নৃশংস! কিশোৰীৰ লগত জঘন্য কাণ্ডৰ অভিযোগত মাতৃসহ গ্ৰেপ্তাৰ ৫ জন…

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে মানৱ জাতিক লজ্জিত কৰা এক ঘটনা পোহৰলৈ আহে। এগৰাকী কিশোৰীৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হয় মাতৃ। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

নৃশংস! কিশোৰীৰ লগত জঘন্য কাণ্ডৰ অভিযোগত মাতৃসহ গ্ৰেপ্তাৰ ৫ জন...

প্ৰতীকি ফটো

Published: 

03 Nov 2024 | 06:44 PM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। হত্যা, ধৰ্ষণ আদি বিভিন্ন অপৰাধজনিত ঘটনাৰ মাজতেই পোহৰলৈ আহিছে মানৱ জাতিক লজ্জাজনক কৰা আন এক ঘটনা। বিহাৰৰ ৰাজধানী পাটনাত এগৰাকী কিশোৰীৰ লগত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয়। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৫জন লোকৰ ভিতৰত কিশোৰীগৰাকীৰ মাতৃও আছে। জানিব পৰা মতে দলবদ্ধ ঘটনাৰ পাছত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কিশোৰীগৰাকী হাস্পাতাললৈ গৈছিল। চিকিৎসকে পৰীক্ষা কৰি দলবদ্ধ ধৰ্ষণৰ কথা নিশ্চিত হোৱাৰ পাছত আৰক্ষীক খবৰ দিয়ে।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।তদন্তত পোহৰলৈ আহে যে কিশোৰীগৰাকীৰ পিতৃ এগৰাকী শ্ৰমিক। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে জনাই যে, সতীয়া মাতৃয়ে কিশোৰীগৰাকীক দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰাইছিল আৰু প্ৰতিদিনে বেলেগ বেলেগ ঘৰলৈ পঠিয়াইছিল। পাটনাৰ ৰাজীৱ নগৰ থানা এলেকাৰ পাটলীপুত্ৰ হেৰিটেজ এপাৰ্টমেণ্টত তেওঁৰ সৈতে দলবদ্ধ আক্ৰমণৰ ঘটনা সংঘটিত হয়। লগে লগে আৰক্ষী আৰু এফ এছ এলৰ দলে ঘটনাস্থলীৰ পৰীক্ষা কৰে।

আৰক্ষীয়ে জনাই যে, মাতৃয়ে ফোনযোগে বিভিন্নজনৰ সৈতে কথা পাতি কিশোৰীগৰাকীক এপাৰ্টমেন্টলৈ পঠিয়াইছিল।  ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰি আৰক্ষী বিষয়া দীনেশ পাণ্ডে কয় যে,  ৰাজীৱ নগৰ থানাই পুৱাৰ ভাগত খবৰ লাভ কৰিছিল যে এগৰাকী কিশোৰীৰ লগত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে, কিশোৰীগৰাকীৰ লগত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁৰ গোপন অংগ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সেয়ে চিকিৎসাৰ বাবে কিশোৰীগৰাকীৰ চিকিৎসালয়লৈ আহিছিল আৰু তেতিয়াই এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

আৰক্ষীয়ে জনাই যে, প্ৰথম অৱ্স্থাত ৩ জনলোকক আটক কৰা হয়। তেওঁলোকৰ জেৰা কৰাৰ অন্তত ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ সতীয়া মাতৃৰ নাম পোহৰলৈ আহে। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক দেহ ব্যৱসায়ত নিয়োজিত কৰা সতীয়া মাতৃ আৰু আন কেইজনমানক গ্ৰেপ্তাৰ কৰে।

কিশোৰীগৰাকীৰ সতীয়া মাতৃ চাম্বাল দেৱী তেওঁলোকৰ ঘৰৰ ওচৰৰ আৰতী নামৰ এগৰাকী মহিলাৰ সৈতে চিনাকী হৈছিল। আৰতী নামৰ মহিলাগৰাকী চনু নামৰ এজন যুৱকৰ সৈতে লিভ ইন সম্পৰ্কত আছিল। আৰতী আৰু চনুৰ লগত মিলি কিশোৰীগৰাকীৰ মাতৃয়ে ভুক্তভোগীক দেহ ব্যৱসায়ত লিপ্ত কৰাইছিল। শেহতীয়াকৈ তেওঁলোকে অৰ্পিত নামৰ যুৱকজনৰ এপাৰ্টমেন্টলৈ কিশোৰীগৰাকীক লৈ যায়। তাতে অৰ্পিত, সঞ্জীৱ আদি কেইবাজনো যুৱকে মিলি কিশোৰীগৰাকীক ধৰ্ষণ কৰে।

জানিব পৰা মতে, এয়াই প্ৰথম নহয়। বিগত এবছৰ, দুবছৰ ধৰি কিশোৰীগৰাকীৰ হতুৱাই এনে অপকৰ্ম কৰাই আহিছিল সতীয়া মাতৃয়ে। কিছুদিন পূৰ্বে এই ঘটনা সংঘটিত হৈছিল যদিও দেওবাৰে আৰক্ষীয়ে এই সন্দৰ্ভত জনায়। বৰ্তমান ঘটনাৰ ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব