আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, সকলো সংবাদকৰ্মীক শুভেচ্ছা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই বিশেষ দিনটোকে সন্মান জনাই প্ৰতিবছৰে ১৬ নৱেম্বৰৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি অহা হৈছে।

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, সকলো সংবাদকৰ্মীক শুভেচ্ছা জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Updated On: 

16 Nov 2025 08:34 AM

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোত সমগ্ৰ দেশত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৰূপে পালন কৰা হয়। আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই এক নৈতিক প্ৰহৰী হিচাপে কাম কৰা আৰম্ভ কৰিছিল যাতে সংবাদ মাধ্যমবোৰে সঠিক মানদণ্ড বজাই ৰাখে আৰু কোনো প্ৰভাৱ বা ভাবুকিৰ দ্বাৰা প্ৰভান্বিত নহয়। ১৯৯৭ চনৰ পৰা, এই কাউন্সিলে প্ৰাসঙ্গিক বিষয়বস্তুৰ সৈতে সংগতি ৰাখি আলোচনাচক্ৰ অনুষ্ঠিত কৰি এই প্ৰেছ দিৱস পালন কৰি আহিছে।

এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আজি সকলো সংবাদকৰ্মীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সামাজিক মাধ্যমত লিখিছে, ‘ভাৰতীয় সভ্যতা-সংস্কৃতি, দেশীয় ঐতিহ্যক নৱপ্ৰজন্মৰ সন্মুখত তুলি ধৰা আৰু আধুনিক পৰিৱৰ্তনমুখী চেতনা জাগ্ৰত কৰাৰ দিশত আমাৰ দেশৰ সংবাদ মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে। অসমত ‘অৰুনোদই’ বাৰ্তালোচনীৰ জৰিয়তে সূচনা হোৱা সংবাদ সেৱাৰ যাত্ৰাই পৰৱৰ্তী পৰ্যায়ত ৰাজনৈতিক, সামাজিক, ভাষা-সাহিত্য তথা জ্ঞান-বিজ্ঞানৰ পৃথিৱীখনৰ সৈতে পৰিচয় কৰোৱাই দিয়াৰ ক্ষেত্ৰত অসমীয়া সংবাদ মাধ্যমে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাই সকলোকে অনুপ্রাণিত কৰি আহিছে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভ দিনটোত ৰাজ্যৰ সাংবাদিকসকলৰ লগতে সংবাদ সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই শক্তিশালী ৰাষ্ট্ৰ নির্মাণত তেওঁলোকক অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনালোঁ।’

তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসম উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ২০২৫ উদযাপন কৰা হ’ব, য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰিকা আৰু নিৰ্দিষ্ট বক্তা হিচাপে থাকিব অধ্যাপক ড০ ধ্ৰুৱজ্যোতি বৰা। এইবাৰ বিষয় বাচনি কৰি দিয়া হৈছে বিভ্ৰান্তিকৰ তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান।

প্ৰেছ কাউন্সিল মানে কি?

ভাৰতৰ প্ৰেছ আয়োগে ১৯৫৬ চনত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া স্থাপনৰ পৰামৰ্শৰে ই সাংবাদিকতাত পেছাদাৰী নৈতিকতা বজাই ৰখাৰ সৰ্বেশ্ৰেষ্ঠ উপায় হ’ব বুলি সিদ্ধান্তত উপনীত হৈছিল।

ৰাতিপুৱা খালী পেটত নৰসিংহৰ পাত চোবাই খালে কি হয় জানেনে? আছে বহু উপকাৰ...
নিয়ন্ত্ৰিত হ'ব ব্লাড চুগাৰ, খাবলৈ আৰম্ভ কৰক এইবিধ পাত...
শীতকালত সঘনাই চৰ্দি-জ্বৰত ভোগে নেকি? কেনেকৈ কৰিব প্ৰতিৰোধ জানক
কিয় ভোক কমিব পাৰে? ই কি কি ৰোগৰ লক্ষণ হ'ব পাৰে? জানক