ভগৱানৰ নামত ভক্তই দান কৰা ১ কোটি ৯ লাখ লৈ পলায়ন এজনৰ…

মুকুট মুখৰবিন্দ মানসী গংগাৰ ঠিকাদাৰ দীনেশ চন্দ শৰ্মা ওৰফে টিপুই মন্দিৰৰ বেংক একাউণ্টত ধন জমা কৰাৰ পৰিৱৰ্তে ১ কোটিৰো অধিক ধন লৈ পলাই যায়। মন্দিৰৰ সহকাৰী পৰিচালক চন্দ্ৰ বিনোদ কৌশিকে গোৱৰ্ধন থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। 

ভগৱানৰ নামত ভক্তই দান কৰা ১ কোটি ৯ লাখ লৈ পলায়ন এজনৰ...

প্ৰতীকি ফটো

Updated On: 

01 Aug 2024 | 04:04 PM

একাংশৰ কবলৰ পৰা হাত সাৰি নাযায় মন্দিৰৰ দান পাত্ৰও। এনে এক সংঘটিত হ’ল মথুৰাত। উত্তৰ প্ৰদেশৰ মথুৰাৰ মানসী গংগাস্থিত বিখ্যাত মুকুট মুখৰবিন্দ মন্দিৰৰ মেনেজাৰ চন্দ্ৰ বিনোদ কৌশিকে অভিযোগ কৰে যে বৰ্তমান পূজা আগবঢ়োৱাৰ ঠিকা আছিল দীনেশ চন্দ শৰ্মাৰ হাতত। অভিযোগ অনুসৰি সোমবাৰে তেওঁলোকে মন্দিৰৰ বেংক একাউণ্টত ১ কোটি ৯ লাখ ৩৭ হাজাৰ ২০০ টকা  জমা কৰিবলৈ ইউনিয়ন বেংকলৈ গৈছিল। এই বিশাল ধন ৰাশি ভক্তই দান কৰা আছিল।

সেই সময়ত মন্দিৰৰ পৰিচালক আৰু কৰ্মচাৰী বংশীলালও উপস্থিত থাকে। অভিযোগ অনুসৰি মন্দিৰৰ ধন লৈ ঠিকাদাৰ দীনেশ চন্দ শৰ্মা ওৰফে টিপু পলাই যায়। মুকুট মুখৰবিন্দ মানসী গংগাৰ ঠিকাদাৰ দীনেশ চন্দ শৰ্মা ওৰফে টিপুই মন্দিৰৰ বেংক একাউণ্টত ধন জমা কৰাৰ পৰিৱৰ্তে ১ কোটিৰো অধিক ধন লৈ পলাই যায়। মন্দিৰৰ সহকাৰী পৰিচালক চন্দ্ৰ বিনোদ কৌশিকে গোৱৰ্ধন থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

এই খবৰ পোহৰলৈ অহাৰ পাছতেই এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আনহাতে মন্দিৰৰ ধন লৈ পলায়ন কৰা লোকজনৰ সন্ধানো আৰম্ভ কৰিছে আৰক্ষীয়ে। এতিয়ালৈকে লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। এই সন্দৰ্ভত অধিক তথ্য প্ৰদান কৰি এছ পি গ্ৰাম্য ত্ৰিগুণ বিষেনে কয় যে যিয়ে গোবৰ্ধনৰ বিখ্যাত মুখৰবিন্দ গিৰিৰাজ মন্দিৰত সেৱা আগবঢ়াই আছে, তেওঁৱেই মন্দিৰৰ ঠিকা পাইছে। বেংকত জমা দিব লগা ধনৰ পৰিমাণ আছিল প্ৰায় ১ কোটি ৯ লাখ টকা। বাকী লোকসকলে বেংক পাইছিল যদিও অভিযুক্ত আধা বাটৰ পৰা অন্তৰ্ধান হৈছিল । ইয়াৰ পাছতেই বাকীসকলে এজাহাৰ দাখিল কৰিছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...