অৱশেষত বেলজিয়ামত মেহুল চোকছিক গ্ৰেপ্তাৰ, PNB ত ১৩,৫০০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে…

পাঞ্জাৱ নেচনেল বেংকত ১৩,৫০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত অভিযুক্ত হীৰা ব্যৱসায়ী মেহুল চোকছি । বহুদিনৰ পৰাই পলাতক অৱস্থাত আছিল মেহুল চোকছি। শনিবাৰে বেলজিয়ামত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। শীঘ্ৰে ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব পাৰে চোকছিক।

অৱশেষত বেলজিয়ামত মেহুল চোকছিক গ্ৰেপ্তাৰ, PNB ত ১৩,৫০০ কোটি টকাৰ জালিয়াতিৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে...

মেহুল চোকছি

Published: 

14 Apr 2025 10:36 AM

অৱশেষত গ্ৰেপ্তাৰ হ’ল পলাতক ব্যৱসায়ী মেহুল চোকছিক। পাঞ্জাৱ নেচনেল বেংকত ১৩,৫০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত অভিযুক্ত হীৰা ব্যৱসায়ী মেহুল চোকছি । বহুদিনৰ পৰাই পলাতক অৱস্থাত আছিল মেহুল চোকছি। শনিবাৰে বেলজিয়ামত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। শীঘ্ৰে ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব পাৰে চোকছিক।

সূত্ৰ অনুসৰি, শনিবাৰে বেলজিয়ামৰ পৰা মেহুল চোকছিক গ্ৰেপ্তাৰ কৰা হয়। ৬৫ বছৰীয়া হীৰা ব্যৱসায়ীজন বৰ্তমান বেলজিয়ামৰ কাৰাগাৰত আছে। জানিব পৰা মতে, ২০১৮ আৰু ২০২১ চনত মুম্বাইৰ আদালতে জাৰি কৰা দুটা ৱাৰেণ্টৰ ভিত্তিত চোকছিক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে সূত্ৰ অনুসৰি মেহুল চোকছিয়ে স্বাস্থ্যজনিত কাৰণত জামিনৰ বাবে আৱেদন কৰিব পাৰে।

দুটা তদন্তকাৰী সংস্থা – চিবিআই আৰু ইডিৰ ৱাণ্টেড তালিকাত আছিল মেহুল চোকছি । তেওঁৰ বিৰুদ্ধে পঞ্জাৱ নেচনেল বেংকত ১৩,৫০০ কোটি টকাৰ ঋণৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল । তেওঁৰ ভতিজা নীৰৱ মোডীৰো বিৰুদ্ধেও এই প্ৰৱঞ্চনাৰ অভিযোগ আছে । বৰ্তমান লণ্ডনত আছে নীৰৱ । তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈও অনুৰোধ জনাইছে চৰকাৰে।

মেহুল চোকছি আৰু নীৰৱ মোদীয়ে পঞ্জাব নেচনেল বেংকত ১৩,৫০০ কোটি টকা ঋণ জালিয়াতি কৰে। এই বৃহৎ পৰিমাণৰ ধন তেওঁ মুম্বাইৰ ব্ৰেডী হাউছ শাখাৰ পৰা ভুৱা লেটাৰ অৱ আণ্ডাৰটেকিং আৰু বিদেশী লেটাৰ অৱ ক্ৰেডিট দেখুৱাই ধাৰ লৈছিল। ২০১৮ চনৰ জানুৱাৰী মাহত চোকছি আৰু নীৰৱ মোডীয়ে দেশ এৰি পলায়ন কৰে। কিছু সপ্তাহৰ পিছত দেশৰ দ্বিতীয় বৃহত্তম বেংকৰ এই বৃহৎ আৰ্থিক জালিয়াতি অভিযোগ পোহৰলৈ আহে। এই অভিযোগ উত্থাপন হোৱাৰ পূৰ্বেই দেশ এৰি পলায়ন কৰিছিল দুয়োজনে ।

যোৱা মাহত বেলজিয়ামৰ বৈদেশিক মন্ত্ৰালয়ে কৈছিল যে, মেহুল চোকছি আত্মগোপন কৰি আছে। তেওঁৰ পত্নী প্ৰীতি চোকছি বেলজিয়ামৰ নাগৰিক। সেই উৎসৰ ভিত্তিত চোকছিয়ে বেলজিয়ামত নাগৰিকত্ব লাভৰ চেষ্টা চলাইছিল। মেহুল চোকছিৰ এন্টিগুয়া আৰু বাৰবুডাৰ নাগৰিকত্ব আছে। ২০২১ চনত যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা কৰা হৈছিল তেতিয়া তেওঁ নিৰুদ্দেশ হৈছিল। পিছলৈ দ্বীপ ৰাষ্ট্ৰ ডমিনিকাত তেওঁক সন্ধান পোৱা যায় ।

উল্লেখ্য যে, ২০২৪ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত জনাইছিল যে, মেহুল চোকছিৰ ২২,২৮০ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে আৰু সেই জালিয়াতিৰ ধন আদায়ৰ বাবে বিক্ৰী কৰাৰ প্ৰস্তুতি চলি আছে।

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধি, থ্ৰীডি এয়াৰ চাৰ্ভিলেন্স ৰাডাৰে দিব সুৰক্ষা
ঘটনাৰ বাস্তৱতকৈ বিজেপি নেতাৰ ভাবমূৰ্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া হ’ল: প্ৰধানমন্ত্ৰীক তীব্ৰ কটাক্ষ গৌৰৱ গগৈৰ
সিদ্ধান্ত লোৱাত পলম হ’ল ! প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতৃত্বৰ
বিশিষ্ট কণ্ঠশিল্পী কল্পনা পাটোৱাৰীলৈ বিহাৰ চৰকাৰৰ বিশেষ সন্মান, মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা…
‘মণিপুৰবাসীৰ কাষত মই আছোঁ’: প্ৰধানমন্ত্ৰীয়ে ক’লে আশা আৰু আত্মবিশ্বাসৰ নতুন সূৰুযে টোকৰ মাৰিছে মণিপুৰৰ দুৱাৰত
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!