ঘৰৰ ভিতৰত শুই থাকোতেই মাজনিশা হঠাৎ ঘটিল অঘটন…একেটা পৰিয়ালৰে পাঁচজনে হেৰুৱালে প্ৰাণ

ঘৰৰ ভিতৰত সুখনিদ্ৰাত আছিল এটা পৰিয়াল। কিন্তু শুকুৰবাৰৰ নিশাটো যেন কাল অমানিশা হৈ পৰিল তেওঁলোকৰ বাবে। মাজনিশা সংঘটিত হ'ল এটা অভাৱনীয় ঘটনা। কিবা বুজি উঠাৰ আগতেই প্ৰাণ হেৰুৱালে পাঁচগৰাকীকৈ সদস্যই। চাওক সবিশেষ-

ঘৰৰ ভিতৰত শুই থাকোতেই মাজনিশা হঠাৎ ঘটিল অঘটন...একেটা পৰিয়ালৰে পাঁচজনে হেৰুৱালে প্ৰাণ

বিহাৰত চাঞ্চল্যকৰ ঘটনা

Published: 

15 Nov 2025 | 03:19 PM

গাৰ নোম শিয়ৰি উঠা এক ঘটনা। নিশা শুই থাকোঁতেই নিঃশেষ এটি পৰিলায়ল। পাঁচজনকৈ সদস্যই প্ৰাণ হেৰুৱালে এই ঘটনাত। সংকটজনক অৱস্থাত চিকিৎসাধীন আন ৪ গৰাকী সদস্য। মাজ নিশা পৰিয়ালটোৱে নিদ্ৰামগ্ন হৈ থকা অৱস্থাতেই জুই লাগে তেওঁলোকৰ বাসগৃহত। শ্বৰ্ট চাৰ্কিটৰ ফলতেই ঘৰটোত অগ্নিকাণ্ড সংঘটিত হয়।

বিহাৰৰ মুজফ্ফৰপুৰৰ মতিপুৰৰ ১৩ নং ৱাৰ্ডত সংঘটিত হয় এই ঘটনা। খবৰ অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত এটা ঘৰত জুই লাগে। সেই সময়ত ভিতৰত সকলো শুই আছিল। গাভীৰ নিদ্ৰাত থকা বাবেই ঘৰটোৰ পৰা ওলাই যাবলৈ সক্ষম নহ’ল পৰিয়ালৰ সদস্যসকল। ক্ষন্তেক সময়ৰ ভিতৰতে জুইয়ে গোটেই ঘৰটো আগুৰি ধৰে।

জুইৰ লেলিহান শিখা দেখি স্থানীয় ৰাইজে এলাৰ্ম বজাইছিল। ঘটনাস্থলীত জনসমাগমৰ সৃষ্টি হয়। স্থানীয় লোকে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও, ইমানেই তীব্ৰ আছিল যে নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। লগে লগে আৰক্ষীক খবৰ দিয়া হয়। খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল। যথেষ্ট কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

এই অগ্নিকাণ্ডত ঘৰটোৰ ভিতৰত থকা পাঁচজন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আহতসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে অগ্নিদগ্ধ চাৰিজন লোকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে এছ কে এম চি হাস্পতাললৈ প্ৰেৰণ কৰে। এই দুৰ্ঘটনাত লালন সাহ, তেওঁৰ মাতৃ, পত্নী আৰু দুটি সন্তানৰ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

ডি এছ পি ৱেষ্টাৰ্ণ, সুচিত্ৰা কুমাৰীয়ে কয়, “মতিপুৰত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত পাঁচজন লোকৰ মৃত্যু হৈছে। আন চাৰিজন আহত হৈছে। তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...