শিক্ষক-ছাত্ৰীৰ ভিডিঅ’ ভাইৰেল! পোহৰলৈ ছাহিল ছিদ্দিকীৰ কু-কাণ্ড

ছাত্ৰীগৰাকীয়ে জনাই যে, প্ৰায় ১ বছৰৰ পূৰ্বে নীটৰ প্ৰস্তুতি চলোৱাৰ বাবে তেওঁ কানপুৰলৈ আহিছিল। ইয়াতে তেওঁ ছাহিলক লগ পাইছিল। এদিন পাৰ্টীৰ বাবে ছাহিলে যুৱতীগৰাকীক নিজৰ ফ্লেটলৈ মাতিছিল।

শিক্ষক-ছাত্ৰীৰ ভিডিঅ ভাইৰেল! পোহৰলৈ ছাহিল ছিদ্দিকীৰ কু-কাণ্ড

অভিযুক্ত

Updated On: 

10 Nov 2024 | 04:21 PM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। একাংশ পাষাণলোকৰ কামনাৰ বলি হয় শিশুৰ পৰা বৃদ্ধাও। কিছুমানলোক ইমানেই নিকৃষ্ট থাকে যে নিজৰ আপোনজনকো এৰি নিদিয়ে। সমাজত প্ৰতিদিনে এনে ঘটনা বৃদ্ধি হৈ আহিছে। ইয়াৰ মাজতে এজন শিক্ষকৰ কু-কাণ্ডৰ কথা পোহৰলৈ আহিছে। শিক্ষক- ছাত্ৰীৰ পবিত্ৰ সম্পৰ্কত কালিমা সানি এই শিক্ষকজনে নিজ ছাত্ৰীক ধৰ্ষণ কৰা লগতে হত্যাৰ ভাবুকি প্ৰদান কৰে। কেৱল নিজেই নহয়, আনক শিক্ষকৰ দ্বাৰাও ছাত্ৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে তেওঁ।

কানপুৰৰ পৰা পোহৰলৈ আহিছে এই জঘন্য ঘটনা। জানিব পৰা মতে কোচিং চেন্টাৰৰ এজন শিক্ষকে এগৰাকী ছাত্ৰীক নিচাযুক্ত দ্ৰব্য দি ধৰ্ষণ কৰে। কেৱল ইমানেই নহয়, ছাত্ৰীগৰাকীক বিভিন্ন ভাবুকি দি ঘৰ যোৱাত বাধা প্ৰদান কৰে। ইয়াতেই ক্ষান্ত নাথাকি শিক্ষকজনে একেই কোচিং চেন্টাৰত কৰ্মৰত তেওঁ সহকৰ্মী শিক্ষককো ধৰ্ষণ কৰিবলৈ দিয়ে। ইতিমধ্যে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

এবছৰ পূৰ্বে NEET কোচিঙৰ বাবে কানপুৰলৈ অহা ছাত্ৰীগৰাকীয়ে কাকদেৱ কোচিং মণ্ডিৰ শিক্ষক ছাহিল ছিদ্দিকী আৰু বিকাশ পোৰৱালৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে। ছাত্ৰীগৰাকীয়ে জনাই যে, প্ৰায় ১ বছৰৰ পূৰ্বে নীটৰ প্ৰস্তুতি চলোৱাৰ বাবে তেওঁ কানপুৰলৈ আহিছিল। ইয়াতে তেওঁ ছাহিলক লগ পাইছিল। এদিন পাৰ্টীৰ বাবে ছাহিলে যুৱতীগৰাকীক নিজৰ ফ্লেটলৈ মাতিছিল আৰু তাতে মদ্যপান কৰাই ছাত্ৰীগৰাকীক ছাহিলে ধৰ্ষণ কৰিছিল। এই ধৰ্ষণৰ ভিডিঅ’ৰ লগতে ছাত্ৰীগৰাকীৰ নগ্ন ফটো ভিডিঅ’ ছাহিলে নিজৰ ফোনত আৱদ্ধ কৰি ৰাখিছিল।

প্ৰায় ১ বছৰ ধৰি ছাহিলে ছাত্ৰগৰাকীক ধৰ্ষণ কৰিছিল কিন্তু এই বিষয়ে ছাত্ৰীগৰাকীয়ে আৰক্ষীক অৱগত কৰাৰ সাহস পোৱা নাছিল। কিন্তু প্ৰায় ১ মাহ পূৰ্বে ছাত্ৰীগৰাকী আৰু ছাহিলৰ এক অশ্লীল ভিডিঅ’ পোহৰলৈ আহে আৰু তেতিয়াই এই ভয়ংকৰ ঘটনাৰ বিষয়ে ছাত্ৰীগৰাকীয়ে আৰক্ষীক অৱগত কৰে। ভিডিঅটোত দেখিবলৈ পোৱা অনুসৰি ছাহিলে ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলাই আছিল। তাৰ  পাছতেই আৰক্ষীয়ে ছাহিলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...