চুবুৰীয়া ৰাষ্ট্ৰৰ অনুপ্ৰৱেশ ৰোধৰ বাবে সস্তম কৰিব লাগিব স্থানীয় লোককো; এন বীৰেণ সিঙৰ পৰামৰ্শ

অবৈধ অনুপ্ৰৱেশকলৈ চিন্তিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং । অসমে যদি বাংলাদেশীৰ অনুপ্ৰৱেশ ৰুধিব নোৱাৰে তেন্তে কি হ'ব ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

চুবুৰীয়া ৰাষ্ট্ৰৰ অনুপ্ৰৱেশ ৰোধৰ বাবে সস্তম কৰিব লাগিব স্থানীয় লোককো; এন বীৰেণ সিঙৰ পৰামৰ্শ

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং

Published: 

24 Jan 2025 | 01:28 PM

চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ঘটা অবৈধ অনুপ্ৰৱেশ উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ লগতে ভাৰতৰ বাবেও এক গুৰুতৰ সমস্যা হৈ থিয় দিছে । চুবুৰীয়া বাংলাদেশ বা ম্যানমাৰৰ পৰা হোৱা অনুপ্ৰৱেশৰ বাবেই কেতবোৰ সমস্যাৰ উদ্ভৱ হোৱা দেখা গৈছে ভাৰতভূমিত । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে বৃহস্পতিবাৰে কয় যে ৰাজ্যখনে ইয়াৰ পূব দিশত ম্যানমাৰৰ পৰা ঘটা অবৈধ অনুপ্ৰৱেশৰ সমস্যাৰ সন্মুখীন হৈছে, লগতে ৰাজ্যখনৰ পশ্চিম আৰু দক্ষিণৰ অঞ্চলসমূহতো চুবুৰীয়া দেশৰ পৰা হোৱা অবৈধ প্ৰৱেশ বন্ধ কৰাৰ বাবে সতৰ্কতা বজাই ৰখা হৈছে ।

মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে অসমৰ সৈতে মণিপুৰৰ আন্তঃৰাজ্যিক সীমান্ত ২০৪ কিলোমিটাৰ আছে । তেওঁ কয় যে ত্ৰিপুৰাৰ লগতে অসমেও বাংলাদেশৰ পৰা ঘটা অনুপ্ৰৱেশৰ সমস্যাৰ সন্মুখীন হৈছে ।

বীৰেণ সিঙে সাংবাদিকৰ আগত কয়, “যদি অসমে বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিব নোৱাৰে, তেন্তে এই প্ৰব্ৰজনকাৰীসকলে মণিপুৰত প্ৰৱেশ কৰিব পাৰে ।”

অসম আৰু ত্ৰিপুৰাৰ বাংলাদেশৰ সৈতে ক্ৰমান্বয়ে 263 কিঃমিঃ আৰু 856 কিঃমিঃ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে । দুয়োখন ৰাজ্যৰ আন্তৰ্জাতিক সীমাৰ বেছিভাগ অংশতেই বেৰা দিয়া হৈছে, কিন্তু কিছুমান অঞ্চল এতিয়াও উন্মুক্ত হৈ আছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিৰাপত্তা বাহিনীৰ উপৰিও স্থানীয় লোকসকলকো সীমান্তৰ সিপাৰৰ পৰা ঘটা অবৈধ অনুপ্ৰৱেশৰ বিষয়ে সতৰ্ক কৰিব লাগিব । ভুল তথ্য প্ৰচাৰ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী প্ৰদান কৰি তেওঁ কয় যে সামাজিক মাধ্যমৰ জৰিয়তে ঘৃণামূলক ভাষণ, মিছা বা মনেসজা তথ্য আৰু কাহিনী প্ৰচাৰ কৰা লোকসকলৰ বিৰুদ্ধে আইন অনুসৰি উপযুক্ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

“সামাজিক মাধ্যমৰ জৰিয়তে ঘৃণামূলক ভাষণ, মিছা আৰু ভুৱা তথ্য প্ৰচাৰ কৰি সমাজ, ব্যক্তি আৰু কোনো পৰিয়ালক বিচলিত কৰাৰ অধিকাৰ কাৰো নাই । ছ’চিয়েল মিডিয়াত দিয়া তেনে কোনো দায়িত্বহীন মন্তব্য আৰু মতামত চৰকাৰে সহ্য নকৰে ।” বীৰেণ সিঙে কয় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...