চুবুৰীয়াৰ সৈতে মাতৃৰ প্ৰেম, সহ্য নহ’ল পুত্ৰৰ! ২৭ বাৰকৈ ছুৰীকাঘাত, তাৰ পিছত…
লোককেইজনে হৰেন্দ্ৰ গৌৰক ২৭ বাৰ ছুৰীৰে আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰে। এই সময়ছোৱাত হৰেন্দ্ৰৰ পত্নীয়ে তেওঁক বচাবলৈ বহু চেষ্টা কৰিছিল যদিও অপৰাধীৰ আক্ৰমণত তেওঁ আহত হয়। ঘটনাৰ পিছতে অভিযুক্তই পলায়ন কৰে। এই কথাও পোহৰলৈ আহিছে যে তিনিজন আক্ৰমণকাৰীৰ ভিতৰত এগৰাকী মহিলা আছিল।

প্ৰতীকি ফটো
পুনৰ অবৈধ প্ৰেমৰ বাবে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মাতৃৰ অবৈধ সম্পৰ্কত ক্ষুব্ধ হৈ এজন পুত্ৰই প্ৰেমিকৰ পিতৃক হত্যা কৰে। এই ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰাৰ লগতে ঘটনাস্থলীত এক বৃহৎ জনসমাগম পৰিলক্ষিত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৃতদেহটো। লগতে এই ঘটনাৰ দুজন সন্দেহযুক্ত লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা মতে, অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব।
এই ঘটনা সংঘটিত হৈছে গোপালগঞ্জ জিলাৰ ভোৰে থানা এলেকাৰ অন্তৰ্গত বাংকটা জাগিৰদাৰী গাঁৱত। খবৰ অনুসৰি মৃত হৰেন্দ্ৰ গৌৰ (৫০) পুত্ৰ মিথুন গৌৰৰ চুবুৰীত বাস কৰা অমৰ কুশৱাহাৰ পুত্ৰ ঝুলনৰ পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। ইয়াৰ ফলত দুয়োটা পৰিয়ালৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। শেহতীয়াকৈ এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ ফলত গাঁওখনত ব্যাপক হুলস্থুলৰ সৃষ্টি হয়। বিষয়টো সমাধানৰ চেষ্টাত এখন পঞ্চায়ত অনুষ্ঠিত হয়।
ইয়াৰ পিছতো অমৰ কুশৱাহাৰ পুত্ৰ অভিষেক কুশৱাহাই মিথুন আৰু তেওঁৰ পৰিয়ালক ভাবুকি দি থাকিল। অভিযোগ অনুসৰি সোমবাৰে পুৱা প্ৰায় ১০ বজাত ঝুলনৰ পুত্ৰই মিথুনৰ পিতৃক ছুৰীৰে আঘাত কৰি হত্যা কৰে। হৰেন্দ্ৰ গৌৰে নিজৰ পথাৰত হালধি ৰুই থকাৰ সময়তে সংঘটিত হয় এই আক্ৰমণ। জানিব পৰা মতে, মটৰ চাইকেলত তিনিজন লোক ঘটনাস্থলীত উপস্থিত হৈ হৰেন্দ্ৰক গালি-গালাজৰ লগতে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।
ইয়াৰ পিছতে লোককেইজনে হৰেন্দ্ৰ গৌৰক ২৭ বাৰ ছুৰীৰে আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰে। এই সময়ছোৱাত হৰেন্দ্ৰৰ পত্নীয়ে তেওঁক বচাবলৈ বহু চেষ্টা কৰিছিল যদিও অপৰাধীৰ আক্ৰমণত তেওঁ আহত হয়। ঘটনাৰ পিছতে অভিযুক্তই পলায়ন কৰে। এই কথাও পোহৰলৈ আহিছে যে তিনিজন আক্ৰমণকাৰীৰ ভিতৰত এগৰাকী মহিলা আছিল। হত্যাকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিজৰ দখললৈ লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। হত্যাকাণ্ডত ব্যৱহৃত ছুৰী আৰু বাইক উদ্ধাৰ কৰা হৈছে।
এই ঘটনাত আৰক্ষীয়ে দুজন লোকক আটক কৰি জেৰা আৰম্ভ কৰিছে। আৰক্ষীয়ে শীঘ্ৰে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি গোচৰটো সমাধান কৰিব বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে জনোৱা মতে, প্ৰথম অৱস্থাত এই গোচৰটো অবৈধ সম্পৰ্কৰ সৈতে জড়িত বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
লগতে পঢ়ক: বিয়াৰ ৫ মাহৰ পিছত বিচাৰিছিল বিচ্ছেদ! চোতালত কাম কৰি অৱস্থাতে স্বামীৰ বৰ্বৰ কাণ্ড…