কোল্ড ড্ৰিংক খোৱাৰ পাছতেই অচেতন! ৫ দিন পাছত নোহোৱা হ’ল ব্যক্তিগত অংগ, যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড…

এক ভয়ংকৰ ঘটনা। ৫ টা দিনৰ ভিতৰতে লিংগ সলনি হ'ল এজন যুৱকৰ! জানিব পৰা মতে, ইয়াৰ পূৰ্বে যুৱকজনক তৃতীয় লিংগৰ লভিনাই কোল্ড ড্ৰিংক খুৱাইছিল, যাৰ পাছত তেওঁ অচেনত হৈ পৰিছিল।

কোল্ড ড্ৰিংক খোৱাৰ পাছতেই অচেতন! ৫ দিন পাছত নোহোৱা হল ব্যক্তিগত অংগ, যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড...

প্ৰতীকী ফটো

Published: 

03 Jul 2025 16:11 PM

তৃতীয় লিংগৰ একাংশ লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এজন বিবাহিত যুৱকে। তেওঁ কয় যে, “মোক কোল ড্ৰিংক খুৱাই অচেতন কৰে, পাছত ব্যক্তিগত অংগ কাটি দিয়ে । ৫ দিন পৰ্যন্ত মই অচেতন হৈ থাকো। যেতিয়া চেতনা আহে তেতিয়া মই হাস্পাতালত আছিলো। তেতিয়া মই গম পাইছিলো যে মোৰ ব্যক্তিগত অংগ কাটি পেলোৱা হৈছে। এতিয়া মোৰ লিংগ সলনি হৈ গ’ল”। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰামপুৰত।

যুৱকজনে জনাই যে, এটা অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ তেওঁ বন্দায়ুলৈ গৈছিল। তেতিয়াই বাটত তেওঁ তৃতীয় লিংগৰ লভিনা আৰু তেওঁৰ বন্ধুক লগ পাইছিল। লভিনাই যুৱকজনক নিজৰ ঘৰলৈ লৈ গৈছিল। লভিনাই তেওঁক শীতল পানীয় খাব দিছিল, কিন্তু তাৰ পাছতে তেওঁ অজ্ঞান হৈ পৰে। বৰ্তমান যুৱকজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা সংকটজনক। এই সমগ্ৰ ঘটনাৰ বিৰুদ্ধে যুৱকজনৰ পত্নীয়ে থানাত এজাহাৰ দাখিল কৰিছে।

পত্নীয়ে কয় যে তেওঁৰ স্বামী এজন কমেডিয়ান আৰু নৃত্যশিল্পী।  তেওঁ লভিনাৰ সৈতে একেটা দলত কাম কৰে। লভিনা আৰু বিকাশ নামৰ দুয়োজনে বিভিন্ন প্ৰলোভন দি যুৱকজনক ঘৰৰ পৰা মাতি লৈ যায়।  পত্নীগৰাকীয়ে কয়, “তাৰ পাছতে লভিনাই মোৰ স্বামীৰ পানীয়ত মাদক পদাৰ্থ মিহলাই অচেতন কৰে। অচেতন অৱস্থাত লভিনা আৰু বিকাশে মোৰ স্বামীৰ লিংগ (gender change surgery) বলপূৰ্বকভাৱে সলনি কৰে”।

পত্নীয়ে জনোৱা মতে, ৫ দিনৰ পিছত স্বামীয়ে চেতনা ঘূৰাই পাই আৰু তেওঁক ফোন কৰি সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। চিকিৎসকে জনোৱা মতে যুৱকজনৰ লিংগ পৰিৱৰ্তনৰ এটা গোচৰ আহিছে । তেওঁৰ পেটত জৰায়ু স্থাপন কৰা হৈছে নে নাই সেয়াও অনুসন্ধানৰ বিষয়। যুৱকজনৰ যাৱতীয় সকলো পৰীক্ষা কৰা হৈছে আৰু ৰিপোৰ্ট অহাৰ পাছতহে বাকী তথ্য পোহৰলৈ আহিব।

আৰক্ষীয়ে জনোৱা মতে,  বৰ্তমান ভুক্তভোগী যুৱকজনক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তদন্তৰ অন্তত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লভিনা আৰু বিকাশক আটক কৰিছে আৰক্ষীয়ে। গতিকে এই ঘটনা কেনেকৈ সংঘটিত হ’ল তাৰ ওপৰত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ তপা মূৰত চুলি গজাবলৈ কোকৰাঝাৰত উপস্থিত পংকজ পাঠক, ক’লে- আকৌ গোৱালপাৰাত কেম্প হ’ব…

ফ্ৰীজৰ পানী লিকৰ সমস্যাই চিন্তিত কৰিছে নেকি? ইয়াৰ কাৰণ আৰু সমাধান কি জানেনে?
পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই
বয়স হোৱাৰ পাছতো ছাল কেনেকৈ ধুনীয়া হৈ থাকিব? জানক উপায়...
বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ জন্মদিন কেতিয়া?