অতি ভয়ংকৰ! প্ৰথমে পত্নী আৰু পাছত মাতৃৰ সৈতে ডাঙৰ কাণ্ড যুৱকৰ…

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। সুৰাৰ ৰাগীত এজন লোকে নিজৰ পত্নী আৰু মাতৃক হত্যা কৰে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

অতি ভয়ংকৰ! প্ৰথমে পত্নী আৰু পাছত মাতৃৰ সৈতে ডাঙৰ কাণ্ড যুৱকৰ...

গ্ৰেপ্তাৰ স্বামী

Published: 

13 Jan 2026 | 02:00 PM

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে কিছুমান অপৰাধজনিত ঘটনা পোহৰলৈ আহে। শেহতীয়াকৈ পুনৰ এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। নিচাসক্ত পুত্ৰই নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি পত্নী আৰু মাতৃক হত্যা কৰে। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কুশীনগৰৰ অহিৰৌলী বজাৰ থানা এলেকাত।

প্ৰাপ্ত খবৰ অনুসৰি, চিকন্দৰ নামৰ লোকজনে ২৮ বছৰীয়া পত্নী আৰু ৬০ বছৰীয়া মাতৃক অতি নৃশংসভাৱে হত্যা কৰে। অভিযুক্ত চিকন্দৰ এজন সুৰাপায়ী। তেওঁ প্ৰায়ে সুৰাপান কৰি আহি ঘৰত কাজিয়া কৰে। অন্য দিনাৰ দৰে তেওঁ ১২ জানুৱাৰীত ঘৰলৈ আহে আৰু পত্নীৰ সৈতে কাজিয়া কৰিবলৈ আৰম্ভ কৰে। এই কাজিয়াৰ পৰিণতিতে তেওঁ ডাঙৰ পাথৰ এটাৰে পত্নীক প্ৰহাৰ কৰে। যাৰ ফলত অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পত্নী।

স্বামী-স্ত্ৰীৰ মাজত কাজিয়া লগা দেখি সেই স্থানলৈ আহে মাতৃ। কিন্তু অভিযুক্তই মাতৃকো এৰি নিদিলে। মাতৃকো চিকন্দৰে এটা ডাঙৰ পাথৰেৰে প্ৰহাৰ কৰে। যেতিয়ালৈকে মাতৃ আৰু পত্নীৰ মৃত্যু নহয়, তেতিয়ালৈকে অভিযুক্তই দুয়োকে প্ৰহাৰ কৰিয়ে থাকে। যাৰ ফলত ঘটনাস্থলীত দুয়োৰ মৃত্যু হয়। জানিব পৰা মতে, মাত্ৰ দুদিন পূৰ্বে তেওঁ পত্নীক মাকৰ ঘৰৰ পৰা মাতি আনিছিল।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে পুত্ৰ।

 

 

অন্য খবৰ পঢ়কঃ আৰক্ষীৰ পৰা জনপ্ৰিয় গায়কলৈ…নিশাৰ ভিতৰত কেনেকৈ সলনি হৈছিল প্ৰশান্তৰ ভাগ্য…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...