শিলেৰে মৰিয়াই প্ৰেমিকক হত্যা বিবাহিত প্ৰেমিকাৰ, তাৰ পিছত আৰক্ষীলৈ ফোন কৰি…

খবৰ অনুসৰি বিবাহক লৈ দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হয়। বিষয়টো ইমানেই তীব্ৰতৰ হৈ পৰিল যে ক্ষোভৰ জুইকুৰাত পূজাই শুই থকা অৱস্থাত মুৰাৰীৰ মূৰত পটাৰ শিলেৰে আঘাত কৰিলে। হত্যাকাণ্ড ইমানেই নিৰ্মম আছিল যে দেৱাল আৰু বিচনাখন তেজেৰে তিতি গৈছিল।

শিলেৰে মৰিয়াই প্ৰেমিকক হত্যা বিবাহিত প্ৰেমিকাৰ, তাৰ পিছত আৰক্ষীলৈ ফোন কৰি...

প্ৰতীকি ফটো

Updated On: 

28 Sep 2025 | 02:18 PM

বিহাৰৰ পাটনাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।  নিজৰ প্ৰেমিকক নিৰ্মমভাৱে হত্যা বিবাহিত প্ৰেয়সীৰ। পটাৰ শিলেৰে মূৰত মৰিয়াই মৰিয়াই হত্যা কৰাৰ পিছত নিজেই আৰক্ষীক ফোন কৰি ঘটনাৰ বিষয়ে অৱগত কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত প্ৰেমিকৰ মৃতদেহৰ কাষত বহি আছিল প্ৰেমিকা। বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰেয়সীক ।

খবৰ অনুসৰি শুকুৰবাৰে মাজনিশা ৰাজধানীৰ কংকৰবাগ থানা এলেকাৰ চিৰাইয়াতান্দ অঞ্চলত এই ভয়ংকৰ কাণ্ড সংঘটিত হয়। জানিব পৰা মতে, গৌৰীচাক নিবাসী পূজা কুমাৰীৰ প্ৰেমৰ সম্পৰ্ক আছিল মকামাৰ নিবাসী মুৰাৰী কুমাৰৰ সৈতে। পূজা কুমাৰী টি পি এছ কলেজৰ সমীপৰ এটা ভাড়াঘৰত বাস কৰিছিল।

বিগত পাঁচ বছৰ ধৰি মুৰাৰীৰ সৈতে পূজাৰ সম্পৰ্ক আছিল। পূজাই কয় যে মুৰাৰীয়ে প্ৰায় চাৰি বছৰ ধৰি বিবাহৰ কথা কৈছিল, কিন্তু প্ৰতিশ্ৰুতি পালন কৰা নাছিল। মুৰাৰী আছিল বেংগালুৰুৰ এজন গাড়ী চালক। কিছুদিন পূৰ্বে পাটনালৈ উভতি আহি পূজাৰ লগত ভাড়াঘৰত থাকিছিল।

খবৰ অনুসৰি বিবাহক লৈ দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হয়। বিষয়টো ইমানেই তীব্ৰতৰ হৈ পৰিল যে ক্ষোভৰ জুইকুৰাত পূজাই শুই থকা অৱস্থাত মুৰাৰীৰ মূৰত পটাৰ শিলেৰে আঘাত কৰিলে। হত্যাকাণ্ড ইমানেই নিৰ্মম আছিল যে দেৱাল আৰু বিচনাখন তেজেৰে তিতি গৈছিল।

জানিব পৰা মতে পূজাৰ ইতিমধ্যে বিয়া হৈছে। স্বামীৰ পৰা বিচ্ছিন্ন হৈ কন্যা আৰু ভতিজীৰ সৈতে এই ঘৰতে বাস কৰিছিল। ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁলোক কাষৰ কোঠাটোত শুই আছিল। মুৰাৰীৰ ভাতৃয়ে কয় যে, পূজাই তেওঁৰ ভাতৃৰ পৰা মাটি আৰু ধন দখল কৰিব বিচাৰিছিল। মুৰাৰীয়ে ভগ্নীৰ পৰা এক লাখ টকা ধাৰ লৈ মাটি ক্ৰয় কৰিবলৈ বিচাৰিছিল। পূজাই বিচাৰিছিল যে সম্পত্তিবোৰ তেওঁৰ নামত পঞ্জীয়ন হওক, কিন্তু মুৰাৰীয়ে সেই কথা নাকচ কৰিছিল।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় কংকৰবাগ থানাৰ আৰক্ষী। এফ এছ এলৰ দলটোৱেও তদন্ত চলায়। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো পৰিয়ালক গতাই দিয়ে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, প্ৰেমিকাক গ্ৰেপ্তাৰ কৰাৰ পিছত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব