আইতাকৰ ঘৰত ফুৰিব গৈ নিৰুদ্দেশ! পাছত পানীৰ টেংকিৰ পৰা উদ্ধাৰ শিশুৰ মৃতদেহ…
পুনৰ নৃশংসভাৱে প্ৰাণ হেৰুৱালে এটি শিশুয়ে। জানিব পৰা মতে, শিশুটিয়ে আইতাকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল। কিন্তু তাতেই তেওঁৰ মৃত্যু হয়। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

ঘটনাস্থলী
পুনৰ পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। আইতাকৰ ঘৰলৈ ফুৰিব যোৱা এটি ৭ বছৰীয়া শিশু মঙলবাৰে হঠাতে সন্ধানহীন হৈ পৰে। পাছত পৰিয়ালৰ লোকে তেওঁৰ বিচাৰ খোচৰ কৰে যদিও সম্ভেদ নাপায়। এই কথাক লৈ পৰিয়ালৰ লোক চিন্তিত হয় আৰু আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। নিৰুদ্দেশৰ এদিন পাছতে বুধবাৰ (১ অক্টোবৰ)য়ে শিশুটিৰ মৃতদেহ এটা পানীৰ টেংকিৰ পৰা উদ্ধাৰ হয়। এই ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ পুৰণি চহৰ মদন্নাপেট থানাৰ সীমাৰ অন্তৰ্গত চাভুনীত।
লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতদেহটো উদ্ধাৰ কৰাৰ সময়ত শিশুটিৰ হাত-ভৰি পিঠিৰ পাছফালে বান্ধি থোৱা অৱস্থাত আছিল। গতিকে এয়া যে এক হত্যাকাণ্ড সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা শিশুটি কেনেকৈ পানীৰ টেংকি পালে তাক লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে।
আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, মঙলবাৰে শিশুটি মাতৃৰ সৈতে ফুৰিবলৈ বুলি আইতাকৰ ঘৰলৈ আহিছিল। কিন্তু হঠাতে সন্ধিয়া শিশুটি নিৰুদ্দেশ হৈ পৰে। লগে লগে পৰিয়ালে শিশুটিক বিচাৰে যদিও কোনো সম্ভেদ লাভ নকৰে। পাছত সেই শিশুটিৰ মৃতদেহ এতিয়া পানীৰ টেংকিৰ পৰা উদ্ধাৰ হৈছে।
শিশুটিৰ মৃত্যুৰ পাছতে এতিয়া সমগ্ৰ পৰিয়াল শোকত ভাঙি পৰিছে। পৰিয়ালৰ লগতে স্থানীয় ৰাইজেও ঘটনাই উচিত তদন্তৰ দাবী জনাইছে। কোনো, কি কাৰণে এই হত্যাকাণ্ড সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সকলো দিশ সামৰি বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ শুল্ক সন্দৰ্ভত ট্ৰাম্পক সকীয়নি পুটিনৰ! ক’লে, ভাৰতে কেতিয়াও আমেৰিকাৰ ওচৰত শিৰনত নকৰে…