আকৌ এনকাউণ্টাৰ! সেনাৰ অভিযানত নিহত মহিলাসহ ৭ নক্সালবাদী
অন্ধ্ৰ প্ৰদেশৰ মাৰেডুমিলি অঞ্চলত একেৰাহে দ্বিতীয় দিনটোত অব্যাহত আছে নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ। আজি এই সংঘৰ্ষ ৭ জন নক্সালবাদীৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলাও আছে।

সেনা
অন্ধ্ৰ প্ৰদেশৰ আল্লুৰী সীতাৰামাৰাজু জিলাৰ মাৰেডুমিলি অঞ্চলত নক্সাল বিৰোধী অভিযানৰ অংশ হিচাপে একেৰাহে দ্বিতীয় দিন নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ অব্যাহত থাকে। বুধবাৰে পুৱা সংঘটিত হোৱা এই এনকাউণ্টাৰত নিহত হয় ৭টাকৈ নক্সালবাদী। ইয়াৰ এদিন পূৰ্বে একেটা অঞ্চলতে নক্সালবাদীৰ শীৰ্ষ সেনাপতি মাদৱী হিদমাকে ধৰি ছয়জন মাওবাদী নিহত হৈছিল।
বুধবাৰে এডিজি (চোৰাংচোৱা) মহেশ চন্দ্ৰ লাদ্ধাই কয় যে, নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। আজি পুৱালৈকে তিনিগৰাকী মহিলা মাওবাদীকে ধৰি ৭গৰাকী নক্সালবাদীক হত্যা কৰা হৈছে।
বিষয়াসকলৰ মতে, বুধবাৰৰ এই এনকাউণ্টাৰটো মঙলবাৰৰ প্ৰথম এনকাউণ্টাৰৰ স্থানৰ পৰা প্ৰায় সাত কিলোমিটাৰ দূৰত সংঘটিত হৈছিল। পুৱা প্ৰায় ৭ বজাত নিৰাপত্তা বাহিনী আৰু লুকাই থকা মাওবাদীৰ মাজত সংঘৰ্ষ হয়। তাৰ পিছত অঞ্চলটোত তীব্ৰতৰ কৰা হয় তালাচী অভিযান।
বিষয়াসকলৰ মতে, বুধবাৰৰ এই এনকাউণ্টাৰটো মঙলবাৰৰ প্ৰথম এনকাউণ্টাৰৰ স্থানৰ পৰা প্ৰায় সাত কিলোমিটাৰ দূৰত সংঘটিত হয়। পুৱা প্ৰায় ৭ বজাৰ পৰা নিৰাপত্তা বাহিনী আৰু লুকাই থকা মাওবাদীৰ মাজত নতুন সংঘৰ্ষ আৰম্ভ হয়, যাৰ ফলত অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ হৈ পৰে। নিহত মাওবাদীসকলৰ ভিতৰত এজন মেতুৰি জোখা ৰাও ওৰফে “টেক শংকৰ” বুলি চিনাক্ত কৰা হৈছে।
অন্ধ্ৰ-ওড়িশা সীমান্ত (AOB) অঞ্চলৰ নক্সালবাদী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সৈতে জড়িত আছিল জোখা ৰাও। তেওঁক কাৰিকৰী অপাৰেচনৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হৈছিল। এজন বিষয়াই কয় যে শংকৰ অস্ত্ৰ নিৰ্মাণ, যোগাযোগ ব্যৱস্থা, কাৰিকৰী নেটৱৰ্ক নিৰ্মাণত পাকৈত আছিল। শ্ৰীকাকুলামৰ বাসিন্দা শংকৰে প্ৰায় ২০ বছৰ ধৰি মাওবাদী নক্সালবাদী গোটৰ অংশ আছিল। চলি থকা নিৰাপত্তা অভিযানৰ বাবে তেওঁৰ কামত বাধা আহি পৰিছিল। শেহতীয়াকৈ দক্ষিণ ভাৰতত সক্ৰিয় হৈ পৰিছিল শংকৰ। তেওঁ সংগঠনটোক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছিল। বিষয়াসকলে জনোৱা মতে, বিগত দুদিন ধৰি নক্সালবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।
মঙলবাৰে নিহত হোৱা ছয়জন মাওবাদীৰ ভিতৰত পিএলজিএ বেটেলিয়ন-১ৰ মুৰব্বী মাদৱী হিদমাৰ মৃত্যুক নিৰাপত্তা সংস্থাই নক্সালবাদী আন্দোলনৰ বিৰুদ্ধে চূড়ান্ত নিৰ্ণায়ক আঘাত বুলি অভিহিত কৰে। বিগত দুটা দশকত কেইবাটাও বৃহৎ আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল হিদমা।
চলি থকা তালাচী অভিযানৰ পোহৰত নিৰাপত্তা বাহিনীয়ে আশংকা প্ৰকাশ কৰিছে যে অঞ্চলটোত আৰু অধিক নক্সালবাদী গোট সক্ৰিয় হ’ব পাৰে। সংস্থাটোৰ কোনো সম্ভাৱ্য পুনৰ্গঠনৰ প্ৰচেষ্টা ৰোধ কৰিবলৈ অনাগত দিনত মাৰেডুমিলি আৰু ইয়াৰ আশে-পাশে এই অভিযান তীব্ৰতৰ কৰা হ’ব বুলি জনাই বিষয়াসকলে।