মৌলানা চাচাৰ কাণ্ড! ৭ বছৰীয়া শিশুক টফি দি মাতি নিলে ঘৰলৈ, তাৰ পাছত…

আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল মৌলানা। আৰক্ষীয়ে জনাই যে, এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও মৌলানাগৰাকীয়ে প্ৰায় ৩গৰাকী কিশোৰীৰ লগত অপকৰ্ম কৰিছে। কিন্তু এইবাৰ তেওঁ হাতে লোটে ধৰা পৰে।

মৌলানা চাচাৰ কাণ্ড! ৭ বছৰীয়া শিশুক টফি দি মাতি নিলে ঘৰলৈ, তাৰ পাছত...

কানপুৰ

Published: 

13 Aug 2024 | 08:31 AM

এটি ৭ বছৰীয়া শিশুক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় মৌলানা মুখতাৰ ওৰফে মৌলানা চাচা। তথ্য অনুসৰি কানপুৰৰ  গৱালটলি থানা এলেকাত বাস কৰা লোকজনত সকলোৱে মৌলানা চাচা বুলি মাতিছিল। তেওঁ দিনত ৫ বাৰকৈ নামাজ পঢ়িছিল। কিন্তু এইগৰাকী মৌলানাৰ বিৰুদ্ধে শিশুক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হয়। তাৰ পাছতে  মৌলানাগৰাকীৰ আত্মীয়ৰ ঘৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

প্ৰায় ২ দিন পূৰ্বৰ পৰা এইগৰাকী মৌলানাৰ ওপৰত একাংশ লোকে চকু ৰাখিছিল। লগতে তেওঁলোকে প্ৰস্তুত কৰা এটা ভিডিঅ’  আৰক্ষীয়ে প্ৰমাণ হিচাপে আদালতত দাখিল কৰে। ভুক্তভোগী পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিএনএছ-৬৩ আৰু পিঅ’চিএছঅ’ৰ ধাৰাত এজাহাৰ পঞ্জীয়ন কৰিছিল।

ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰে সন্ধিয়া সংঘটিত হৈছিল শিশুগৰাকীক ধৰ্ষণৰ চেষ্টাৰ ঘটনা। মৌলানীজনে এটি সাত বছৰীয়া শিশুক চকলেট দিয়াৰ চলেৰে নিজৰ ঘৰলৈ লৈ গৈ আছিল। তেনে অৱস্থাত সন্দেহ প্ৰকাশ কৰি এজন যুৱকে মৌলানাজনৰ পিছ লৈছিল।

ভিডিঅ’টোত দেখা গৈছে যে, মৌলানাগৰাকীয়ে চকলেট দি শিশুটিৰ কাপোৰ খুলি দিছিল। তাৰ পাছত মৌলানাই নিজৰ কাপোৰো খোলে। এই কথাৰ উমান পাই লগে লগে যুৱকজনে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজক মাতি আনে। স্থানীয় ৰাইজ ঘটনা স্থলীত উপস্থিত হৈ দুৱাৰ ভাঙি শিশুটিক উদ্ধাৰ কৰে। ৭০ বছৰীয়া মৌলানাক অসংযত অৱস্থাত দেখি মানুহে তেওঁক মাৰপিট কৰিবলৈ আৰম্ভ কৰে কিন্তু মৌলানাই তেওঁলোকৰ ওচৰত হাত-ভৰি ধৰি ক্ষমা খুজিবলৈ ধৰে। তাৰ মাজতে সুযোগ বুজি মৌলানাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

এই বিষয়টো নিষ্পত্তি কৰিবলৈ মৌলানাই যথেষ্ঠ চেষ্টা কৰিছিল যদিও তেওঁ সফল নহ’ল। বৰ্তমান মৌলানাক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পিছত ডিচিপি কেন্দ্ৰীয় দিনেশ ত্ৰিপাঠীয়ে কয় যে বিএনএছ-৬৩, পিঅ’চিএছঅ’ আৰু অন্যান্য গুৰুতৰ ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিল মৌলানা। আৰক্ষীয়ে জনাই যে, এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও মৌলানাগৰাকীয়ে প্ৰায় ৩গৰাকী কিশোৰীৰ লগত অপকৰ্ম কৰিছে। কিন্তু এইবাৰ তেওঁ হাতে লোটে ধৰা পৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব