৭ মে’ত অনুষ্ঠিত হ’ব চিভিল ডিফেন্স মক ড্ৰিল, ১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে দেশত বাজিব যুদ্ধৰ চাইৰেন, একাধিক ৰাজ্যলৈ নিৰ্দেশ কেন্দ্ৰৰ..

১৯৭১ চনৰ পাছত দেশত বাজিব যুদ্ধৰ চাইৰেন । ৭ মে’ বুধবাৰে একাধিক ৰাজ্যত অনুষ্ঠিত হ’ব চিভিল ডিফেন্স মক ড্ৰিল। ৰাজ্যসমূহলৈ নিৰ্দেশ গৃহ বিভাগৰ ।

৭ মেত অনুষ্ঠিত হব চিভিল ডিফেন্স মক ড্ৰিল, ১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে দেশত বাজিব যুদ্ধৰ চাইৰেন, একাধিক ৰাজ্যলৈ নিৰ্দেশ কেন্দ্ৰৰ..

ভাৰতীয় সেনা

Published: 

05 May 2025 22:55 PM

৭ মে’ বুধবাৰে একাধিক ৰাজ্যত অনুষ্ঠিত হ’ব চিভিল ডিফেন্স মক ড্ৰিল। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে একাধিক ৰাজ্যলৈ এই নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰই । কোৱা হৈছে যে, এই অনুশীলন এনেদৰে কৰিব লাগিব যাতে সাধাৰণ মানুহে যিকোনো আক্ৰমণৰ সময়ত নিজৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে।

উল্লেখ্য যে, দেশৰ সকলোফালে ভাৰত-পাকিস্তানৰ যুদ্ধৰ আশংকাই বিৰাজ কৰাৰ সময়তে অহা ৭ মে’ত দেশত অনুষ্ঠিত হ’ব এই চিভিল ডিফেন্স মক ড্ৰিল। ইয়াৰ বাবে গৃহ মন্ত্ৰালয়ে বহু কেইখন ৰাজ্যক নিৰ্দেশ দিছে। গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক ৭ মে’ত ফলপ্ৰসূ অসামৰিক সুৰক্ষাৰ বাবে ম’ক ড্ৰিল অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে ।

১৯৭১ চনৰ পিছত সম্ভৱতঃ এইটোৱেই হ’ব দেশৰ ভিতৰতে প্ৰথম চিভিল মক ড্ৰিল। কাৰণ শেষবাৰৰ বাবে এনে মক ড্ৰিলৰ নিৰ্দেশ দিয়া হৈছিল ১৯৭১ চনত। অৰ্থাৎ ভাৰত-পাকিস্তান যুদ্ধৰ সেই বছৰতে এনে অনুশীলনৰ ব্যৱস্থা কৰা হৈছিল।

ইফালে, বিগত ২৪ ঘন্টাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখনৰ পিছত আনখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে। তেওঁ প্ৰতিৰক্ষা সচিবৰ সৈতেও বাৰ্তালাপ কৰে। আৰু তাৰ পিছত এই মক ড্ৰিলৰ নিৰ্দেশ ৰাজ্যসমূহক দিয়া হৈছে ।

গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক দিয়া নিৰ্দেশনাত কোৱা হৈছে যে, বিমান আক্ৰমণৰ সতৰ্কবাণী চাইৰেন বজাব লাগিব, শত্ৰুৰ আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ অসামৰিক, ছাত্ৰ-ছাত্ৰীক প্ৰতিৰক্ষাৰ দিশৰ প্ৰশিক্ষণ দিয়া, এলেকা খালী কৰাৰ পৰিকল্পনা কৰা আৰু ইয়াৰ আখৰা আৰু লগতে এই সময়ত ক্ৰেচ ব্লেক আউট ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে বৃদ্ধি পাইছে ভাৰত-পাকিস্তানৰ যুদ্ধ আশংকা । সোমবাৰে দিনটোত এই উত্তেজনাকলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰো ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছিল ।

পানীত উতলাই খাওক কেইখিলামান তুলসীৰ পাত, লাভ কৰিব এনে চমৎকাৰী ফল
কেইখিলামান পদূনা পাত গ্ৰীষ্মকালত আপোনাৰ দেহৰ বাবে হ’ব সঞ্জীৱনি সদৃশ, এনে উপকাৰিতাৰ বিষয়ে জানেনে?
লিভাৰৰ সমস্যা হ'লে আপোনাৰ ছালত কেনেধৰণৰ লক্ষণে দেখা দিব ? জানক
মানি প্লাণ্টৰ বাবে পানী নে মাটি বেছি ভাল ? ক'ত ৰখা উচিত ?