মূৰৰ দাম আছিল এক কোটি, ঘন জংঘলত এনকাউণ্টাৰত নিহত মাওবাদী কমাণ্ডাৰ হিদমা

অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি জিলা আৰু ছত্তীশগড়ৰ সুকমা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত মাওবাদীক আটক কৰিবলৈ নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল। এই অভিযানৰ সময়ত নক্সালবাদীয়ে জোৱানসকলৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত নিহত হয় মাওবাদী নেতা হিদিমাৰ।

মূৰৰ দাম আছিল এক কোটি, ঘন জংঘলত এনকাউণ্টাৰত নিহত মাওবাদী কমাণ্ডাৰ হিদমা

মাওবাদী নেতা হিদমাৰ মৃত্যু

Updated On: 

19 Nov 2025 | 01:56 PM

২০২৬ চনৰ ভিতৰত দেশৰ পৰা ৰঙা সন্ত্ৰাস নিৰ্মূল কৰাৰ দৃঢ় সংকল্প লৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সেই অনুসৰিয়েই দেশৰ বুকুত সন্ত্ৰাস সৃষ্টি কৰি অহা মাওবাদীৰ নিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। অন্ধ্ৰ প্ৰদেশ-ছত্তীশগড় সীমান্তৰ সমীপৰ এখন অৰণ্যত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ। এই এনকাউণ্টাৰত শীর্ষ নক্সাল নেতা মদৱী হিদমা আৰু তেওঁৰ পত্নী নিহত হয়।

অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি জিলা আৰু ছত্তীশগড়ৰ সুকমা জিলাৰ সীমান্তৱৰ্তী অঞ্চলত মাওবাদীক আটক কৰিবলৈ নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল। এই অভিযানৰ সময়ত নক্সালবাদীয়ে জোৱানসকলৰ ওপৰত গুলীচালনা কৰে।

মাদৱী হিদমাৰ বয়স আছিল ৪৩ বছৰ। বিগত দুটা দশক ধৰি তেওঁ নিৰাপত্তাৰক্ষীৰ বাবে প্ৰত্যাহ্বান হৈ আহিছিল। তেওঁ কেৱল পিএলজিএ (পিপলছ লিবাৰেচন গেৰিলা আৰ্মি)ৰ ১ নং বেটেলিয়নৰ নেতৃত্ব দিয়াই নহয়, চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ আটাইতকৈ কম বয়সীয়া সদস্যও আছিল। তেওঁৰ কৌশলগত চিন্তাধাৰা আৰু জংঘলত গেৰিলা যুদ্ধ চলোৱাৰ ক্ষমতাই তেওঁক সংগঠনটোৰ অন্যতম প্ৰভাৱশালী ব্যক্তিত্ব কৰি তুলিছিল।

তেওঁ আছিল সুকমা আক্ৰমণৰ মাষ্টাৰমাইণ্ড

১৯৮১ চনত ছত্তীশগড়ৰ সুকমা জিলাৰ পূৰ্বৱৰ্তী অঞ্চলত জন্মগ্ৰহণ কৰিছিল হিদমাই। তেওঁ অতি কম বয়সতে মাওবাদী সংগঠনত যোগদান কৰি কমাণ্ডাৰ হয়। ২০১৩ চনত ছত্তীশগড়ত দৰভা উপত্যকাত সংঘটিত হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী আছিল তেওঁ।

২০১৭ চনত সুকমাত চি আৰ পি এফৰ ওপৰত সংঘটিত হোৱা মাৰাত্মক আক্ৰমণত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, য’ত ২৫ জন জোৱান শ্বহীদ হৈছিল। তেওঁ কমেও ২৬টা ডাঙৰ আক্ৰমণৰ পৰিকল্পনা কৰিছিল আৰু কাৰ্যকৰী কৰিছিল। তেওঁৰ মূৰৰ দাম নিৰ্ধাৰণ কৰা হৈছিল ১ কোটি টকা।

২৬টা সশস্ত্ৰ আক্ৰমণত জড়িত থকাৰ অভিযোগ হিদমাৰ বিৰুদ্ধে। আটাইতকৈ ডাঙৰ আক্ৰমণ আছিল ২০১০ চনত দান্তেৱাড়াত। সেই আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ৭৬ জন অৰ্ধসামৰিক বাহিনীৰ জোৱানে। পুনৰ ২০১৩ চনত ছত্তীশগড়ৰ ঝিৰাম ঘাটিত সশস্ত্ৰ আক্ৰমণত ২৭ জন লোকক হত্যা কৰিছিল মাওবাদীয়ে। মৃতসকলৰ ভিতৰত আছিল ছত্তীশগড়ৰ এগৰাকী শীৰ্ষ কংগ্ৰেছ নেতা। ২০২১ চনত সুকমা-বিজাপুৰত সংঘটিত আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ২২ জন নিৰাপত্তাৰক্ষীয়ে। সেই আক্ৰমণৰ মূল অভিযুক্ত আছিল হিদমা।

তেওঁৰ পত্নীও নক্সালৰ কাম-কাজৰ লগত জড়িত আছিল

দীৰ্ঘদিন ধৰি অন্ধ্ৰ প্ৰদেশ আৰক্ষী আৰু বিশেষ বাহিনীয়ে তেওঁৰ কাৰ্যকলাপৰ তথ্য লাভ কৰি আহিছিল। শেহতীয়া এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাৰ ভিত্তিত বনাঞ্চলখন ঘেৰাও কৰি অভিযান আৰম্ভ কৰে। প্ৰতিশোধমূলক গুলীচালনাত নিহত হয় হিদমা আৰু তেওঁৰ পত্নী। তেওঁৰ পত্নীয়েও নক্সালবাদী সংগঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু কেইবাটাও অভিযানত সক্ৰিয় আছিল।

নিৰাপত্তা সংস্থাসমূহৰ মতে হিদমাৰ মৃত্যুৱে মাওবাদী সংগঠনটোৰ ওপৰত এক বৃহৎ আঘাত হানিব। তেওঁ কেৱল এজন মূল কৌশলবিদেই নহয়, দক্ষিণ বাষ্টাৰত সংগঠনটোৰ দখল বজাই ৰখাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ মৃত্যুৰ ফলত মাওবাদী নেটৱৰ্ক দুৰ্বল হৈ পৰিব আৰু বনাঞ্চলত তেওঁলোকৰ কাৰ্যকলাপ ৰোধ কৰাত সহজ হ’ব।

কেন্দ্ৰই ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰতক মাওবাদী মুক্ত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তাবাহিনীয়ে। কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কৈছিল যে বেছিভাগ মাওবাদীয়েই মূলসুঁতিলৈ ঘূৰি আহিছে। বিদ্ৰোহ অব্যাহত ৰখা বহু লোক নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কয় যে দেশৰ মাত্ৰ ১১খন জিলাত এতিয়াও মাওবাদীৰ নিয়ন্ত্ৰণ আছে। মাওবাদীৰ হিংসাত্মক আন্দোলনৰ মেৰুদণ্ড ভাঙি দিয়া হৈছে। এইবাৰ হিদমাৰ মৃত্যুৰ পাছত মাওবাদী আৰু দুৰ্বল হৈ পৰিব বুলি জ্ঞাত মহলে বিশ্বাস কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব