বিয়াৰ বাবে অস্বীকাৰ! যুৱকে লৈ আহিল পেট্ৰ’ল আৰু পাছত এক ভয়ংকৰ কাণ্ড…

দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰিব আপোনাক। কন্যাক বিয়া দিবলৈ অস্বীকাৰ কৰাৰ বাবে এজন যুৱকে মহিলা এগৰাকীক জীৱন্তে জ্বলাই দিয়ে।

বিয়াৰ বাবে অস্বীকাৰ! যুৱকে লৈ আহিল পেট্ৰল আৰু পাছত এক ভয়ংকৰ কাণ্ড...

মহিলাৰ সৈতে ডাঙৰ কাণ্ড

Published: 

25 Dec 2025 | 01:05 PM

আজিৰ সমাজত একাংশ লোকে আনৰ প্ৰাণ লোৱাৰ আগত যেন এবাৰো চিন্তা নকৰে। শেহতীয়াকৈ এগৰাকী মহিলাৰ সৈতে সংঘটিত হোৱা এক কাণ্ডই আচৰিত কৰি তুলিব আপোনাক। এগৰাকী মাতৃয়ে নিজ কন্যাক বিয়া দিবলৈ অস্বীকাৰ কৰাৰ বাবে এজন যুৱকে মহিলাগৰাকীৰ সৈতে নৃশংসকাণ্ড সংঘটিত কৰে। জানিব পৰা মতে, যুৱকজনে মহিলাগৰাকীৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দিয়ে। এই ঘটনা সংঘটিত হৈছে বেংগালুৰুৰ বাসৱেশ্বৰনগৰৰ ভোৱী কলনীত।

প্ৰাপ্ত খবৰ অনুসৰি, মহিলাগৰাকীয়ে নিজ কন্যাক এজন যুৱকৰ সৈতে বিয়া দিবলৈ অস্বীকাৰ কৰিছিল। এই কথাত ক্ষুব্ধ হৈ যুৱকজনে মহিলাগৰাকীৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দিয়ে। গাত জুই লগাৰ পাছত যন্ত্ৰনাত ছটফটাবলৈ আৰম্ভ কৰে মহিলাগৰাকীয়ে। এয়া দেখি সেই স্থানৰ পৰা লগে লগে পলায়ন কৰে অভিযুক্ত যুৱকজন। পাছত মহিলাগৰাকীৰ চিঞৰ শুনি স্থানীয় ৰাইজ সেই স্থানত উপস্থিত হৈ তেওঁৰ হাস্পাতাললৈ লৈ যায়। বৰ্তমান মহিলাগৰাকীৰ অৱস্থা সংকটজনক।

আৰক্ষীৰ মতে, অভিযুক্ত যুৱকজনৰ নাম মুথু।এই কাণ্ড সংঘটিত কৰিয়েই তেওঁ পলায়ন কৰিছে। বৰ্তমান আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান অব্যাহত ৰাখিছে। জানিব পৰা মতে, মুথুয়ে এখন চাহৰ দোকান চলায় আৰু মহিলাগৰাকীয়েও দোকান দিয়ে। মুথু আৰু মহিলাগৰাকীৰ ১৯ বছৰীয়া কন্যাৰ মাজত দীৰ্ঘদিনৰ চিনাকী। মুথুয়ে যুৱতীগৰাকীক বিয়া পাতিব বিচাৰিছিল। কিন্তু বিয়া দিবলৈ অস্বীকাৰ কৰিছিল যুৱতীগৰাকীৰ মাতৃয়ে।

এই কথাত ক্ষুব্ধ হৈ মহিলাগৰাকীক জুই লগাই দিয়ে যুৱকজনে। এই কাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত মুথু। আনহাতে মহিলাগৰাকীৰ অৱস্থা অতি সংকটজনক। পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ এছিয়াৰ ভিতৰত দুৰ্বল ভাৰতীয় টকাৰ মূল্য! কি প্ৰভাৱ পৰিব জনতাৰ ওপৰত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...