হোলীৰ উছাহৰ মাজতে বিধ্বংসী অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, অট্টালিকাৰ ভিতৰত আৱদ্ধ বহু লোক

চৌদিশে ৰঙৰ উৎসৱক লৈ ব্যাপক উছাহ। তাৰ মাজতে সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড।  বিল্ডিঙৰ ষষ্ঠ মহলাত অগ্নিকাণ্ড জীৱন্তে অগ্নিদগ্ধ হৈ ৩ জন লোকৰ।

হোলীৰ উছাহৰ মাজতে বিধ্বংসী অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, অট্টালিকাৰ ভিতৰত আৱদ্ধ বহু লোক

গুজৰাটৰ অট্টালিকাত অগ্নিকাণ্ড

Published: 

14 Mar 2025 14:31 PM

হোলীৰ পবিত্ৰ দিনটোতে পোহৰলৈ আহিছে এক অগ্নিকাণ্ডৰ ঘটনা। গুজৰাটৰ ৰাজকোটৰ ১৫০ ফুট ৰিং ৰোডত অৱস্থিত আছলান্টিনছ বিল্ডিঙত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ড সংঘটিত হয় অট্টালিকাৰ ষষ্ঠ মহলাত। এই ঘটনাত ৩ জন লোক জীৱন্তে অগ্নিদগ্ধ হয়। ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘ টনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে উদ্ধাৰকাৰী দলে। এতিয়াও  অট্টালিকাৰ ভিতৰত আবদ্ধ হৈ আছে বহু লোক।

জানিব পৰা মতে, হঠাতে অট্টালিকাটোৰ ষষ্ঠ আৰু সপ্তম মহলাত জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। মুহূৰ্তৰ ভিতৰতে ধোৱাই ছানি ধৰে অঞ্চলটো। যাৰ ফলত বহু লোক অট্টালিকাটোৰ ভিতৰত আবদ্ধ হৈ পৰে। লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। তীব্ৰ গতিত চলোৱা হয় জুই নিয়ন্ত্ৰণৰ চেষ্টা। এই ঘটনাৰ পিছতে আতংকিত হৈ পৰিছে অট্টালিকাটোত বসবাস কৰা লোকসকল।

৬ খনতকৈও অধিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ চেষ্টা চলাই। অগ্নিনিৰ্বাপক বাহিনীয়ে বহু লোকক নিৰাপদে উলিয়াই আনিছিল যদিও এই ঘটনাত তিনিজন লোকৰ মৃত্যু হয়। ৭ জনতকৈ অধিক লোক এতিয়াও অট্টালিকাটোত আবদ্ধ হৈ আছে। তেওঁলোকক উলিয়াই আনিবলৈ অবিৰতভাৱে চলি আছে উদ্ধাৰ অভিযান।

অগ্নিকাণ্ডৰ ফলত অট্টালিকাটোৰ ওপৰৰ মহলাত থকা ফ্লেটসমূহৰ যথেষ্ট ক্ষতিসাধন হৈছে। এই অট্টালিকাবোৰত কেনেকৈ জুই লাগিল আৰু ইয়াৰ কাৰণ কি? এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য লাভ কৰা  নাই। প্ৰাৰম্ভিক তদন্তত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে জুই লগাৰ সন্দেহ কৰা হয়।  প্ৰকৃত কাৰণ বিচাৰি এতিয়াও অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া।

অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে ছ’চাইটিত বাস কৰা লোকসকলে জুই নুমুৱাবলৈ সাহস সাহস কৰা নাছিল। তাৰ পাছতে প্ৰশাসনৰ লোক উপস্থিত হৈ খবৰ দিয়ে এম্বুলেন্সক। এই অগ্নিকাণ্ডত বহু লোক আহত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। এজন বিষয়াই জনোৱা মতে, মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। ইতিমধ্যে লোকসকলক ছ’চাইটিৰ পৰা বাহিৰলৈ নিয়া হৈছে। অগ্নিকাণ্ড সংঘটিত হোৱা ঠাইৰ ওচৰৰ ফ্লেটত বাস কৰা লোকসকলকো বাহিবলৈ মাতি পঠিওৱা হৈছে। শীঘ্ৰেই নিয়ন্ত্ৰণলৈ আহিব এই জুই।

বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?