বাজেটৰ পূৰ্বে মৰাপাটৰ MSP বৃদ্ধিৰ সিদ্ধান্ত মোদী কেবিনেটৰ…লাভৱান হ’ব অসমৰ খেতিয়ক…

কেন্দ্ৰই কেঁচা মৰাপাটৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে। ২০২৫-২৬ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ এম এছ পি ৬ শতাংশ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ লগে লগে কেঁচা মৰাপাটৰ প্ৰতি কুইণ্টলৰ দাম হ'ব ৫৬৫০ টকা।

বাজেটৰ পূৰ্বে মৰাপাটৰ MSP বৃদ্ধিৰ সিদ্ধান্ত মোদী কেবিনেটৰ...লাভৱান হব অসমৰ খেতিয়ক...

মোদী কেবিনেট

Published: 

22 Jan 2025 | 05:47 PM

বাজেটৰ পূৰ্বে মোদী কেবিনেটে কৃষি আৰু স্বাস্থ্য সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বুধবাৰৰ কেবিনেট বৈঠকত কেঁচা মৰাপাটৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ লগতে আগন্তুক ৫ বছৰলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে এই তথ্য প্ৰকাশ কৰিছে । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক।

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালৰ মতে, মন্ত্ৰীসভাই কেঁচা মৰাপাটৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰিছে। ২০২৫-২৬ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ এম এছ পি ৬ শতাংশ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ লগে লগে কেঁচা মৰাপাটৰ প্ৰতি কুইণ্টলৰ দাম হ’ব ৫৬৫০ টকা। অৰ্থাৎ কেঁচা মৰাপাটৰ নূন্যতম সমৰ্থন মূল্য ৩১৫ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে ।

গোৱালৰ মতে, মন্ত্ৰীসভাৰ এই সিদ্ধান্তৰ দ্বাৰা মৰাপাট খেতিয়কসকল উপকৃত হ’ব। বিহাৰ, বংগ আৰু অসমত মৰাপাটৰ খেতি বৃহৎ পৰিমাণে কৰা হয়। এই সিদ্ধান্তৰ দ্বাৰা এই অঞ্চলসমূহৰ ৪০ লাখ কৃষকৰ পৰিয়াল পোনপটীয়াকৈ উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰই ।

উল্লেখ্য যে, ৪০ লাখ কৃষক পৰিয়ালৰ জীৱিকা প্ৰত্যক্ষ বা পৰোক্ষভাৱে মৰাপাট উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। প্ৰায় ৪ লাখ শ্ৰমিকে মৰাপাট মিলত প্ৰত্যক্ষ কৰ্মসংস্থাপন আৰু মৰাপাটৰ ব্যৱসায় লাভ কৰে। যোৱা বছৰ ১.৭ লাখ কৃষকৰ পৰা মৰাপাট ক্ৰয় কৰা হৈছিল। দেশৰ ৮২ শতাংশ মৰাপাট খেতিয়ক পশ্চিম বংগৰ অন্তৰ্গত হোৱাৰ বিপৰীতে অসম আৰু বিহাৰৰ মৰাপাটৰ উৎপাদনৰ ৯ শতাংশকৈ অংশ আছে।

ইফালে কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই অভিযান আগন্তুক ৫ বছৰ ধৰি অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...