My Home Group: মাই হোম গ্ৰুপৰ অনন্য কৃতিত্ব, চাৰিটাকৈ বঁটা জয়েৰে দেখুৱালে শ্ৰেষ্ঠত্ব

আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হোৱা গ্ৰীণ বিল্ডিং কংগ্ৰেছ সন্মিলনত মুঠ চাৰিটা বঁটা লাভ কৰে মাই হোম গ্ৰুপে। এই সন্মিলনত দেশৰ ভিন্ন ৰাজ্যৰ বহু সংখ্যক ব্যক্তি উপস্থিত থাকে। ইয়াৰ উপৰিও বিদেশৰ পৰাও আহিছিল কেইবাটাও উদ্যোগ গোটৰ বিষয়া। সেই সন্মিলনতে মাই হোম গ্ৰুপে লাভ কৰিছে নিজৰ সাফল্যৰ সন্মান।

My Home Group: মাই হোম গ্ৰুপৰ অনন্য কৃতিত্ব, চাৰিটাকৈ বঁটা জয়েৰে দেখুৱালে শ্ৰেষ্ঠত্ব

মাই হোম গ্ৰুপৰ অনন্য কৃতিত্ব

Updated On: 

28 Nov 2025 16:50 PM

নিৰ্মাণ কোম্পানী হিচাপে মাই হোম গ্ৰুপে (My Homes Groups) দেশত সম্প্ৰতি এক নতুন মাপকাঠি স্থাপন কৰিছে। ইয়াৰ সমান্তৰালকৈ জয় কৰিছে গ্ৰাহকৰ হৃদয়। এনে জনপ্ৰিয়তা তথা আস্থাৰ আধাৰত মাই হোম গ্ৰুপে লাভ কৰিছে বিশেষ সন্মান। প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ চাৰিটা বঁটা লাভ কৰি এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। লগতে এনে কৃতিত্বৰ জৰিয়তে কোম্পানীটোৱে দেশত এতিয়া নিজকে এক অনন্য ৰূপত উপস্থাপন কৰিছে।

আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হোৱা গ্ৰীণ বিল্ডিং কংগ্ৰেছ সন্মিলনত মুঠ চাৰিটা বঁটা লাভ কৰে মাই হোম গ্ৰুপে। এই সন্মিলনত দেশৰ ভিন্ন ৰাজ্যৰ বহু সংখ্যক ব্যক্তি উপস্থিত থাকে। ইয়াৰ উপৰিও বিদেশৰ পৰাও আহিছিল কেইবাটাও উদ্যোগ গোটৰ বিষয়া। সেই সন্মিলনতে মাই হোম গ্ৰুপে লাভ কৰিছে নিজৰ সাফল্যৰ সন্মান।

পিছে কি উৎসৰ আধাৰত মাই হোম গ্ৰুপে এই সন্মান লাভ কৰিলে? মাই হোম গ্ৰুপৰ সূত্ৰ অনুসৰি এই কোম্পানীটোৱে বিগত কেইটামান বছৰৰ পৰা মুম্বাইকে ধৰি কেইবাখনো ৰাজ্যত নিৰ্মাণ কামত বিভিন্ন নজিৰ গঢ়ি তুলিছে। ১৯৮১ চনৰ পৰা কোম্পানীটোৰ যাত্ৰা আৰম্ভ হৈছিল আৰু বাধাহীনভাৱে এই ধাৰা এতিয়াও অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।

ইয়াৰ বিপৰীতে এতিয়া নিৰ্মাণ খণ্ডৰ উপৰিও মাই হোম গ্ৰুপে আন কেইবাটাও ৰিয়েল এষ্টেট সম্পৰ্কীয় ব্যৱসায়তো অগ্ৰসৰ হৈছে। আজি এই সন্মান লাভৰ পিছত উপস্থিত ইণ্ডিয়ান গ্ৰীণ বিল্ডিং কাউঞ্চিলৰ সদস্যসকলে ‘মাই হোম গ্ৰুপ’ৰ প্ৰদৰ্শন আৰু নিৰ্মাণ কাৰ্যত কোম্পানীটোৰ অৱদানৰ উচ্চ প্ৰশংসা কৰে।

উল্লেখ্য যে এই গ্ৰীণ বিল্ডিং কংগ্ৰেছ সন্মিলন নিৰ্মাণ খণ্ডৰ সৈতে জড়িত কোম্পানীসমূহৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। প্ৰতিবাৰেই বহু কোম্পানীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে। পূৰ্বৰ দৰেই এইবাৰো বহুসংখ্যক কোম্পানীয়ে সন্মিলনত অংশগ্ৰহণ কৰিছিল। অৱশ্যে সকলোকে অতিক্ৰমি ‘মাই হোম গ্ৰুপ’- এ সন্মিলনত বিশেষ ৰূপত উজ্বলি উঠিবলৈ সক্ষম হয়।

ভৰি ওপৰা-উপৰিকৈ দি বহিলে হ’ব পাৰে এনে ৬টা চিন্তনীয় সমস্যা, এতিয়াই জানি লওক
পৃথিৱীৰ সবাতোকৈ শক্তিশালী মন্ত্ৰ কি? যিয়ে নাইকীয়া কৰিব পাৰে সকলো সমস্যা..
যকৃতত সংক্ৰমণ হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ...
গা ধোৱাৰ সময়ত প্ৰস্ৰাৱ কৰিলে হ’ব পাৰে নেকি দেহৰ বিপদ? চাওক পূৰ্বে নজনা এই প্ৰশ্নৰ উত্তৰ
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...