গৰিয়াবন্দত নিৰাপত্তা বাহিনীৰ সৰ্ববৃহৎ নক্সাল বিৰোধী অভিযান, নিহত শীৰ্ষ নেতাসহ ২০ নক্সালবাদী

গৰিয়াবন্দ জিলাত যোৱা ৩৬ ঘণ্টা ধৰি চলা নক্সাল বিৰোধী অভিযানত এই পৰ্যন্ত মুঠ ২০ জন নক্সালবাদী নিহত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই অভিযান কালত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

গৰিয়াবন্দত নিৰাপত্তা বাহিনীৰ সৰ্ববৃহৎ নক্সাল বিৰোধী অভিযান, নিহত শীৰ্ষ নেতাসহ ২০ নক্সালবাদী

নিৰপত্তা বাহিনী

Published: 

21 Jan 2025 | 07:35 PM

ছত্তীশগড় আৰু ওড়িশা সীমান্তৰ সমীপৰ গৰিয়াবন্দ জিলাত যোৱা ৩৬ ঘণ্টা ধৰি চলা নক্সাল বিৰোধী অভিযানত এই পৰ্যন্ত মুঠ ২০ জন নক্সালবাদী নিহত হোৱাৰ তথ্য পোহৰলৈ আহিছে। এই অভিযান কালত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । প্ৰকাশিত খবৰ অনুসৰি, নক্সাল বিৰোধী অভিযান কালত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘটিত সংঘৰ্ষত এই নক্সালবাদী কেইটা নিহত হোৱা বুলি জানিব পৰা গৈছে ।

এই সংঘৰ্ষত পিছত চলোৱা তালাচীৰ সময়ত সোমবাৰে দুজন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ হয়, ইয়াৰে এগৰাকী মহিলা। আই জি অমৰেশ মিশ্ৰৰ মতে, আজি সেনাৰ অভিযানত নিহত ২০ জন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সেই স্থানৰ পৰা AK 47, SLR, INSAS কে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। নিৰাপত্তা বাহিনীৰ তালাচী অভিযান এতিয়াও অব্যাহত আছে।

সূত্ৰ অনুসৰি নিহত, নিহত নক্সালবাদীসকলৰ ভিতৰত আছে দুৰ্ধৰ্ষ নক্সালবাদী জয়ৰাম ওৰফে চলপতি । ওড়িশাৰ আঞ্চলিক নক্সালবাদীক নেতৃত্ব দিছিল জয়ৰামে । ইয়াৰ লগতে নক্সালবাদী জয়ৰামৰ ওপৰত ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । মনোজ আৰু গুড্ডু নামৰ আন দুটা দুৰ্ধৰ্ষ নক্সালবাদীও নিহত হোৱা বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, এই এনকাউণ্টাৰৰ সময়ত এজন নিৰাপত্তাৰক্ষীও আহত হয় । নিহত জোৱান জনক চিকিৎসাৰ বাবে বিমানযোগে ৰায়পুৰলৈ লৈ যোৱা হয়। এই যৌথ অভিযানত (ওড়িশা-চত্তীশগড় নিৰাপত্তা বাহিনী) প্ৰায় ১ হাজাৰ সৈন্যই দুয়োখন ৰাজ্যৰ সীমান্তত নক্সালবাদীক ঘেৰি ধৰিছিল।

তথ্য অনুসৰি, ছত্তীশগড় আৰু ওড়িশাৰ নিৰাপত্তাৰক্ষীৰ মুঠ ১০টা দলে নক্সালবাদীৰ বিৰুদ্ধে যৌথ অভিযান চলাই আছে। এই অভিযানৰ সময়ত আৰু অধিক নক্সালবাদীৰ নিহত হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান নিহত নক্সালবাদীসকলক চিনাক্ত কৰা হৈছে।

ওড়িশা আৰু ছত্তীশগড় সীমান্তৰ কুলহাৰীঘাটৰ বনাঞ্চলত বৃহৎ সংখ্যক নক্সালবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল নিৰাপত্তা বাহিনীয়ে । এই তথ্য লাভ কৰাৰ পিছতে ওড়িশা আৰু ছত্তীশগড় আৰক্ষীয়ে মিলি ১৯ জানুৱাৰীত নক্সালবাদীৰ বিৰুদ্ধে যৌথ অভিযান আৰম্ভ কৰে। নক্সালবাদীৰ বিৰুদ্ধে কুলহাৰীঘাট সংৰক্ষিত ঘন বনাঞ্চলত আৰম্ভ কৰা এই অভিযানেই হৈছে নিৰাপত্তা বাহিনীৰ সৰ্ববৃহৎ অভিযান ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...