নেশ্যনেল হেৰাল্ড কেলেংকাৰীৰ গোচৰত বৃহৎ সকাহ লাভ ৰাহুল-ছোনিয়াৰ, ইডিৰ অভিযোগনামা গ্ৰহণ কৰিবলৈ অস্বীকাৰ আদালতৰ
ইডিয়ে ৯ এপ্ৰিলত অবৈধ ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত গান্ধী পৰিয়াল আৰু অন্যান্য অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। ৰাউজ এভিনিউ আদালতৰ বিশেষ সাংসদ/বিধায়ক আদালতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

নেশ্যনেল হেৰাল্ড গোচৰত সকাহ
নেশ্যনেল হেৰাল্ডৰ গোচৰত বৃহৎ সকাহ লাভ কৰিছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আদিয়ে। বৰ্তমান নেশ্যনেল হেৰাল্ডৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত প্ৰৱৰ্তক সঞ্চালকালয়ে (ইডি) দাখিল কৰা অভিযোগনামাৰ সন্দৰ্ভত গুৰুত্ব দিবলৈ অস্বীকাৰ কৰিছে ৰাউজ এভিনিউ আদালতে। অৱশ্যে ইডিৰ তদন্ত অব্যাহত থাকিব পাৰে বুলি আদালতে উল্লেখ কৰিছে।
ইডিয়ে ৯ এপ্ৰিলত অবৈধ ধন সৰবৰাহ প্ৰতিৰোধ আইন (PMLA)ৰ অধীনত গান্ধী পৰিয়াল আৰু অন্যান্য অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। ৰাউজ এভিনিউ আদালতৰ বিশেষ সাংসদ/বিধায়ক আদালতত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
২০২৫ চনৰ নৱেম্বৰ মাহত ইডিয়ে PMLAৰ ধাৰা ৬৬(২)ৰ অধীনত দিল্লী আৰক্ষীক অৱগত কৰে আৰু সেই তথ্যৰ ভিত্তিত আৰক্ষীৰ EOW-এ ২০২৫ চনৰ ৩ অক্টোবৰত ছোনিয়া, ৰাহুল, আৰু অন্যান্যৰ বিৰুদ্ধে নতুন এফআইআৰ দাখিল কৰে (আইপিচিৰ ধাৰা ৪২০, ৪০৬, ৪০৩, আৰু ১২০-বি: প্ৰতাৰণা, বিশ্বাস ভংগ, আৰু ষড়যন্ত্ৰ)।
নেচনেল হেৰাল্ডৰ গোচৰটো কি?
ভাৰতৰ এক বৃহৎ ৰাজনৈতিক আৰু আইনী বিতৰ্কৰ শিপা হৈ পৰিছে নেশ্যনেল হেৰাল্ড গোচৰ। ইয়াৰ আৰম্ভণি হৈছিল ২০১২ চনত বিজেপি নেতা সুব্ৰমণিয়ান স্বামীৰ অভিযোগৰ পৰা। এইটো নেশ্যনেল হেৰাল্ড কাকত (১৯৩৮ চনত জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰা) চলোৱা কোম্পানী এছ’চিয়েটেড জাৰ্নেলছ লিমিটেড (এজেএল)ৰ সৈতে জড়িত। এজেএল ঋণৰ বোজাত পৰিল, আৰু কংগ্ৰেছ পাৰ্টিয়ে ইয়াক ৯০.২৫ কোটি টকা সুতমুক্ত ঋণ প্ৰদান কৰিলে।
এই ঋণ পিছলৈ ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড (YIL) নামৰ কোম্পানী এটালৈ মাত্ৰ ৫ মিলিয়ন টকাৰ বিনিময়ত হস্তান্তৰ কৰা হয়, যাৰ জৰিয়তে এজেএলৰ সম্পত্তি (দিল্লী, মুম্বাই আদিত) কোটি কোটি টকাৰ YIL-ৰ নিয়ন্ত্ৰণলৈ আহিল। ইডিৰ অভিযোগ যে এইটো ব্যক্তিগত লাভৰ বাবে চৰকাৰী সম্পত্তি দখল কৰা, প্ৰৱঞ্চনা, আস্থা ভংগ, ধন সৰবৰাহৰ সৈতে জড়িত ষড়যন্ত্ৰ আছিল।