মাৰুতিৰ বাহন লৈ কেতিয়াও নাযাব এইখন গাঁৱলৈঃ ৰোষত পৰিব পাৰে গাঁওবাসীৰ

বিভিন্ন জাতি-জনগোষ্ঠী, ভাষিক ধৰ্মীয় লোকৰ বাসস্থান ভাৰতত স্থান ভেদে দেখা যায় বিভিন্ন ৰীতি-নীতি তথা পৰম্পৰা। কিন্তু আপুনি জানিলে আচৰিত হ’ব যে আমাৰ দেশৰ এখন গাঁৱত পৰম্পৰা অনুসৰিয়েই মাৰুতি কোম্পানীৰ বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহয়। ইয়াৰ কাৰণ জানিবলৈ পঢ়ক এই লেখা।

মাৰুতিৰ বাহন লৈ কেতিয়াও নাযাব এইখন গাঁৱলৈঃ ৰোষত পৰিব পাৰে গাঁওবাসীৰ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

28 Oct 2024 | 02:01 PM

বৈচিত্ৰৰে ভৰপূৰ দেশ ভাৰত। বিভিন্ন জাতি-জনগোষ্ঠী, ভাষিক ধৰ্মীয় লোকৰ বাসস্থান ভাৰতত স্থান ভেদে দেখা যায় বিভিন্ন ৰীতি-নীতি তথা পৰম্পৰা। সামান্য দূৰত্বৰ ব্যৱধানতো পৃথক পৃথক ৰীতি-নীতি বা পৰম্পৰা সেয়ে ভাৰতত তেনেই এক স্বাভাৱিক দৃশ্য। সাধাৰণতে ধৰ্মৰ প্ৰতি বিশ্বাস ৰখা হিন্দু ধৰ্মীয় লোকসকলে ৰামায়ণৰ চৰিত্ৰ হনুমানক ভগৱান হিচাপে জ্ঞান কৰে আৰু তেওঁৰ পূজা অৰ্চনা কৰে। কিন্তু আপুনি জানেনে যে মহাৰাষ্ট্ৰৰ এখন গাঁৱত ভগৱান হনুমানক নহয়, বৰঞ্চ তেওঁৰ শত্ৰু নিম্বা দৈত্যকহে পূজা কৰা হয়।

আচৰিত যেন লাগিলেও এয়াই সত্য। এই গাঁৱৰ লোকসকলে পৰম্পৰাগতভাৱে এই লোকাচাৰ পালন কৰি আহিছে। পৰম্পৰা অনুসৰিয়েই এই গাঁৱত পূজা কৰা হয় অসুৰৰ। গাঁৱৰ  প্ৰতিটো শিশু নিম্বা অসুৰৰ ভক্ত। এই গাঁওখন মুম্বাইৰ পৰা ৩৫০ কিলোমিটাৰ দূৰত্বৰ আহমেদনগৰত অৱস্থিত। গাওঁখনৰ মানুহে নিম্বা দৈত্যক তেওঁলোকৰ পূৰ্বপুৰুষ হিচাপে গণ্য কৰি আহিছে।

সেয়ে এই গাঁৱত ভগৱান হনুমানৰ নাম লোৱাটোও এক গুৰুতৰ পাপ। গাওঁখনত বাস কৰা লোকসকলে হনুমান, বজৰং বালি, মাৰুতি আদি নাম তীব্ৰ ঘৃণা কৰে। এই গাঁৱৰ মানুহে বিশ্বাস কৰে যে ৰামায়ণ যুদ্ধৰ সময়ত লক্ষ্মণক পুনৰুজ্জীৱিত কৰাৰ বাবে হনুমানে সঞ্জীৱনী ঔষধসহ দাঙি নিয়া পৰ্বতটো তেওঁলোকৰ গাঁৱতেই আছিল। এই কাৰণতে হনুমানৰ প্ৰতি পৰম্পৰাগতভাৱে বিদ্বেষ ভাৱ প্ৰকাশ কৰি আহিছে গাঁওবাসীয়ে।

আনকি এই গাঁৱৰ বাসিন্দাসকলে ৰঙা পতাকাও উত্তোলন কৰিব নোৱাৰে। গাঁওবাসীৰ বিশ্বাস, যি সময়ত ভগৱান হনুমান সঞ্জীৱনী সংগ্ৰহ কৰিবলৈ সেই স্থানলৈ আহিছিল, সেই সময়ত পৰ্বত দেৱতাই সাধনা কৰি আছিল। হনুমানে সঞ্জীৱনী সংগ্ৰহৰ বাবে পৰ্বত দেৱতাৰ পৰা অনুমতিও বিচৰা নাছিল বা তেওঁৰ সাধনা সম্পূৰ্ণ হোৱালৈ অপেক্ষাও কৰা নাছিল। বৰঞ্চ দ্ৰোণগিৰি পৰ্বত কঢ়িয়াই নিয়াৰ সময়ত হনুমানে পৰ্বত দেৱতাৰ সোঁ বাহুও উভালি পেলাইছিল বুলি গাওঁবাসীয়ে বিশ্বাস কৰে।

গাঁওবাসীৰ বিশ্বাস, আজিও পাহাৰৰ পৰা ৰঙা তেজ বৈ আছে। এই কাৰণেই দ্ৰোণগিৰি গাঁৱৰ মানুহে ভগৱান হনুমানক পূজা নকৰে আৰু ৰঙা পতাকাও উত্তোলন নকৰে। এই গাঁৱৰ মানুহে আনকি ভগৱান হনুমানক পূজা কৰা গাঁৱ্লৈ কন্যা সন্তানক বিয়াও নিদিয়ে। লগতে গাঁৱত যিকোনো শুভ কাম কৰাৰ পূৰ্বে নিম্বা দৈত্যক পূজা কৰাৰ লোকাচাৰ পালন কৰিছে গাওঁবাসীয়ে। তদুপৰি গাঁওখনত আছে আন এক আজৱ পৰম্পৰা।

কোনো লোকে এই গাঁৱলৈ যোৱাৰ সময়ত যিকোনো বাহন নিব পাৰিব। কিন্তু মাৰুতি কোম্পানীৰ বাহন কেতিয়াও নিব নোৱাৰিব গাঁৱলৈ। যদি কোনো ব্যক্তিয়ে মাৰুতি বাহন লৈ এই গাঁৱত প্ৰৱেশ কৰে, তেন্তে তেওঁৰ বাহন ধ্বংস পৰ্যন্তও হ’ব পাৰে। ইয়াৰ আঁৰতো আছে ভগৱান হনুমান। ভগৱান হনুমানৰ আন এটা নাম মাৰুতি আৰু এই বাবেই দ্ৰোণগিৰি গাঁৱৰ ৰাইজে মাৰুতি কোম্পানীৰ বাহন গাঁৱত প্ৰৱেশ কৰিবলৈ নিদিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...