চাহ বিক্ৰেতাৰ জঘন্য কাণ্ড! ভাতৃৰ লগত শুই থকা কিশোৰীৰ লগত অপকৰ্ম শৈলেন্দ্ৰ সিঙৰ

১৭ আগষ্টৰ নিশাও দুই ভাই- ভগ্নীয়ে এছ পি কাৰ্যালয়ৰ সমীপৰ শৈলেন্দ্ৰ সিঙৰ চাহৰ দোকানৰ বাহিৰত শুয়ে। কিন্তু তেতিয়াই ঘটে অঘটন।  শৈলেন্দ্ৰ সিঙে কিশোৰীগৰাকীৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰে।

চাহ বিক্ৰেতাৰ জঘন্য কাণ্ড! ভাতৃৰ লগত শুই থকা কিশোৰীৰ লগত অপকৰ্ম শৈলেন্দ্ৰ সিঙৰ

পুনৰ কামনাৰ বলি ১0 বছৰীয়া কিশোৰী

Updated On: 

25 Aug 2024 | 08:07 PM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। বিশেষকৈ নাৰীজনিত অপৰাধমূলক ঘটনাই দেশত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। পুনৰ এক ধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে য’ত এগৰাকী চাহ বিক্ৰী কৰালোকে এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰে। জানিব পৰা মতে মাতৃৰ মৃত্যুৰ পাছত পিতৃয়ে কিশোৰীগৰাকীক ঘৰৰ পৰা খেদি দিছিল। কোনো মতে জীৱন নিৰ্বাহ কৰি থকা কিশোৰীগৰাকীক অভিযুক্ত শৈলেন্দ্ৰ সিং নামৰ চাহ বিক্ৰেতাজনে ধৰ্ষণ কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ উন্নাওত।

তথ্য অনুসৰি ড্ৰাগছ আসক্ত পিতৃয়ে তেওঁৰ ১৫ বছৰীয়া কন্যা আৰু ১৩ পুত্ৰ সন্তানক ঘৰৰ পৰা খেদি দিছিল। তাৰ পাছত কিশোৰীগৰাকীয়ে আদালত, থানা আদিৰ আশে- পাশে পান মছলা, পানী আদি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল। ঘৰ নাছিল তেওঁলোকৰ, ভাড়াত থাকিবৰ বাবেও পৰ্যাপ্ত টকা নাছিল। যাৰ বাবে নিশা হ’লে য’তে ত’তে শুই পৰিছিল দুয়ো। অইন দিনাৰ দৰে ১৭ আগষ্টৰ নিশাও দুই ভাই- ভগ্নীয়ে এছ পি কাৰ্যালয়ৰ সমীপৰ শৈলেন্দ্ৰ সিঙৰ চাহৰ দোকানৰ বাহিৰত শুয়ে। কিন্তু তেতিয়াই ঘটে অঘটন।  শৈলেন্দ্ৰ সিঙে কিশোৰীগৰাকীৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে কিশোৰীগৰাকীৰ ভাতৃৰ অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল কৰি চাহ বিক্ৰেতা শৈলেন্দ্ৰ সিঙক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, ঘটনাৰ ৩ দিন পাছত ২০ আগষ্টৰ দিনা কিশোৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক জনায়। কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতে ২৪ আগষ্টত অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

কোতৱালিৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া প্ৰমোদ মিশ্ৰই কয় যে ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। ইতিমধ্যে অভিযুক্তক জেললৈ প্ৰেৰণ কৰাও হৈছে। কিশোৰীগৰাকীৰ মাতৃৰ মৃত্যুৰ পাছত পিতৃয়ে দুই ভগ্নী- ভাতৃক ঘৰৰ পৰা খেদি দিছিল। যাৰ বাবে তেওঁলোকে নিশা হ’লে য’তে ত’তে শুইছিল। কিন্তু তেনে অৱস্থাতে এদিন অভিযুক্তই কিশোৰীগৰাকীক ধৰ্ষণ কৰিছে। ঘটনা সন্দৰ্ভত অধিক তথ্য অব্যাহত আছে। বৰ্তমান কিশোৰীগৰাকী আৰু ভাতৃ তেওঁলোকৰ মাহীয়েকৰ ঘৰত থাকে বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি আৰক্ষীয়ে এই ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল। CWC ৰ অধ্যক্ষ প্ৰীতি সিঙে কয় যে শনিবাৰে এগৰাকী অধিবক্তাই তেওঁক ফোন কৰি কৈছিল যে আদালতৰ বাহিৰত এটি কিশোৰী ৰুগীয়া অৱস্থাত পৰি আছে। সন্দেহ হৈছে যে কিশোৰীগৰাকীৰ লগত কিবা ঘটনা সংঘটিত হৈছে। তাৰ পাছতেই অধিবক্তাগৰাকীয়ে কিশোৰীগৰাকীক শিশু সংৰক্ষণ বিষয়াৰ ওচৰলৈ লৈ যায় আৰু তেতিয়াই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব