কৰ্মচাৰীয়ে লাভ কৰিব বিশেষ সকাহ, সংসদত উত্থাপন নতুন বিধেয়ক; কি এই ৰাইট টু ডিচকানেক্ট বিল?
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সাংসদ সুপ্ৰিয়া ছুলেই শুকুৰবাৰে সংসদত উত্থাপন কৰে ৰাইট টু ডিচকানেক্ট বিল ২০২৫। এই বিধেয়কৰ জৰিয়তে কৰ্মচাৰীসকলক এক বিশেষ অধিকাৰ প্ৰদান কৰিব বিচৰা হৈছে। জানো আহক এই বিষয়ে।

সংসদত উত্থাপন বিশেষ বিধেয়ক
যোৱা ১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। অহা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগা এই বিধেয়কত কেন্দ্ৰীয় চৰকাৰে বহুকেইখন গুৰুত্ব বিধেয়ক উত্থাপন কৰাৰ লক্ষ্য লৈছে। কেন্দ্ৰীয় চৰকাৰৰ লগতে সংসদৰ সদস্যসকলেও ব্যক্তিগত সদস্যৰ বিধেয়ক সংসদৰ মজিয়াত উত্থাপন কৰে। শুকুৰবাৰে এনে এক গুৰুত্বপূৰ্ণ বিধেয়ক সংসদৰ মজিয়াত উত্থাপন কৰে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সাংসদ সুপ্ৰিয়া ছুলেই। ব্যক্তিগত সদস্যৰ বিধেয়ক হিচাপে NCP সাংসদগৰাকীয়ে সংসদত উত্থাপন কৰে ৰাইট টু ডিচকানেক্ট বিল ২০২৫।
এই বিধেয়কখনত প্ৰতিজন কৰ্মচাৰীক কৰ্মৰ সময়ৰ পিছত আৰু বন্ধৰ দিনত কৰ্ম সম্পৰ্কীয় টেলিফোন কল আৰু ইমেইলৰ পৰা আঁতৰি থাকিব পৰা অধিকাৰ প্ৰদান কৰিবলৈ কৰ্মচাৰী কল্যাণ কৰ্তৃপক্ষ গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। সংসদৰ মজিয়াত এই বিধেয়ক উত্থাপন কৰি সুপ্ৰিয়া ছুলেই বক্তব্য আগবঢ়ায়।
কামৰ পিছত অফিচৰ ফোন নাকচ কৰাৰ অধিকাৰ
যদিহে এই বিধেয়কখন গৃহীত হয়, তেতিয়া কৰ্মৰ সময়ৰ পিছতো কাম সম্পৰ্কীয় যিকোনো ইমেইল আৰু কলত বিৰক্ত হোৱা পেছাদাৰী লোকসকল উপকৃত হ’ব। এই বিধেয়কখনে কৰ্মচাৰীসকলক কৰ্ম সময়ৰ বাহিৰত কামৰ সৈতে জড়িত ফোনকল আৰু ইমেইলৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰাৰ অধিকাৰ প্ৰদান কৰিব।
পেইড মেনষ্ট্ৰুৱেল লিভ
সদনত আন এখন বিধেয়ক উত্থাপন কৰে কংগ্ৰেছৰ সাংসদ কাদিয়াম কাব্যই। তেওঁ সংসদত উত্থাপন কৰে মেনষ্ট্ৰুৱেল বেনিফিটছ বিল, ২০২৪। এই বিধেয়কখনৰ জৰিয়তে ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীসকলক কৰ্মক্ষেত্ৰত কিছুমান সুবিধা প্ৰদান কৰিব বিচৰা হৈছে।
আনহাতে লোক জনশক্তি পাৰ্টিৰ সাংসদ শম্ভৱী চৌধাৰীয়ে মহিলা কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ বাবে বেতনসহ ঋতুস্ৰাৱৰ ছুটীৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবেও বিধেয়ক উত্থাপন। তেওঁ লগতে ঋতুস্ৰাৱৰ সময়ত আন কেইবাটাও সুবিধা আৰু বিশেষাধিকাৰ দাবী কৰে।
অন্যান্য ব্যক্তিগত সদস্যৰ বিধেয়ক
লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক চৰকাৰে আইন প্ৰণয়ন কৰিব লাগে বুলি প্ৰয়োজনীয়তা অনুভৱ কৰা বিষয়সমূহৰ ওপৰত বিধেয়ক উত্থাপন কৰিবলৈ অনুমতি দিয়া হৈছে। কিছু নিৰ্দিষ্ট ক্ষেত্ৰৰ বাহিৰে চৰকাৰে প্ৰস্তাৱিত আইনখনৰ প্ৰতি সঁহাৰি জনোৱাৰ পিছত অধিকাংশ ব্যক্তিগত সদস্যৰ বিধেয়ক সাধাৰণতে প্ৰত্যাহাৰ কৰা হয়।
NEET ৰেহাই বিধেয়কঃ স্নাতক চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে তামিলনাডুক NEETৰ পৰা ৰেহাই দিয়াৰ বিধেয়ক উত্থাপন কৰে কংগ্ৰেছৰ সাংসদ মণিকাম ঠাকুৰে। ইতিপূৰ্বে তামিলনাডু চৰকাৰে এই সন্দৰ্ভতে উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল। এই বিষয়ত ৰাষ্ট্ৰপতিয়ে আনুষংগিক প্ৰস্তাৱিত আইনত সন্মতি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাক প্ৰত্যাহ্বান জনাইছে তামিলনাডু চৰকাৰে।
মৃত্যুদণ্ড বিলুপ্ত বিধেয়কঃ ডি এম কেৰ সাংসদ কনিমোজি কৰুণানিধিয়ে দেশত মৃত্যুদণ্ড বিলুপ্ত কৰাৰ বাবে এখন বিধেয়ক উত্থাপন কৰে। ইয়াৰ পূৰ্বেও এই দাবী উত্থাপন হৈছে যদিও কেন্দ্রীয় চৰকাৰসমূহে ইয়াক কিছুমান ক্ষেত্ৰত প্রয়োজনীয় প্রতিৰোধমূলক ব্যৱস্থা হিচাপে গণ্য কৰি নাকচ কৰিছে৷
সাংবাদিক সুৰক্ষা বিধেয়কঃ সাংবাদিক (হিংসা প্ৰতিৰোধ আৰু সুৰক্ষা) বিধেয়ক, ২০২৪ উত্থাপন কৰে নিৰ্দলীয় সাংসদ বিশালদাদা প্ৰকাশবাপু পাটিলে। সাংবাদিকৰ ওপৰত হিংসা ৰোধ কৰা আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে এই বিধেয়ক উত্থাপন কৰা হৈছে।