কলকাতা কাণ্ডঃ প্ৰতিবাদৰ পাছত কিয় চৰ্চাত আছে অভিনেত্ৰী মিমি চক্ৰৱৰ্তী?

কলকাতাৰ আৰ জি মেডিকেল কলেজ আৰু হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদ কৰি একপ্ৰকাৰ বিপদত পৰিছে অভিনেত্ৰী মিমি চক্ৰৱৰ্তীয়ে। এই সন্দৰ্ভত তেওঁ ছ'চিয়েল মিডিয়াত এক ফটো শ্বেয়াৰ কৰিছে।

কলকাতা কাণ্ডঃ প্ৰতিবাদৰ পাছত কিয় চৰ্চাত আছে অভিনেত্ৰী মিমি চক্ৰৱৰ্তী?

মিমি চক্ৰৱৰ্তী

Updated On: 

21 Aug 2024 | 03:56 PM

কলকাতাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত সমগ্ৰ দেশত প্ৰতিবাদ সাব্যস্ত হৈ আছে। এই কাণ্ডৰ বিৰোধিতা কৰিছে সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি অভিনেতা- অভিনেত্ৰীলৈ। হাজাৰ হাজাৰ মানুহ প্ৰতিবাদত নামি ন্যায়াৰ দাবী কৰিছে। তেনে এগৰাকী অভিনেত্ৰী তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ মিমি চক্ৰৱৰ্তী। অভিনেত্ৰীগৰাকীয়ে কলকাতা আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰোধিতা কৰি ছ’চিয়েল মিডিয়াত এক পোষ্ট কৰিছিল। কিন্তু তাৰ পাছতেই অভিনেত্ৰীগৰাকীৰ সমস্যা বাঢ়িছে আৰু নিৰাপত্তাহীনতাত ভুগিছে।

২০ আগষ্টত মিমি চক্ৰৱৰ্তীয়ে ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰোধিতা কৰি ছ’চিয়েল মিডিয়াত এক পোষ্ট কৰিছিল। কিন্তু তাৰ পাছতেই অভিনেত্ৰীগৰাকীক একাংশই ধৰ্ষণ কৰাৰ ভাবুকি প্ৰদান কৰিছে। ইয়াৰ স্ক্ৰীনশ্বট মিমিয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰো কৰিছে।তেওঁ লিখে, ”আমি মহিলাৰ বাবে ন্যায় বিচাৰি আছো। কিন্তু এইবোৰ ভিৰৰ মাজৰ কিছুমান মানুহ। যিয়ে ভিৰৰ মাজত মুখা পিন্ধি মহিলাক ধৰ্ষণ কৰাৰ ভাবুকি দিয়ে। এয়া যেন সাধাৰণ কথা হৈ পৰিছে। এনেলোক সকলেও কয় যে তেওঁলোকে মহিলাৰ সৈতে থিয় হৈ আছে। কেনেধৰণৰ শিক্ষা আৰু প্ৰতিপালনে এনে কৰিবলৈ অনুমতি দিয়ে?”

মিমি চক্ৰৱৰ্তীৰ এই পোষ্ট এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।মিমিয়ে এই পোষ্টটো কলকাতাৰ চাইবাৰ ক্ৰাইমটো টেগ কৰিছে। কলকাতা আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পাতালত সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ পাছত মিমিয়ে ১৪ আগষ্টৰ প্ৰতিবাদতো অংশ গ্ৰহণ কৰিছিল।

 

মিমি চক্ৰৱৰ্তী কোন

মিমি চক্ৰৱৰ্তীৰ জন্ম হৈছিল ১৯৮৯ চনৰ ১১ ফেব্ৰুৱাৰীত। তেওঁ এগৰাকী অভিনেত্ৰী, গায়িকা হোৱাৰ লগতে ৰাজনীতিবিদ। মিমিয়ে বিশেষকৈ বঙালী ছবি আৰু টিভিৰ পৰ্দাত কাম কৰে। তেওঁৰ প্ৰথমখন ছবি আছিল “বাপী বাৰী জা থী”। এই ছবিখনত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

ৰাজনীতিৰ ক্ষেত্ৰতো জড়িত আছে মিমি। ২০১৯ চনৰ পৰা ২০২৪ চনলৈ জাদপুৰ লোকসভা সমষ্টিৰ সাংসদ আছিল মিমি চক্ৰৱৰ্তী। তৃণমূল কংগ্ৰেছৰ সাংসদ হৈ থকা মিমিয়ে ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল।মিমি চক্ৰৱৰ্তী প্ৰায়  ৪৯  কোটি টকা সম্পত্তিৰ মালিক।

মিমিয়ে স্কুলীয়া শিক্ষা হোলী চাইল্ড স্কুল (জলপাইগুৰি) ৰ পৰা আৰম্ভ কৰিছিল আৰু পাছত চেইন্ট জেমছ স্কুলত সমাপ্ত কৰিছিল। কলা শাখাত তেওঁ কলকাতাৰ আশুকোষ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।মিমিয়ে কেৰিয়াৰৰ আৰম্ভণি এগৰাকী মডেল হিচাপে কৰিছিল। তাৰ পাছত তেওঁ অভিনয় জগতখনত সোমাই পৰিছিল।  মিমিয়ে ফেমিনা মিছ ইণ্ডিয়া অংশ গ্ৰহণ কৰিছিল। ২০০৮ চনত তেওঁ বেংগলী ধাৰাবাহিক চেম্পিয়নত প্ৰথম অভিনয় কৰিছিল।

উল্লেখ্য যে, ৯ আগষ্টত কলকাতাৰ আৰ জি মেডিকেল কলেজত কনিষ্ঠ চিকিৎস এগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াৰ পাছতেই সমগ্ৰ দেশতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এতিয়াও এই হত্যাকাণ্ড আৰু ধৰ্ষণৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত হৈ আছে। ইয়াৰ মাজতে মঙলবাৰে এই গোচৰৰ শুনানি অনুষ্ঠিত কৰে উচ্চতম ন্যায়ালয়ে। এই গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা সঞ্জয় ৰয়ক জেৰা কৰি আছে চিবিআইয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...