Manipur : জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰৰ পিছতে উত্তপ্ত হৈ পৰিছে ইম্ফল উপত্যকা…

জিৰিবামত তিনি সন্দেহযুক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ইম্ফল উপত্যকাৰ বিভিন্ন প্ৰান্তত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে । উদ্ধাৰ হোৱা এই মৃতদেহ কেইটা যোৱা ১১ নৱেম্বৰ তাৰিখে জিৰিবাম জিলাত সংঘটিত হিংসাত্মক ঘটনাত নিৰুদ্দেশ হোৱা ৬ জন লোকৰ মাজৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

Manipur : জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰৰ পিছতে উত্তপ্ত হৈ পৰিছে ইম্ফল উপত্যকা...

জিৰিবামত তিনিটা মৃতদেহ উদ্ধাৰৰ পিছতে ইম্ফল উপত্যকাত প্ৰতিবাদ

Published: 

16 Nov 2024 13:37 PM

যোৱা শুকুবাৰে জিৰিবাম জিলাত তিনি সন্দেহযুক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ইম্ফল উপত্যকাৰ বিভিন্ন প্ৰান্তত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে । উদ্ধাৰ হোৱা এই মৃতদেহ কেইটা যোৱা ১১ নৱেম্বৰ তাৰিখে জিৰিবাম জিলাত সংঘটিত হিংসাত্মক ঘটনাত নিৰুদ্দেশ হোৱা ৬ জন লোকৰ মাজৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । সূত্ৰৰ খবৰ অনুসৰি, মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে উত্তপ্ত হৈ পৰিছে ইম্ফল উপত্যকা ।

সূত্ৰ খবৰ অনুসৰি, ইম্ফল পশ্চিম জিলাৰ কোৱাকেইথেল, সাগোলবন্দ তেৰা অঞ্চলত শতাধিক মহিলা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীয়ে যান-বাহনৰ চলাচলত বাধা দিয়াৰ লগতে টায়াৰ জ্বলাই মূল পথ অৱৰোধ কৰে বুলিও জানিবলৈ দিছে সূত্ৰটোৱে । ইফালে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ হৈছে যদিও খোৱাৰমবন্দ বজাৰৰ মহিলা বিক্ৰেতাই হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায় ।

উল্লেখ্য যে, অসম-মণিপুৰ সীমান্তৰ জিৰি নদী ওপঙি থকা অৱস্থাত তিনিটা মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ পাছতে অঞ্চলটোত ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বজাৰ বন্ধ হৈ পৰে বুলি জানিব পৰা গৈছে । বিষ্ণুপুৰ জিলাৰ নিংথৌখং আৰু ইম্ফল পূৱ জিলাৰ লামলঙতো স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ খবৰ লাভ কৰা গৈছে । ইতিমধ্যে ৰাজ্য চৰকাৰে শনিবাৰে ইম্ফল উপত্যকাৰ বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে।

মণিপুৰ-অসম সীমান্তৰ জিৰি নদী আৰু বৰাক নদীৰ সংগমস্থলীৰ সমীপত শুকুৰবাৰে নিশা এগৰাকী মহিলা আৰু দুটা শিশুৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহ কেইটা জিৰিবাম জিলাৰ পৰা নিৰুদ্দেশ হোৱা ছয়জন লোকৰ মাজৰে বুলি সন্দেহ কৰা হৈছে । উদ্ধাৰ হোৱা মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে শুকুৰবাৰে নিশা অসমৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় আৰু বৰ্তমান চিকিৎসালয়খনৰ মৰ্গত মৃতদেহ তিনিটা ৰখা হৈছে বুলি জানিব পৰা গৈছে ।

সোমবাৰে জিৰিবাম জিলাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ পিছত সাহায্য শিবিৰত বাস কৰা তিনিগৰাকী মহিলা আৰু তিনিটা শিশু নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰা গৈছিল । আৰক্ষীয়ে জনোৱা মতে নিৰুদ্দেশ হোৱাৰ লোকৰ সন্ধানত অভিযান চলি আছে।

যোৱা বছৰৰ মে’ মাহৰ পৰা ইম্ফল উপত্যকাৰ মেইটেই আৰু কাষৰীয়া পাহাৰীয়া কুকি-জো গোটৰ মাজত হোৱা জাতিগত সংঘৰ্ষত ২০০ৰো অধিক লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। পথাৰত এজন কৃষকৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত জাতিগত হিংসাত্মক পৰিস্থিতিৰ সাক্ষী হৈছিল মণিপুৰ।

লগতে পঢ়ক: Manipur : মণিপুৰৰ জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰ ! মৰণোত্তৰ পৰীক্ষাৰ বাবে কিয় অনা হ’ল শিলচৰ মেডিকেল কলেজলৈ…?

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey