৰু তেওঁৰ সমৰ্থকসকলে তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ বিষয়ে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগো উত্থাপন কৰিছে ।

এলভিছৰ বিৰুদ্ধে সাক্ষীক ভাবুকি দিয়াৰ অভিযোগ

সৌৰভৰ মতে, কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁ, তেওঁৰ ভাতৃ গৌৰৱ গুপ্তা আৰু নয়ডা আৰক্ষীয়ে এলভিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা দেখা গৈছে । ইয়াৰ পিছত সৌৰভ বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে । কেৱল এয়াই নহয়, তেওঁৰ ফেচবুক একাউণ্টটোও নিষ্ক্ৰিয় কৰিব লগা হ’ল । উল্লেখ্য যে, সৌৰভ গুপ্তাৰ ভাতৃ গৌৰৱ গুপ্তাই ২০২৩ চনৰ নৱেম্বৰ মাহত নয়ডাৰ ৰেভ পাৰ্টিত সাপৰ বিহৰ গোচৰত ইউটিউবাৰ এলভিছ যাদৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । এই গোচৰৰ সাক্ষী সৌৰভ গুপ্তা ।

তেওঁৰ অভিযোগত সৌৰভে এলভিছ যাদৱে শ্বেয়াৰ কৰা এটা ভিডিঅ’ও উল্লেখ কৰিছে, য’ত তেওঁ পিএফএৰ কৰ্মী সৌৰভ গুপ্তাক অপহৰণ কৰি হত্যা কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক: Bigg Boss: ‘বিগ বছ’ৰ ১৮টা ছিজনৰ ইতিহাসত যিটো নহ’ল, সেয়া ‘বিগ বছ কানাড়া’ত হৈ গ’ল!

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...