শোকাৱহ! মহ মৰা কইল হ’ল যুৱকৰ মৃত্যুৰ কাৰণ, গুৰুতৰভাৱে আহত মাতৃও; কেনেকৈ ঘটিল এনে কাণ্ড
তেলেংগানাৰ হায়দৰাবাদ চহৰত মহ মৰা কইলৰ পৰা সংঘটিত হোৱা এক ভয়ানক অগ্নিকাণ্ডত ২৭ বছৰীয়া এজন যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে যুৱকজনৰ মাতৃও অগ্নিদগ্ধ হোৱাৰ ফলত গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত মহিলাগৰাকী সম্প্ৰতি চিকিৎসাধীন হৈ আছে।

মহ মৰা কইলৰ ফলত হয় বিস্ফোৰণ
অসমীয়াত এষাৰ কথা আছে- ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ। জুইৰ এটি সামান্য শিখাই ভস্মীভূত কৰিব পাৰে সকলো। তথাপি মহ খেদা এটুকুৰা কইলো যে এক ভয়াৱহ অগ্নিকাণ্ডৰ কাৰণ হ’ব পাৰে, সেয়া হয়তো কোনো লোকেই ভাবিব নোৱাৰিব। পিছে এই ঘটনা অসম্ভৱো নহয়। আচৰিত যেন লাগিলেও এই মহ খেদোৱা কইলৰ পৰাই ভস্মীভূত হৈছে এটা বাসগৃ্হ। এই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছে এগৰাকী যুৱকে। লগতে গুৰুতৰভাৱে আহত হৈছে যুৱকজনৰ মাতৃও। এই শোকাৱহ ঘটনা সংঘটিত হৈছে তেলেংগানাত।
তেলেংগানাৰ হায়দৰাবাদ চহৰত মহ মৰা কইলৰ পৰাই সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ২৭ বছৰীয়া এজন যুৱক জুইত সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ ফলত মৃত্যুমুখত পৰে। আনহাতে যুৱকজনৰ মাতৃও অগ্নিদগ্ধ হয়। সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।
প্ৰকাশিত খবৰ অনুসৰি হায়দৰাবাদৰ কুকটপল্লী চহৰত ফিজিঅ’থেৰাপিষ্ট হিচাপে কৰ্মৰত আছিল এগৰাকী যুৱতী। চহৰত নিজ পিতৃ-মাতৃৰ সৈতে একেলগে আছিল বিমলা নামৰ যুৱতীগৰাকী। শেহতীয়াকৈ বিমলাৰ ভাতৃ অভিষেকো শিক্ষাগ্ৰহণৰ বাবে চহৰলৈ আহিছিল আৰু পৰিয়ালৰ সৈতে একেটা ঘৰতে থাকিবলৈ লৈছিল।
ঘটনাৰ নিশা মহৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে কইল জ্বলাই শুই পৰিছিল সকলো লোক। পিতৃ মাতৃৰ সৈতে একেটা কোঠাতে শুইছিল অভিষেকো। সকলো গভীৰ নিদ্ৰাত থকাৰ সময়তে জ্বলাই থোৱা কইলৰ পৰা জুইৰ সামান্য স্ফুলিংগ কাষতে থকা কোনো বস্তুৰ ওপৰত পৰে আৰু লগে লগে জ্বলি উঠে। এই ঘটনাৰ বিষয়ে পিছে কোনো উমান পোৱা নাছিল পৰিয়ালটোৱে।
লাহে লাহে এই জুইৰ প্ৰকোপ বৃদ্ধি পায় আৰু কোঠাটোত বিয়পি পৰে। এইদৰে অধিক ব্যাপ্ত হৈ পৰা জুইৰ শিখা পাকঘৰলৈয়ো বিয়পি পৰে আৰু চিলিণ্ডাৰত জুই লাগিল। জুয়ে চিলিণ্ডাৰটো আগুৰি ধৰাৰ পিছতে এক প্ৰবল বিস্ফোৰণ ঘটে। এই বিস্ফোৰণৰ ফলত নিদ্ৰাৰত অৱস্থাত থকা অভিষেকৰ থিতাতে মৃত্যু হয়। আনহাতে অগ্নিদগ্ধ হোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় তেওঁৰ মাতৃ।
সংকটজনক অৱস্থাত মহিলাগৰাকীক ততাতৈয়াকৈ স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত থকা মহিলাগৰাকীৰ স্থাস্থ্যৰ অৱস্ত্যহা এতিয়াওসংকটমুক্ত হোৱা নাই বুলি জানিব পৰা গৈছে। ইফালে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত গোটেই ঘৰটোতে জুইৰ লেলিহান শিখাই আৱৰি ধৰা দেখি চুবুৰীয়া লোকসকলে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।
ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপন কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। এই অগ্নিকাণ্ডত বিমলাৰ লগতে তেওঁৰ পিতৃ কোনো হানি নঘটাকৈ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে। কিন্তু নিজ পুত্ৰ তথা ভাতৃক হেৰুৱাই দুয়ো সম্প্ৰতি শোকত ভাগি পৰিছে।