দুই সন্তানৰ পিতৃয়ে কোঠালৈ মাতি নিলে ১৫ বছৰীয়া কিশোৰীক! পাছত এক ভয়ংকৰ কাণ্ড…

এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে জন্ম দিলে এটি শিশুক। এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কিন্তু জন্মৰ পাছত কিশোৰীগৰাকীয়ে যি কথা কয় সেই কথাই আচৰিত কৰি তোলে সকলোকে।

দুই সন্তানৰ পিতৃয়ে কোঠালৈ মাতি নিলে ১৫ বছৰীয়া কিশোৰীক! পাছত এক ভয়ংকৰ কাণ্ড...

প্ৰতীকী ফটো

Published: 

12 Oct 2025 | 03:45 PM

এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে জন্ম দিলে এটি সন্তানক। যাৰ পাছত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাৰ তদন্তত প্ৰকাশ পাইছে যে কিশোৰীগৰাকীৰ সৈতে এজন লোকে ধৰ্ষণ কৰিছিল। ইতিমধ্যে POCSO আইনৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। সতীশ কুমাৰ নামৰ অভিযুক্তজন বিবাহিত আৰু দুই পুত্ৰ সন্তানৰ পিতৃ। এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ নামক্কলত।

অভিযুক্ত সতীশ কুমাৰ পেচাত এজন মেকানিক। তেওঁৰ দুচকীয়া বাহন মেৰামতি কৰাৰ এখন দোকান আছে। অভিযোগ অনুসৰি, ২০২৩ চনত ১৫ বছৰীয়া কিশোৰীগৰাকীয়ে ভনীয়েকৰ সৈতে তেওঁৰ দোকানলৈ চাইকেল ঠিক কৰিবলৈ গৈছিল। তেনেকৈ সতীশৰ সৈতে কিশোৰীগৰাকীৰ চিনাকী হৈছিল। পাছত কিশোৰীগৰাকীয়ে পঢ়া আধাতে এৰি হাঁহ-কুকুৰা পামত কাম কৰা আৰম্ভ কৰিছিল।

ঘৰলৈ মাতি নি জঘন্য কাণ্ড

তথ্য অনুসৰি, সতীশে কিশোৰীগৰাকীৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল। তেওঁলোকে সঘনাই ফোনত কথা পাতিছিল। সময়ৰ লগে লগে দুয়োৰে কথা বতৰা বাঢ়ি গৈছিল। পাছত দুয়ো লগ কৰা আৰম্ভ কৰে আৰু ভাল সময় অতিবাহিত কৰা আৰম্ভ কৰে। ইয়াৰ মাজতে ২০২৪ চনত সংঘটিত হয় এক ডাঙৰ ঘটনা।

এদিন সতীশে কিশোৰীগৰাকীক নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনায়। পাছত তেওঁক ধৰ্ষণ কৰে। যাৰ বাবে কিশোৰীগৰাকী গৰ্ভৱতী হয়। অৱশ্যে কিশোৰীগৰাকীয়ে সন্তান জন্ম দিয়াৰ পাছতহে সকলো কথা পোহৰলৈ আহে।

কিশোৰীগৰাকীয়ে চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ পাছতে চিকিৎসালয় প্ৰশাসনে আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। কিশোৰীগৰাকীয়ে কয় যে, সতীশে বিভিন্ন প্ৰলোভন দি তেওঁক জালত পেলাইছিল। ইমানেই নহয়, বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। কিশোৰীগৰাকীৰ মাক-দেউতাকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰে আৰক্ষীক।

POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি সতীশ কুমাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত তেওঁক আদালতত হাজিৰ কৰোৱা হয়। বৰ্তমান সতীশৰ জেৰা চলাই আছে। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! কোঠাৰ ভিতৰত ভয়ংকৰ কাণ্ড, উদ্ধাৰ এগৰাকী নাৰ্ছৰ মৃতদেহ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...