অবৈধ প্ৰেমিকৰ বাবে নিজৰ ৩ বছৰীয়া সন্তানক হত্য়া কৰিলে মাতৃয়ে

ঘটনাৰ দিনা কাজল প্ৰেমিকক লগ কৰিবলৈ যাব ওলাইছিল। কিন্তু তেতিয়া তেওঁৰ ৩.৫ বছৰীয়া কন্যাই মাকক সাৱতি কান্দিবলৈ আৰম্ভ কৰিছিল। কন্যাৰ বাবে প্ৰেমিকক লগ কৰিবলৈ যাব পৰা নাছিল মহিলাগৰাকীয়ে।

অবৈধ প্ৰেমিকৰ বাবে নিজৰ ৩ বছৰীয়া সন্তানক হত্য়া কৰিলে মাতৃয়ে

বিহাৰৰ ঘটনা

Published: 

27 Aug 2024 14:34 PM

কিমান নৃশংস হ’লে এগৰাকী মাতৃয়ে নিজ সন্তানক হত্যা কৰিব পাৰে?  মা শব্দটিত কুলষিত কৰা এনে এক ঘটনাই পোহৰলৈ আহিছে য’ত এগৰাকী মহিলাই অবৈধ প্ৰেমিকৰ বাবে নিজৰ ৩.৫ বছৰীয়া শিশুটিক হত্যা কৰে। মহিলাগৰাকীয়ে নিজ সন্তানৰ ডিঙি কাটি হত্যা কৰে আৰু মৃতদেহটো এটা ট্ৰ’লী বেগত ভৰাই ৰাস্তাৰ কাষত থৈ পলাই যায়। অভিযুক্ত মহিলাগৰাকীক আৰক্ষীয়ে ৰবিবাৰ- সোমবাৰ নিশা প্ৰায় ডেৰ বজাত আটক কৰে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ মুজফ্ফৰ জিলাত।

ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰৰ পৰা নিৰুদ্দেশ আছিল মহিলাগৰাকী আৰু শনিবাৰে (২৬ আগষ্ট) তেওঁৰ সন্তানৰ মৃতদেহ ঘৰৰ ওচৰৰ পৰাই এটা ট্ৰ’লী বেগত উদ্ধাৰ হৈছিল। জানিব পৰা মতে ঘটনা সংঘটিত কৰিয়েই কাজল কুমাৰী নামৰ মহিলাগৰাকীয়ে নিজৰ অবৈধ প্ৰেমিকৰ ওচৰত পলাই গৈছিল।

কাজলৰ স্বামীয়ে আৰক্ষীৰ ওচৰত অভিযোগ উত্থাপন কৰি কয় যে, তেওঁৰ পত্নীয়ে তেওঁলোকৰ কন্যাক হত্যা কৰি প্ৰেমিকৰ সৈতে পলাই যায়। ইয়াৰ পিছতে আৰক্ষীয়ে ৰামপুৰহাৰীৰ প্ৰেমিকৰ ঘৰৰ পৰা অভিযুক্ত কাজল কুমাৰীক গ্ৰেপ্তাৰ কৰে।  জেৰাৰ সময়ত মহিলাগৰাকীয়ে হত্যাৰ কথা স্বীকাৰ কৰি কিয় এই ঘটনা সংঘটিত কৰিলে তাৰ বিষয়ে জনায়। মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা অনুসৰ ঘটনাৰ দিনা কাজল প্ৰেমিকক লগ কৰিবলৈ যাব ওলাইছিল। কিন্তু তেতিয়া তেওঁৰ ৩.৫ বছৰীয়া কন্যাই মাকক সাৱতি কান্দিবলৈ আৰম্ভ কৰিছিল। কন্যাৰ বাবে প্ৰেমিকক লগ কৰিবলৈ যাব পৰা নাছিল মহিলাগৰাকীয়ে, যাৰ বাবে ডিঙি কাটি তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰে।

কাজলে কয় যে, হত্যাৰ পাছতে মৃতদেহটো এটা ট্ৰ’লী বেগত ভৰাই থৈ ৰাস্তাত পেলাই থৈ যায়। লগতে নিজৰ ফোনৰ সকলো ডাটা ডিলিট কৰি প্ৰেমিকৰ ওচৰলৈ যায়। মহিলাগৰাকীয়ে জনোৱা অনুসৰি প্ৰেমিকে তেওঁক অকলেহে নিজৰ কৰি লোৱাৰ প্ৰতিশ্ৰুতি দিছিল। যাৰ বাবে মহিলাগৰাকীয়ে নিজ সন্তানক হত্যা কৰে। কিন্তু এতিয়া তেওঁৰ অনুশোচনা হৈছে আৰু বাৰে বাৰে সন্তানলৈ মনত পৰি থাকে। আৰক্ষীয়ে কয় যে, এই ঘটনাত এতিয়ালৈকে প্ৰেমিক জড়িত থকাৰ কোনো ক্লু বিচাৰি পোৱা নাই। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে।

মন্দিৰলৈ যাওঁতে কি কি কথা মনত ৰখা উচিত? প্ৰেমানন্দ মহাৰাজৰ পৰা জানক...
এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? দেহত এলাৰ্জী কিয় হয় জানো আহক
বৃদ্ধি নহয় ব্লাড চুগাৰ! খাদ্য খোৱাৰ পূৰ্বে কৰক এই কাম...
ঘৰত কেতিয়াও নহ'ব ধনৰ অভাৱ, মাত্ৰ কৰক এই কাম!
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা