মুম্বাইত NCP ৰ নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তৰ…

অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনাত মৃত্যু হৈছে জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা তথা প্ৰাক্তন বিধানসভাৰ সদস্য বাবা ছিদ্দিকীৰ । এনচিপিৰ নেতাগৰাকীৰ ওপৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে শনিবাৰে সন্ধিয়া ভাগত ।

মুম্বাইত NCP ৰ নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তৰ...

বাবা ছিদ্দিকীক গুলীয়াই হত্যা

Updated On: 

13 Oct 2024 12:41 PM

শনিবাৰে অচিনাক্ত দুৰ্বৃত্তৰ গুলীচালনাত মৃত্যু হৈছে জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা তথা প্ৰাক্তন বিধানসভাৰ সদস্য বাবা ছিদ্দিকীৰ । এনচিপিৰ নেতাগৰাকীৰ ওপৰত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে শনিবাৰে সন্ধিয়া ভাগত । সূত্ৰ খবৰ অনুসৰি,এনচিপিৰ নেতা বাবা ছিদ্দিকীৰ ওপৰত দুৰ্বৃত্তই তিনিবাৰকৈ গুলীচালনা কৰে। ইয়াৰ পাছতে তেওঁ গুৰুতৰভাৱে আহত হয় আৰু মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হয়।

লীলাৱতী চিকিৎসালয়ত নেতাগৰাকীৰ প্ৰাথমিক চিকিৎসাৰ কৰাৰ পাছতে চিকিৎসকে মৃত্যু নিশ্চিত কৰে বুলি জানিব পৰা গৈছে । এই ঘটনাৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে কয় যে, বাবা ছিদ্দিকীৰ ওপৰত গুলীচালনা অতি দুৰ্ভাগ্যজনক ঘটনা। এই ঘটনা সৈতে জড়িত অভিযুক্তৰ বিৰুদ্ধে ততালিকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষীক কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে বুলিও জানিবলৈ দিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে কয়, ‘মই মোৰ ভাল সংগী আৰু বন্ধুক হেৰুৱালোঁ। এই কাপুৰুষৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছো।’ বাবা ছিদ্দিকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অজিত পাৱাৰে লগতে কয়, ‘সমগ্ৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰা হ’ব আৰু আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই আক্ৰমণৰ আঁৰৰ মাষ্টাৰমাইণ্ডৰো সন্ধান উলিওৱা হ’ব ।’ তেওঁ কয় যে, বাবা ছিদ্দিকীৰ মৃত্যুৰ লগে লগে আমি এজন ভাল নেতাক হেৰুৱাইছো, যিয়ে সংখ্যালঘু ভাইসকলৰ বাবে যুঁজিছিল আৰু আন্তঃধৰ্মীয় সম্প্ৰীতিৰ বাবে চেষ্টা কৰিছিল। তেওঁৰ মৃত্যু এনচিপিৰ বাবে এক ডাঙৰ ক্ষতি বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অজিত পাৱাৰে ।

উল্লেখ্য যে, এন চি পি নেতা বাবা ছিদ্দিকীৰ ওপৰত এই গুলীচালনা কৰা ঘটনা সংঘটিত হৈছে বান্দ্ৰা ইষ্টত। ছিদ্দিকীৰ ওপৰত আক্ৰমণকাৰীয়ে তিনিবাৰকৈ গুলীচালনা কৰে । নিৰ্মল নগৰ থানা এলেকাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । বাবা ছিদ্দিকীয়ে বান্দ্ৰা খেৰৱাডীস্থিত পুত্ৰ জীশান ছিদ্দিকীৰ কাৰ্যালয়ৰ পৰা ওলাই আহি থকা অৱস্থাতে আক্ৰমণকাৰীয়ে তেওঁৰ ওপৰত গুলীচালনা কৰে।

এই ঘটনাৰ সৈতে জড়িত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে । এজন অভিযুক্ত হাৰিয়ানাৰ আৰু আনজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে । অভিযুক্তসকলৰ মাজৰে আন এজন অভিযুক্ত পলাতক হৈ আছে বুলি জানিব পৰা গৈছে । এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মুম্বাই ক্ৰাইম ব্ৰাঞ্চে ।

লোকসভা নিৰ্বাচনৰ ঠিক আগতে বাবা ছিদ্দিকীয়ে কংগ্ৰেছ ত্যাগ কৰি এন চি পিৰ অজিত পাৱাৰ ফৈদত যোগদান কৰিছিল। তিনিবাৰকৈ কংগ্ৰেছৰ বিধায়ক হোৱাৰ লগতে মন্ত্ৰীও হৈ আহিছে। কংগ্ৰেছৰ বিভাজনৰ পিছত ফেব্ৰুৱাৰী মাহত এন চি পিত যোগদান কৰিছিল বাবা ছিদ্দিকীয়ে।

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension